• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মলমূত্ৰ ত্যাগ কৰিবলৈকে লাগে ৪৫ মিনিট! চন্দ্ৰলৈ যাওঁতে কি কি সমস্যাৰ সন্মুখীন হৈছিল নীল আৰ্মষ্ট্ৰং?

মলমূত্ৰ ত্যাগ কৰিবলৈকে লাগে ৪৫ মিনিট! চন্দ্ৰলৈ যাওঁতে কি কি সমস্যাৰ সন্মুখীন হৈছিল নীল আৰ্মষ্ট্ৰং?

3 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

4 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

5 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

6 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

7 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

7 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

8 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

9 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

10 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

10 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

11 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মলমূত্ৰ ত্যাগ কৰিবলৈকে লাগে ৪৫ মিনিট! চন্দ্ৰলৈ যাওঁতে কি কি সমস্যাৰ সন্মুখীন হৈছিল নীল আৰ্মষ্ট্ৰং?

editor by editor
August 25, 2023
in বিশ্ব, ভাৰত, লেখা
0
মলমূত্ৰ ত্যাগ কৰিবলৈকে লাগে ৪৫ মিনিট! চন্দ্ৰলৈ যাওঁতে কি কি সমস্যাৰ সন্মুখীন হৈছিল নীল আৰ্মষ্ট্ৰং?
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চন্দ্ৰৰ দক্ষিণ মেৰুৰ সফল অভিযানৰ পাছতেই পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোক লৈ চৰ্চা চলিছে। হাতৰ মুঠিত জোনবাই। জোনবাইত কি আছে? আমি শুনি অহা স্বৰ্গখন চন্দ্ৰপৃষ্ঠই নেকি? তাতেই দেৱতাসকল আছে নেকি? চন্দ্ৰপৃষ্ঠ বুলি বিজ্ঞানী কৈ অহা সেই পৃষ্ঠত কি আছে? অলেখ কৌতুহল। চাহদোকানৰ আড্ডাৰ পৰা পৰা অঘোণী আইতাৰ বিয়নীমেললৈকে সকলোতেই এতিয়া চন্দ্ৰযানৰে চৰ্চা। এই কৌতুহলৰ উত্তৰসমূহ এটা এটাকৈ ইছৰোই দিছে। মহাশূন্যতো পৃষ্ঠ আছে সেই পৃষ্ঠত কি কি খনিজ আছে? মধ্যাকৰ্ষণ নাথাকিলে কেনেকৈ খোজকাঢ়িব পাৰি সকলোবোৰ তথ্যই এতিয়া দিবলৈ আৰম্ভ কৰিছে বিজ্ঞানীৰ দলে।

ভাৰতে চন্দ্ৰৰ বুকুলৈ মহাকাশযান পঠিয়াইছে। সেই মহাকাশযানখনে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পাছতেই শুকুৰবাৰে বিক্ৰমৰ বুকুৰ পৰা চন্দ্ৰপৃষ্ঠলৈ নামিছে ৰোভাৰ প্ৰজ্ঞান। পৃথিৱীৰ হিচাপে আগন্তুক ১৪ দিন বিক্ৰম আৰু প্ৰজ্ঞানে কাম কৰিব চন্দ্ৰপৃষ্ঠত। ইছৰোৰ এই সাফল্যই প্ৰথম বিশ্বৰ প্ৰতিখন দেশকেই আজি ভাৱিবলৈ বাধ্য কৰাইছে ভাৰত প্ৰযুক্তিৰে বহুদূৰ বাট আগুৱাই যোৱাৰ কথা। ভাৰতৰ এই সফলতাৰ লগে লগেই আমেৰিকাইয়ো ৫০ বছৰ পুৰণি সেই দিনবোৰ সোঁৱৰিছে। কেনেকৈ তেওঁলোকে চন্দ্ৰলৈ মানৱ যান পঠিয়াইছিল?

এপল’-১১ মিছনত চন্দ্ৰৰ বুকুলৈ মানৱ যান পঠিয়াইছিল আমেৰিকাই। আমেৰিকান গৱেষণা সংস্থা নাছাই ৫০ বছৰ পূৰ্বেই চন্দ্ৰত অভিযান চলাইছে। অৱশ্যে বৰ্তমানলৈকে দক্ষিণ মেৰুত অভিযান চলোৱা নাই কোনো দেশেই। ভাৰতেই প্ৰথমখন দেশ যিয়ে চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান আৰম্ভ কৰিছে। সেয়া যিয়েই নহওক কিয় নাছাই ৫০ বছৰ পূৰ্বে পঠিওৱা মানৱ যানত প্ৰথম চন্দ্ৰলৈ গৈছিল নীল আৰ্মষ্ট্ৰং আৰু এডুইন অলড্ৰিন। কেনেকৈ সেই অভিযান চলিছিল চন্দ্ৰত?

চন্দ্ৰৰ পৰা ঘূৰি আহি একাধিক সাক্ষাৎকাৰত বহু কথাই প্ৰকাশ কৰিছিল আমেৰিকান মহাকাশচাৰীজনে। তেঁওলোকে চন্দ্ৰ পৃষ্ঠত কটোৱাৰ সমূহ বিৱৰণ দাঙি ধৰিছিল। চন্দ্ৰত মুঠ ২১ ঘণ্টা ৩৬ মিনিট কটাইছিল আমেৰিকাৰ দুগৰাকী বিজ্ঞানীয়ে। এই সময়ত নানান অসুবিধাৰ মোকাবিলা কৰিব লগা হৈছিল মহাকাশচাৰী দুজনে। অৱশ্যে ইতিহাসত নাম লিপিবদ্ধ কৰাৰ তুলনাত এই কষ্ট তেনেই নগণ্য। নাছাৰ এটা ৰিপৰ্টত প্ৰকাশ কৰা অনুসৰি মহাকাশত মানুহ পঠোৱাৰ পৰিকল্পনা যি দিনাৰ পৰা আৰম্ভ হৈছে সেই দিনাৰ পৰাই গৱেষকসকলৰ মুখ্য চিন্তা হৈ পৰিছিল মলমূত্ৰ ত্যাগৰ কথাটো। চন্দ্ৰপৃষ্ঠলৈ যাত্ৰা কৰা মহাকাশচাৰীয়ে কেনেকৈ মলমূত্ৰ ত্যাগ কৰিব? চন্দ্ৰত উপস্থিত হৈ কেনেকৈ মলমূত্ৰ ত্যাগ কৰিছিল এই কথা নাছাৰ মহাকাশচাৰী নীল আমষ্ট্ৰঙে কৈ গৈছে।

যিখন মহাকাশযানত চন্দ্ৰলৈ গৈছিল সেই যানত মলমূত্ৰ ত্যাগৰ বাবে শৌচাগাৰৰ ব্যৱস্থা নাছিল। মলমূত্ৰ ত্যাগৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা প্লাষ্টিকৰ বেগ পঠিয়াইছিল নাছাই। মূত্ৰত্যাগৰ বাবে কণ্ডমৰ দৰে এবিধ প্লাষ্টিক পঠিয়াইছিল। তাৰমাধ্যমেৰেহে চন্দ্ৰপৃষ্ঠত প্ৰস্ৰাৱ কৰিব লগা হৈছিল মহাকাশচাৰী কেইজনে। কেৱল পুৰুষ মহাকাশচাৰীৰ সুবিধামতেহে এই বিশেষ প্লাষ্টিক পঠিয়াইছিল নাছাই। মলত্যাগৰ বাবেও আছিল পৃথক প্লাষ্টিক। পৰবৰ্তীসময়ত যিসকল চন্দ্ৰলৈ গৈছে তেওঁলোকেও এই পদ্ধতিয়েই মানি চলিছিল। মলভৰ্তী সেই বেগসমূহ চন্দ্ৰ পৃষ্ঠতেই পেলাই থৈ আহিছিল মহাকাশচাৰীসকলে।

চন্দ্ৰৰ সময়ৰ হিচাপ পৃথিৱীৰ সৈতে একেই নহয়। তাত সকলোবোৰেই ধীৰ গতিত চলে। এপল-১১ ৰ অভিযানত থকা মহাকাশচাৰীসকলৰ মলমূত্ৰ ত্যাগৰ সমগ্ৰ প্ৰক্ৰিয়াতেই পৃথিৱীৰ সময়ৰ হিচাপত সময় লাগিছিল ৪৫ মিনিটৰো বেছি। আৰ্মষ্ট্ৰং আৰু এলড্ৰিণে যেতিয়া চন্দ্ৰপৃষ্ঠত নামিছিল তেওঁলোকে তেতিয়া ডায়পাৰ পৰিধান কৰিছিল। এলড্ৰিণে এই সন্দৰ্ভত সেই সময়ত দিয়া এক সাক্ষাৎকাৰত এই কথা জনাইছিল। চন্দ্ৰত থকাৰ সময়ত আৰ্মষ্ট্ৰং আৰু এলড্ৰিণৰ খাদ্যৰ মেনু কি আছিল সেই কথাও তেওঁলোকে সাক্ষাৎকাৰটোত জনাইছিল।

চন্দ্ৰত থাকোতে তেওঁলোকে কফি আৰু বেকন লৈছিল। ইয়াৰোপৰি কেইবাবিধো পাচলি আৰু গোমাংস খাদ্যৰ তালিকাত আছিল। মেনুত আছিল আঙুৰ, কমলাৰ ৰস, ষ্ট্ৰবেৰী আৰু পিচ ফল। চন্দ্ৰলৈ যাত্ৰা কৰাৰ পূৰ্বে নাছাই খাদ্য কি কি নিলে ভাল হয় সকলো পৰীক্ষা কৰি লৈছিল। বহুতেই কিন্তু মানৱ যান পঠিওৱাৰ বিষয়টোৰ বিৰোধীতাও কৰিছিল। আমেৰিকাৰে একাংশ নাগৰিকে মানৱযান পঠিওৱাৰ বিৰুদ্ধাচৰণ কৰি বিক্ষোভত নামিছিল। সকলো বাধা ঠেলি নাছাই সিদ্ধান্তত অটল হৈ এই যাত্ৰা আগবঢ়াই নিলে।

প্ৰথম মানৱ যান পঠিওৱাৰ সময়ত নাছাৰ বাজেট আছিল ২৪৫০ ডলাৰ। নাছাৰ এই কাৰ্যকলাপৰ বিৰুদ্ধাচৰণ কৰা একাংশ জনগণৰ বক্তৱ্য আছিল যে এই ধন জীৱনপ্ৰণালীৰ উন্নীতকৰণত খৰচ কৰক। চন্দ্ৰত মানুহ পঠিওৱাৰ কামত এই ধন খৰচ কৰাটো অৰ্থহীন কাম। বিক্ষোভ চলিলেও নাছাই কিন্তু নিজৰ অভিযান বাতিল নকৰিলে। চন্দ্ৰলৈ গৈ আৰ্মষ্ট্ৰং আৰু এলড্ৰিনে বহু তথ্য প্ৰেৰণ কৰিলে। ছবি, ভিডিঅ’ প্ৰেৰণ কৰাৰ ওপৰিও চন্দ্ৰৰ মাটিত আমেৰিকাৰ পতাকা পুতি থৈ আহিল।

চন্দ্ৰপৃষ্ঠত ২১ ঘণ্টা বাহিৰত ঘূৰি ফুৰি কটালে নাছাৰ মহাকাশচাৰীয়ে। চন্দ্ৰৰ হিচাপত তেওঁলোকে তাত ২ ঘণ্টা ৩০ মিনিট সময় কটাইছিল। তাৰ পিছতেই লুনাৰ মডিউললৈ তেওঁলোক উভতি যায়। আৰ্মষ্ট্ৰঙে চন্দ্ৰযাত্ৰাত বহু সমস্যাৰ সন্মুখীন হৈছিল। কৰোবাত সামান্য খেলিমেলি হলেই প্ৰাণৰ বিপদ। চন্দ্ৰতেই মৃত্যক সাবটিব লাগিব। আমেৰিকাৰ সেই সময়ৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনে এই সমগ্ৰ বিষয়টোক লৈ নাছাক যথেষ্ট সহায়ো কৰিছিল।

পৃথিৱীলৈ উভতি অহাৰ পাছত ২১ দিন আৰ্মষ্ট্ৰং আৰু এলড্ৰিণক হোম কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল। চন্দ্ৰৰ পৰা কোনো জীৱাণু গাত লাগি আহিব পাৰে বুলি সমগ্ৰ পৰীক্ষা নিৰীক্ষা কৰা হৈছিল দুয়োৰে। কোৱাৰেণ্টাইনত থকাৰ সময়তে ৩৯ তম জন্মদিনো পালন কৰা হৈছিল আৰ্মষ্ট্ৰঙৰ। ১৯৬৯ চনৰ পৰা ১৯৭২ চন পৰ্যন্ত চন্দ্ৰৰ মাটিত ৬খনকৈ আমেৰিকাৰ ৬খনকৈ পতাকা পোতা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
Next Post
কাৰ হেমাহীত ন্যায় নাপালে ধেমাজিৰ ভূক্তভোগী পৰিয়ালে? উচ্চ ন্যায়ালয়ে কিয় দোষমুক্ত ঘোষণা কৰিব লগা হ’ল এই ঘটনাত জড়িত অভিযুক্তক?

কাৰ হেমাহীত ন্যায় নাপালে ধেমাজিৰ ভূক্তভোগী পৰিয়ালে? উচ্চ ন্যায়ালয়ে কিয় দোষমুক্ত ঘোষণা কৰিব লগা হ’ল এই ঘটনাত জড়িত অভিযুক্তক?

প্ৰায়েই মূৰৰ বিষ হৈ থকাটোৱেই মস্তিষ্কৰ টিউমাৰৰ লক্ষণ নেকি? মূৰৰ বিষৰ লগতে এই ৪টা লক্ষণে দেখা দিলে পলম নকৰিব

প্ৰায়েই মূৰৰ বিষ হৈ থকাটোৱেই মস্তিষ্কৰ টিউমাৰৰ লক্ষণ নেকি? মূৰৰ বিষৰ লগতে এই ৪টা লক্ষণে দেখা দিলে পলম নকৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.