ৰিং ৰোড কি, কেতিয়া মুকলি হব চান্দমাৰি আৰু যোৰহাট ফ্লাই অভাৰ সকলো সদৰি মুখ্যমন্ত্ৰীৰ
শুকুৰবাৰৰ কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সেই বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে লাইভ আহি কসলো সুখবৰ ৰাইজৰ বাবে সদৰি কৰে। সদৰি কৰা অনুসৰি গুৱাহাটীত নিৰ্মাণ হ’ব ৰিং ৰোড। এই ৰিং ৰোডৰ বাবে ইতিমধ্যে অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে।
কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নীতিন গাডকাৰীয়ে এই মেগা প্ৰকল্পৰ বাবে ৫৭২৯ কোটি টকাৰ অনুমোদন জনাইছে। এই প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰৰ ৫৭২৯ কোটি লগতে ৰাজ্য চৰকাৰে ১০০০ কোটি টকা খৰচ কৰিব।
এই ৰিং ৰোড হব দক্ষিণ পূৰ এছিয়াৰ গেটৱে। ১২১ কিলোমিটাৰ দৈৰ্ঘৰ এই ৰিং ৰোড চিনিটা খণ্ডত নিৰ্মাণ কৰা হব। উত্তৰ গুৱাহাটী বাইপাছ ৫৫.৫৮ কিলোমিটাৰ, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰি ৬ লেন যুক্ত নিৰ্মাণ আৰু ২৭ নে ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমানৰ বাইপাছৰ উন্নতি কৰি ৫৮ কিলোমিটাৰৰ সৈতে সংযুক্ত হব এই ৰিং ৰোড।
ইয়াৰ পাছতে ৰাজ্যত নিৰ্মাণ হব আৰু দুটা প্ৰকল্প। এটা কাজিৰঙাৰ ওপৰত নিৰ্মাণ হব ৩২ কিলোমিটাৰ এলিভেটেড কৰিডৰ। আনটো গোলাঘাট-গহপুৰৰ মাজত এটা সুৰংগৰে অহা যোৱা কৰিব পৰা পথ নিৰ্মাণ হব।
আজিৰ দিনটোও ৰাজ্যৰ বাবে বিশেষ। ২৭ হাজাৰ কোটি টাকেৰ নিৰ্মাণ কাম আৰম্ভ হব ছেমি কন্ডাক্ট প্ৰকল্প। আজি ভুমি পূঁজনেৰে আৰম্ভ হব এই প্ৰকল্পৰ। টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰ চেখৰে আৰম্ভ কৰি এই কাৰ্যৰ। অহা ১৮ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হব এই প্ৰকল্পৰ।
আনহাতে বহু দিনৰে পৰা ৰাইজৰ মাজত উত্থাপন হৈ থকা প্ৰশ্ন, কেতিয়া সম্পূৰ্ণ হব চান্দমাৰি অভাৰ ব্ৰীজ। সেই সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। লাইভ ভিডিঅত সদৰি কৰা অনুসৰি, অহা বৰ্ষ ২০২৫ চনৰ বহাগ বিহুৰ সময়ত সম্পূৰ্ণ কৰা হব নুনমাটিৰ পৰা চান্দমাৰিলৈ অভাৰ ব্ৰীজ অংশ। যি অভাৰ ব্ৰীজে চান্দমাৰীৰ পৰা তিনিআলিলৈ আহ- যাহ কৰিব পৰা যাব। আনহাতে চান্দমাৰিৰ বাকি অংশ ২০২৬ৰ বহাৰ বিহুৰ আগে আগে সম্পূৰ্ণ হব। এই অংশ হব চান্দামাৰিৰ পৰা দীঘলি পুখুৰী অংশ।
ইয়াৰ উপৰিও বহু দিনৰে পৰা কাম চলি থকা যোৰহাট চিকিত্সা মহাবিদ্যালয়ৰ সমুখত থকা ফ্লাইঅভাৰৰো নিৰ্মাণ চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ কৰাৰ কথা আছিল, পাছে সেই কাম সময়ত হৈ নুঠে। কিন্তু এতিয়া সেই ফ্লাইঅভাৰ চলিত বৰ্ষৰ দূৰ্গা পূজাৰ মহা পঞ্চমীৰ দিনা সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ