মহিলাৰ দৰেই পুৰুষৰো শৰীৰত বয়সৰ সৈতে নানান সমস্যা আহে৷ চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াৰ নাম এণ্ড্ৰোপজ৷ মহিলাৰ ক্ষেত্ৰত যেনেকৈ মেনোপজ হয় তেনেকৈয়ে পুৰুষৰো এণ্ড্ৰোপজ হয়৷ বয়স বৃদ্ধিৰ সৈতে হৰমনৰ পৰিবৰ্তন আৰু তাৰ প্ৰভাৱ যে কেৱল মহিলাই উপলব্ধি কৰিব পাৰে তেনে নহয়৷ পুৰুষৰ শৰীৰতো একেই বিষয় দেখা যায়৷ এয়া স্বাভাৱিক অনুভূতি মুঠেও নহয়৷
এণ্ড্ৰোপজ প্ৰকৃততে কি?
পুৰুষৰ ক্ষেত্ৰত এই ধৰণৰ সমস্যাই কেতিয়া দেখা দিয়ে৷ মহিলাৰ দৰে পুৰুষৰো মুড ছুইং হয় নেকি? এই সমস্যা হ’লে কৰণীয় কি থাকে৷ এই সমস্ত বিষয়ক লৈ INASত নিউ দিল্লীৰ কে বিৰলা হাস্পতালৰ ইউৰলজি বিভাগৰ ডাইৰেক্টৰ ডক্টৰ সমীৰ খান্নাৰ এক সাক্ষাৎকাৰ প্ৰকাশ পাইছে৷
চিকিৎসক খান্নাৰ মতে এণ্ড্ৰোপজ যাক সাধাৰণ মানুহে প্ৰায়েই পুৰুষৰ মেনোপজ বুলি কয়৷ মহিলাতকৈ এই প্ৰক্ৰিয়াটো বেলেগ হয়৷ যিহেতু পুৰুষ আৰু মহিলা জৈৱিকভাৱেও বহু পৃথক৷ এণ্ডোপজ সহজ অৰ্থত বয়সৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ মাত্ৰা ধীৰে ধীৰে কমি যোৱাকে বুজাই৷ যি সাধাৰণতে ৫০ বছৰ বয়স পাৰ হোৱাৰ পাছতেই টেষ্টোষ্টেৰণ হৰমণৰ মাত্ৰা ধীৰে ধীৰে কমি যোৱাক বুজাই৷
ডাক্টৰ খান্নাই আৰু জনাইছে যে পুৰুষৰ ক্ষেত্ৰত এণ্ড্ৰোপজত পুৰুষৰ প্ৰজনন ক্ষমতাৰ ওপৰত প্ৰভাৱ নপৰে৷ মহিলাসকলৰ ক্ষেত্ৰত মেনোপজে স্পষ্টভাৱে মহিলাৰ উৰ্বৰতা বা প্ৰজনন ক্ষমতাৰ সমাপ্তি চিহ্নিত কৰে৷ কিন্তু এই ঘটনাৰ বিপৰীত কেতিয়াও এণ্ড্ৰোপজ নহয়৷ এণ্ড্ৰোপজৰ সময়ত পুৰুষৰ ক্ষেত্ৰত ক্লান্তি, কামশক্তি কমি যোৱা, মুড ছুইংছ, পেশীৰ ভৰ হ্ৰাস পোৱা, ফেট বৃদ্ধি এইসমূহ উপসৰ্গ বা লক্ষণে দেখা দিয়ে৷ সাধাৰণতে এই সমস্ত পৰিবৰ্তন টেষ্টোষ্টেৰন হৰমণৰ স্তৰ ক্ৰমশ কমি যোৱাৰ সৈতে সংযুক্ত৷ ষ্ট্ৰেছ, দীৰ্ঘকালীন কোনো অসুখ কিংবা দৈনন্দিন জীৱনশৈলীৰ বিভিন্ন অভ্যাসৰ কাৰণে বৃদ্ধি পাব পাৰে৷
এণ্ড্ৰোপজ হ’লে ভয়ৰ কোনো কাৰণ আছে নেকি?
এই প্ৰশ্নৰ উত্তৰো দিছে ডাক্তৰ খান্নাই৷ পুৰুষৰ এণ্ড্ৰোপজ সম্পৰ্কে সচেতন হোৱা উচিত যদিও ইয়াৰ বাবে বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই৷ এণ্ড্ৰোপজ বাৰ্ধক্যৰ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া৷ বেছিভাগ লোকেই কেৱল হাল্কা লক্ষণসমূহ অনুভৱ কৰে৷ যিসকলৰ সমস্যা গুৰুতৰ তেওঁলোকে এজন বিশেষজ্ঞৰ সৈতে পৰামৰ্শ কৰা উচিত৷ তেজ পৰীক্ষাৰ মাধ্যমেৰে টেষ্টোষ্টেৰণৰ স্তৰ বুজা সম্ভৱ৷ যদি দেখা যায় এই হৰমণ অস্বাভাৱিক হাৰত কমি গৈছে তেতিয়া টেষ্টোষ্টেৰণ ৰিপ্লেছমেণ্ট থেৰাপি এটা বিকল্প হ’ব পাৰে৷ কিন্তু বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে কোনোধৰণৰ চিকিৎসা নিজাকৈ নকৰিব৷ প্ৰতিদিনে ব্যায়াম কৰিলে, সুষম আহাৰ গ্ৰহণ কৰিলে, পৰ্যাপ্ত টোপনি হ’লে , ষ্ট্ৰেছ মেনেজমেণ্টৰ মাধ্যমেৰে আৰু ধূমপান অতিৰিক্ত মদ্যপানৰ অভ্যাস এৰাই চলিলে এণ্ড্ৰোপজৰ প্ৰভাৱ প্ৰতিৰোধ কৰিব পাৰি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ