হাতত আৰু বেছি সময় নাই৷ আগন্তুক ২৬ জুলাই ২০২৪লৈকে পেৰিছ অলিম্পিক্সৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হ’ব৷ এই টুৰ্নামেণ্টত পদক জয়ৰ বাবে সমগ্ৰ বিশ্বৰ এথলিটসকলে এতিয়া শেষ মুহূৰ্তৰ প্ৰস্তুতি চলাইছে৷ প্ৰত্যেক খেলুৱৈয়ে অলিম্পিকত এটা সোনৰ পদক জয়ৰ সপোন দেখে৷ এই পদকৰ সৈতে জড়িত হৈ থাকে একোজন খেলুৱৈৰ অদেখা আৱেগ৷ কিন্তু জানেনে এই যে অলিম্পিক্সৰ টুৰ্নামেণ্টত এথলিটসকলৰ ডিঙিত সোনৰ পদক পিন্ধাই দিয়া হয় সেই পদকেই লাভ কৰে নে লগত থাকে অইন কিবা পুৰস্কাৰো? যি সোণৰ পদক ডিঙিত পিন্ধাই দিয়া হয় সেই সোণৰ পদকৰ দাম ভাৰতীয় মুদ্ৰাত কিমান? এটা পদকত মুঠ কিমান গ্ৰাম সোণ থাকে?
এইবাৰ অলিম্পিকত ভাগ ল’বলৈ ভাৰতৰ পৰা মুঠ ১১৭গৰাকী প্ৰতিযোগীয়ে ভাগ ল’বলৈ পেৰিছলৈ যাত্ৰা কৰিছে৷ ২০২০ ত আয়োজিত টকিঅ’ অলিম্পিকত ভাৰতে আঁজুৰি আনিছিল সৰ্বাধিক ৭টা পদক৷ ইয়াৰ মাজতে ভাৰতৰ হৈ এটা সোনৰ পদক লাভ কৰিছিল জেভলিন থ্ৰোয়াৰ নীৰজ চোপ্ৰাই৷ কিন্তু এইবাৰ অলিম্পিক টুৰ্নামেণ্টত টিম ইণ্ডিয়াৰ পুৰস্কাৰ জয়ী খেলুৱৈৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশা কৰিছে ক্ৰীড়াপ্ৰেমী বহুজনেই৷
ইয়াৰমাজতেই সোণৰ পদকক লৈ চলিছে চৰ্চা৷ অলিম্পিকত দিয়া একোটা সোণৰ পদকৰ দাম ভাৰতীয় মুদ্ৰাত কিমান হ’ব? এইখিনিতে জানি থোৱা ভাল যে ২০২২ চনত আন্তৰ্জাতিক অলিম্পিক কমিটিৰ পৰা এক প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল৷ তাত লিখ অনুসৰি এটা সোণৰ পদকত থকা সোণৰ পৰিমাণ হৈছে প্ৰায় ৬গ্ৰাম৷ বাকী ৯২.৫ শতাংশ ৰূপ থাকে এই পদকত৷ এই পদকৰ ওজন প্ৰায় ৫৫৬গ্ৰাম৷ আৰু এটা সোণৰ পদক তৈয়াৰ কৰিবলৈ ৮০০ ডলাৰ খৰচ হয়৷ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত সেই টকাৰ অংক হৈছে ৬৬ হাজাৰ ৯৬৭ টকা৷
ইয়াৰ পূৰ্বে ছবিখন পৃথক আছিল৷ ১৯১২ চনলৈকে অলিম্পিকত দিয়া সোণৰ পদকত কেৱল সোণেই ব্যৱহাৰ কৰা হৈছিল৷ ১৯০৪ চনত আয়োজিত ছেণ্ট লুইছ অলিম্পিকত বিজয়ীসকলৰ হাতত একোটা সোণৰ ট্ৰফীও দিয়া হৈছিল৷ কিন্তু আন্তৰ্জাতিক মূল্যবৃদ্ধিৰ কাৰণে বৰ্তমান বাধ্য হৈ অলিম্পিকত সোণৰ পদকৰ পৰা সোণৰ পৰিমাণ কমাই দিয়া হৈছে৷ ৰূপৰ পদকত অৱশ্যে ৰূপেই ব্যৱহাৰ কৰা হয়৷ ৰূপৰ পদকৰ ওজন প্ৰায় ৫৫০ গ্ৰাম থাকে৷ এই পদক তৈয়াৰৰ বাবে খৰচ হয় ৩৭ হাজাৰ ৬৬৯ টকা৷ অন্যহাতে ব্ৰঞ্জৰ পদক ৯৫ শতাংশ তাম আৰু ৫শতাংশ দস্তাৰে তৈয়াৰ কৰা হয়৷ ইয়াৰ দাম ভাৰতীয় মুদ্ৰাত ৪১৮টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ