অসম লাইভ২৪ঃ দিল্লীৰ আৱকাৰী গোচৰত অৰবিন্দ কেজৰীৱালক ১৪ দিনৰ কাৰাদণ্ড বিহিছে ৰাউছ এভিনিউ আদালতে। আগন্তুক ১৫ এপ্ৰিল পৰ্যন্ত তিহাৰ জে’ল দিল্লীৰ মুখ্যমন্ত্ৰীৰ ঠিকনা। কাৰাবন্দী অৱস্থাত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে দৈনিক কি কৰিব কেনেকৈ থাকিব সেই বিষয়টোক লৈয়ো সৃষ্টি হৈছে কৌতুহলৰ। এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি তিহাৰৰ দুই নম্বৰ ছেলত থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কেজৰিৱালৰ ছেলৰ নিচেই কাষত অৰ্থাৎ ১নম্বৰ ছেলত আছে তেওঁৰ মন্ত্ৰীসভাৰ সদস্য তথা পুৰণি বন্ধু মণীশ ছিছোডিয়া। আৱকাৰী গোচৰতেই মণীশক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰোপৰি দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন আছে ৭নম্বৰ ছেলত। কাষৰ ৫নম্বৰ ছেলত আছে আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং। অন্যহাতে ভাৰত ৰাষ্ট্ৰীয় সমিতিৰ (BRS)নেত্ৰী তথা তেলেঙ্গানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতা আছে তিহাৰৰ মহিলা বিভাগৰ ৬নম্বৰ ছেলত।
তিহাৰৰ অন্য কয়দীৰ বাবে থকা সকলোবোৰ নিয়মেই পালন কৰিব লাগিব মুখ্যমন্ত্ৰী কেজৰীৱালেও। তিহাৰৰ অন্যান্য বন্দীৰ দৰেই পুৱ ৬বজাত টোপনিৰ পৰা উঠিব লাগিব কেজৰী। পুৱাই দিয়া হ’ব একাপ চাহ আৰু কেই টুকুৰামান পাউৰুটি। তাৰপাছতেই তেওঁ গা ধুৱ পাৰিব। গা ধোৱাৰ পাছত কেজৰীৱালে তেওঁৰ অধিবক্তাৰ সৈতে বাৰ্তালাপৰ বাবে দুঘণ্টা সময় পাব। আৰু যদি আদালতলৈ যোৱাৰ প্ৰয়োজন থাকে তেন্তে যাবও পাৰিব।
পুৱা ১০ৰ পৰা ১১ বজাৰ ভিতৰত দুপৰীয়াৰ আহাৰ দিয়া হ’ব কেজৰীক। দুপৰীয়া আহাৰৰ মেনুত থাকিব ৫খন ৰুটি নতুবা ভাত, এবিধ পাচলি আৰু দাইল। নিশাৰ খাদ্যৰ মেনুতো খাদ্য একেই থাকিব। দুপৰীয়া খাদ্য খোৱাৰ পাছত তেওঁক নিজৰ ছেলত বন্দি কৰি ৰখা হ’ব। দুপৰীয়া ৩বজালৈকে তেঁওক বন্দী কৰি ৰখা হ’ব ছেলত। ৩বাজি ৩০ মিনিটৰ পাছত একাপ চাহ আৰু দুখন বিস্কুট খাবলৈ দিয়া হ’ব কেজৰিৱালক। বিয়লি ৪ বজাত তেওঁ ইচ্ছা কৰিলে পুনৰ তেওঁৰ অধিবক্তাক লগ কৰিব পাৰিব। বিয়লি ৫ বজাতেই নিশাৰ আহাৰ দিয়া হ’ব কেজৰীক। সন্ধ্যা ৭ বজাত নিজৰ ছেলত সোমাব লাগিব কেজৰী। পিছদিনা পুৱালৈকে সেই ছেলতেই তেওঁ বন্দী হৈ থাকিব লাগিব।
অন্যান্য কাৰাবন্দীয়ে পোৱা সকলো সুযোগ-সুবিধাই তেওঁ লাভ কৰিব। তেওঁৰ ক্ষেত্ৰতো অন্য কয়দীৰ বাবে থকা নিষেধাজ্ঞাসমূহ লাঘূ হ’ব। অৱশ্যে তেওঁ কিছু উপৰোক্ত সুবিধাও লাভ কৰিব। যেনে ধৰক তেওঁৰ ছেলত টিভিৰ ব্যৱস্থা থাকিব। সংবাদ, বিনোদন আৰু খেলাধূলাসহ ১৮-২০টা চেনেল চাবলৈ অনুমতি দিয়া হৈছে কেজৰীৱালক। ইয়াৰোপৰি তেওঁৰ শাৰীৰিক পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ তাত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰো ব্যৱস্থা থাকিব। বন্দী অৱস্থাত তেওঁৰ নিয়মিত স্বাস্থ্য পৰীক্ষাও কৰা হ’ব।
অসুস্থতাৰ কাৰণ দেখুৱাই আদালতে কেজৰীৱালৰ বাবে বিশেষ খাদ্য তালিকাৰো ব্যৱস্থা কৰাৰ অনুমতি দিছে। ইয়াৰোপৰি তেওঁৰ ছেলত তিনিখন গ্ৰন্থ লগত ৰাখিবলৈ অনুমতি বিচাৰি আবেদনো জনোৱা হৈছে। সেই তিনিখন গ্ৰন্থ হৈছে ভাগৱত গীতা, ৰামায়ণ আৰু সাংবাদিক নীৰজা চৌধুৰীৰ প্ৰধানমন্ত্ৰী সংক্ৰান্তীয় গ্ৰন্থ তেওঁ লগত ৰখাৰ অনুমতি বিচাৰি আৱেদন কৰিছে। ইফালে কাৰাগাৰত থাকোতে তেওঁ কাৰোবাক লগ কৰিব পাৰিবনে সেই কথাহে এতিয়াও স্পষ্ট নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ