“Viscera test” হৈছে শৰীৰৰ আভ্যন্তৰীণ অংগ প্ৰত্যংগৰ পৰীক্ষা কৰাকে বুজায়৷ যিয়ে মৃত্যুৰ কাৰণ নিৰ্ণয় বা বিষপ্ৰয়োদৰ ঘটনা ঘটিছে নেকি সেয়া নিৰ্ধাৰণৰ এক ৰাসায়নিক বিশ্লেষণ প্ৰক্ৰিয়া৷ এই পৰীক্ষায় প্ৰধানকৈ মানুহৰ বুকু আৰু পেটৰ ভিতৰৰ অংগ যেনে হৃদপিণ্ড, হাওঁফাওঁ, যকৃৎ, পাকস্থলী আৰু অন্ত্ৰ পৰীক্ষা কৰা হয়৷
কিয় ভিছেৰা পৰীক্ষা কৰা হয়?
মৃত্যুৰ কাৰণ নিৰ্ণয়
বিশেষকৈ যেতিয়া মৃত্যুৰ কাৰণক লৈ সন্দেহ থাকে যেনে বিষক্ৰিয়া বা অন্য কোনো অস্বাভাৱিক কাৰণত মৃত্যু হলে ভিছেৰা ৰিপৰ্টৰ মাধ্যমেৰে তাৰ কাৰণ বিস্তাৰিতভাৱে জনা যায়৷
বিষক্ৰিয়াৰ প্ৰমাণ
কোনো ব্যক্তিয়ে বিষক্ৰিয়াৰ চিকাৰ হৈ মৃত্যুৰ মুখত পৰিছে নেকি সেই তথ্য ভিছেৰা ৰিপৰ্টৰ মাধ্যমেৰেই জানিব পাৰি৷
আইনী তদন্ত
অপৰাধমূলক ঘটনা বা সন্দেহজনক মৃত্যুৰ ক্ষেত্ৰত ভিছেৰা ৰিপৰ্ট ফৰেনছিক বা আইনী তদন্তৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হয়৷
কেনেকৈ ভিছেৰা পৰীক্ষা কৰা হয়?
পোষ্টমৰ্টেমঃ ভিছেৰা পৰীক্ষা সাধাৰণতে পোষ্টমৰ্টেম প্ৰক্ৰিয়াৰ এক অংশ৷
সংৰক্ষমঃ মৃতদেহৰ পৰা কিছু অংগ-প্ৰত্যংগ যেনে যকৃৎ, পাকস্থলী আৰু কিছু তৰল ৰাসায়নিক বিশ্লেষণৰ বাবে সংৰক্ষণ কৰা হয়৷
বিশ্লেষণঃ ইয়াৰ পাছতেই লেবৰটৰিত এইসমূহ নমুনা পৰীক্ষা কৰি দেখা যায় যে কোনো অস্বাভাৱিক ৰাসায়নিক বা বিষাক্ত পদাৰ্থৰ উপস্থিতি আছে নেকি৷
সংক্ষেপত ভিছেৰা টেষ্ট এক ৰাসায়নিক প্ৰক্ৰিয়া যাৰ মাধ্যমেৰে দেহৰ আভ্যন্তৰীণ অংগ প্ৰত্যংগৰ নমুনা পৰীক্ষা কৰি মৃত্যুৰ কাৰণ, বিশেষকৈ বিষক্ৰিয়া নিৰ্ণয় কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ