COVIDৰ সৈতে মিল থকা কি এই HMPV, কিয় ভয় কৰিব লগা কাৰণ এই ভাইৰাচ বিধত
চীনত বৰ্তমানে বহু লোক সংক্ৰমিত হোৱা নতুন ভাইৰাচৰ বাবে প্ৰদেশ খনৰ বহু ঠাইট এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে। সেই ভাইৰাছ বিধক লৈ সমগ্ৰ বিশ্বই শংকা প্ৰকাশ কৰি আছিল যাতে অন্য দেশ বোৰলৈ এই নতুন ভাইৰছ বিয়পি নপৰে।
পাছে আজি ভাৰতত ধৰা পৰে এই ভাইৰাছৰ প্ৰথমটো কেছ। এটি ৮ মহীয়া শিশুৰ দেহত ধৰা পৰে হিউমেন মেটা নিউম’ ভাইৰাছ তথা HMPV .
এতিয়া মালয়েছিয়া আৰু হংকঙতো এই ভাইৰাছৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। বিশেষ কথাটো এই নতুন ভাইৰাছে Coronaতকৈ অধিক ধ্বংসলীলা কৰিব পাৰে নেকি? বিশেষ কথাটো হ’ল এতিয়ালৈকে সমগ্ৰ বিষয়টোত বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা প্ৰায় মৌনতা অৱলম্বন কৰা দেখা গৈছে।
পাছে কি এই ভাইৰাছ- হিউমেন মেটা নিউমো ভাইৰাছ (HMPV), হৈছে শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছ যিয়ে ফ্লুৰ দৰে লক্ষণৰ সৃষ্টি কৰে। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ হয়। সাধাৰণতে শীতকাল আৰু বসন্তৰ আৰম্ভণিতে দেখা দিয়া ঋতুভিত্তিক ৰোগ, শ্বাস-প্ৰশ্বাসজনিত চিনচিটিয়াল ভাইৰাছ (RSV) আৰু ফ্লুৰ দৰেই। যদিও এই ভাইৰাছ ক’ভিড-১৯ৰ সৈতে মিল আছে, বিশেষজ্ঞসকলে স্পষ্ট কৰি দিছে যে ই ভাৰতৰ বাবে কোনো তাৎক্ষণিক ভাবুকিৰ সৃষ্টি নকৰে।
অৱশ্যে এই এইচ এম পি ভি নতুনকৈ আৱিষ্কাৰ হোৱা ভাইৰাছ নহয়। চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (চিডিচি)ৰ মতে ২০০১ চনত ইয়াক প্ৰথম আৱিষ্কাৰ কৰা হৈছিল।
এইচ এম পি ভিৰ লক্ষণসমূহ কি কি- সৰু ল’ৰা-ছোৱালী, বৃদ্ধ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোক এইচ এম পি ভি ভাইৰাছৰ দ্বাৰা অধিক আক্ৰান্ত হয়। এইচ এম পি ভিৰ সৈতে জড়িত সাধাৰণ লক্ষণসমূহ হ’ল কাহ, জ্বৰ, নাক বন্ধ হোৱা, আৰু উশাহ লোৱাত অসুবিধা। শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ জৰিয়তে দুজন মানুহৰ মাজত এইচ এম পি ভি বিয়পিব পাৰে। মানুহৰ সংস্পৰ্শৰ দ্বাৰাও বিয়পিব পাৰে। এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ মাস্ক পৰিধান কৰা, সঘনাই হাত ধোৱা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ