দিনটোৰ আৰম্ভণি কেনেদৰে হয়, তাৰ ওপৰত বহু পৰিমাণে আমাৰ শক্তি, পাচন ক্ষমতা আৰু সামগ্ৰিক স্বাস্থ্য নিৰ্ভৰ কৰে। বিশেষজ্ঞসকলৰ মতে, ৰাতিপুৱা খালী পেটত সকলো ধৰণৰ খাদ্য সমান উপযোগী নহয়। কিছুমান খাদ্যই পেটত এচিডৰ মাত্ৰা বৃদ্ধি কৰে, আনহাতে কিছুমানে হঠাতে ৰক্তত চেনিৰ পৰিমাণ বঢ়াই পিছত ক্লান্তি আৰু ভোক বৃদ্ধি কৰিব পাৰে।
চাহ বা কফি
বহুতেই বিচনাৰ পৰা উঠিয়েই চাহ বা কফি খোৱাৰ অভ্যাস ৰাখে। কিন্তু খালী পেটত চাহ বা কফি খালে পেটত এচিডৰ নিঃসৰণ বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত এচিডিটি, বুকু জ্বলা, পেটত অস্বস্তি আৰু কেতিয়াবা বমিভাৱো অনুভৱ হ’ব পাৰে।
টেঙা
কমলা, নেমু, মাল্টা, আঙুৰ বা আন টেঙা ফলত যথেষ্ট পৰিমাণে এচিড থাকে। খালী পেটত এইবোৰ অধিক পৰিমাণে খালে পেটত জ্বলা-পোৰা বা গেষ্ট্ৰিকৰ সমস্যা দেখা দিব পাৰে। যদিও এই ফলবোৰ স্বাস্থ্যকৰ, তথাপি খোৱাৰ আগতে অন্য হালধীয়া খাদ্য বা জলখিয়াৰ সৈতে খোৱাটো অধিক উপযোগী।
মিঠাই, চকলেট বা চেনিযুক্ত খাদ্য
খালী পেটত মিঠাই, বিস্কুট, কেক, চকলেট বা চেনি বেছি থকা খাদ্য খালে ৰক্তত চেনিৰ মাত্ৰা হঠাতে বাঢ়ি যায়। কিছু সময়ৰ পিছতে আকৌ চেনিৰ মাত্ৰা কমি গ’লেই ক্লান্তি, অলসতা আৰু পুনৰ ভোক লাগিব পাৰে।
ঠাণ্ডা পানীয়
কাৰ্বনেটেড কোমল পানীয় বা বেছি চেনিযুক্ত ঠাণ্ডা পানীয় খালী পেটত খোৱাটো একেবাৰে উচিত নহয়। এইবোৰে পেটত গেছ, ফুলি থকা অনুভৱ আৰু পাচনত অসুবিধাৰ সৃষ্টি কৰিব পাৰে।
বেছি জ্বলা-মচলাযুক্ত খাদ্য
ৰাতিপুৱাই খালী পেটত জলকীয়া বা বেছি মচলা থকা খাদ্য খালে পাকস্থলীৰ ভিতৰৰ আৱৰণত জ্বলা-পোৰা অনুভৱ হ’ব পাৰে। ইয়াৰ ফলত গেষ্ট্ৰিক, এচিডিটি আৰু বদহজমৰ আশংকা বৃদ্ধি পায়।
ভজা-পোৰা বা তেলীয়া খাদ্য
পুৰি, চপ, পকোৰা, চিঙৰা আদি তেলীয়া খাদ্য খালী পেটত খালে পাচন প্ৰক্ৰিয়াত চাপ পৰে। ইয়াৰ ফলত পেট গধুৰ লাগিব পাৰে আৰু দিনটোৰ আৰম্ভণিতে আলসতা অনুভৱ হ’ব পাৰে।
কেঁচা শাক-পাচলি অধিক পৰিমাণে খোৱা
কেঁচা চালাড স্বাস্থ্যকৰ যদিও একেবাৰে খালী পেটত অধিক পৰিমাণে খালে কিছুমান লোকৰ গেছ, পেট ফুলি থকা বা অস্বস্তিৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ যিসকলৰ পাচন ক্ষমতা দুৰ্বল, তেওঁলোকে সাৱধান হোৱা উচিত।
তেন্তে ৰাতিপুৱা কি খোৱাটো ভাল?
খালী পেটত প্ৰথমে এক গিলাচ সাধাৰণ বা কুহুমীয়া পানী খোৱাটো ভাল অভ্যাস। তাৰ পিছত ওটছ, দৈ, সিজোৱা কণী, ফলৰ সৈতে বাদাম, মগু খালে শৰীৰে প্ৰয়োজনীয় শক্তি লাভ কৰে আৰু পাচনো ভালদৰে হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















