শেহতীয়া বছৰবোৰত মানসিক স্বাস্থ্য সম্পৰ্কে সজাগতা যথেষ্ট বৃদ্ধি পাইছে। সেই কাৰণেই এতিয়া মানুহে নিজৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ প্ৰতিও সমানে গুৰুত্ব দিছে। কিন্তু মানসিক স্বাস্থ্য আৰু ইয়াৰ লগত জড়িত সমস্যাৰ বিষয়ে ভুল ধাৰণা অব্যাহত আছে। এতিয়াও বহুতে বিশ্বাস কৰে যে মহিলাসকলে আটাইতকৈ বেছি মানসিক সমস্যাৰ সন্মুখীন হয়। ইফালে পুৰুষৰ কথা আহিলে তেওঁলোকৰ মানসিক স্বাস্থ্যৰ সংগ্ৰাম মহিলাৰ তুলনাত একেবাৰে পৃথক। গতিকে পুৰুষৰ মানসিক স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়াটো অতি গুৰুত্বপূৰ্ণ।
মহিলাতকৈ পুৰুষক প্ৰভাৱিত কৰা পাঁচটা সাধাৰণ মানসিক স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে জানো আহক…
- ডিপ্ৰেচন
- উদ্বেগ
- বাইপ’লাৰ ডিছঅৰ্ডাৰ
- খাদ্যভ্যাসত সমস্যা
- স্কিজ’ফ্ৰেনিয়া ৰোগ
পুৰুষৰ মানসিক স্বাস্থ্য মহিলাতকৈ পৃথক
বেছিভাগ পুৰুষেই নিজৰ আৱেগ প্ৰকাশ কৰাৰ পৰিৱৰ্তে দমন কৰে আৰু তাৰ পিছত ভিতৰি ভিতৰি হুমুনিয়াহ কাঢ়ি থাকে। তেওঁলোকে এনে কৰে কাৰণ সমাজৰ কু-সংস্কাৰ যে পুৰুষে নিজৰ অনুভৱবোৰ ভাগ-বতৰা কৰাটো আৰু চকুলো টুকিব নালাগে, কিয়নো ইয়াৰ ফলত তেওঁলোকৰ পুৰুষত্বৰ ওপৰত প্ৰশ্ন উদয় হয়।
সৰুৰে পৰা পুৰুষক পুৰুষতান্ত্ৰিক হ’বলৈ শিকাইছে, চকুলোৰ পৰা বিৰত থাকিবলৈ, সকলো সময়তে শক্তিশালীভাৱে থিয় হ’বলৈ শিকাইছে। শিশু অৱস্থাতো তেওঁলোকে নিজৰ দুৰ্বল ব্যক্তিত্ব আৰু নিজৰ দৃষ্টিভংগীক পৃথিৱীৰ আগত প্ৰকাশ নকৰাৰ পাঠ শিকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ











