• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

3 weeks ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

30 minutes ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

2 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

4 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

5 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

18 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

18 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

19 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

20 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

20 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

21 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

মেঘৰঞ্জনীয়ে সঁচাকৈয়ে ভুল কৰিলে নেকি ক'লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে

editor by editor
August 6, 2026
in বিনোদন, বিবিধ, লেখা, সংগীত
0
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘মানুহে মানুহৰ বাবে…’ বানে বিপদ মাতিছে উজনি অসমৰ ৰাইজৰ। এই সময়চোৱাত সকলোৱে মিলি সহায়ৰ হাত আগবঢ়াইছে বন্যাৰ্তক। অসমৰ ভয়াবহ বানপানীৰ সময়ত সুদূৰ লণ্ডনৰ পৰাই সহায়ৰ হাত আগবঢ়াইছে জনপ্ৰিয় অভিনেত্ৰী তথা নৃত্যশিল্পী মেঘৰঞ্জনী মেধি আৰু তেওঁৰ সতীৰ্থসকলে। শেহতীকৈ উজনি অসমত বানে সৃষ্টি কৰা ক্ষতি আৰু জনসাধাৰণৰ দুৰ্দশা দেখি আৱেগিক হৈ পৰা অভিনেত্ৰীগৰাকীয়ে লণ্ডনৰ ৰাজপথত গীত-নৃত্যৰে বানাক্ৰান্তৰ বাবে অৰ্থ সংগ্ৰহ কৰে। কিন্তু এইখিনিতে যেন লাগিল কেনা! অভিনেত্ৰীগৰাকীৰ এই পদক্ষেপৰ পিছতে সামাজিক মাধ্যমত একাংশই বিতৰ্কৰ সৃষ্টি কৰে। সামাজিক মাধ্যমত বহুলোকে বিদেশৰ মাটিত ভিক্ষা খোজা বুলি সমালোচনা কৰে। কিন্তু এই সকলোবোৰৰ উত্তৰ দিয় মেঘৰঞ্জনীয়ে।

লণ্ডনবাসীৰ পৰা ৫০০ পাউণ্ড সাহায্য লাভ মেঘৰঞ্জনীয়ে। যিটো ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমাণ প্ৰায় ৬৪ হাজাৰ টকা। বান সাহায্যৰ বাবে নৃত্য প্ৰদৰ্শন কৰি সমালোচনাৰ সন্মুখীন হোৱা অভিনেত্ৰীগৰাকীয়ে কয়, “আপোনালোকে মোৰ কলা, সাধনাক ভিক্ষাৰ লগত তুলনা কৰিলে। কোনো কথা নাই, এইসময়ত যদি মই নিজৰ মানুহৰ বাবে ভিক্ষাও বিচাৰিব লাগে তেন্তে মই বিচাৰিম। এই সময়ত মোক লৈ ব্যস্ত নহ’ব। নিজৰ মানুহখিনিৰ বাবে যদি সহায় বিচাৰিব লগা হয়, তেন্তে সংকোচ নকৰাকৈ বিচাৰিম। কাৰণ নিজৰ মানুহৰ দুখ-কষ্টৰ সময়ত কাষত থিয় দিয়াটোৱেই আটাইতকৈ ডাঙৰ দায়িত্ব। অযথা সময় নষ্ট কৰাতকৈ আমাৰ ক্ষতিগ্ৰস্তসকলক সহায়ৰ হাত আগবঢ়াওক।”

ইয়াৰ লগতে তেওঁ কয়, ‘লণ্ডনৰ ৰাজপথৰ য’তে- ত’তে এনেকৈ নৃত্য কৰিব নোৱাৰি। ইয়াৰ বাবে বৈধ পাৰপত্ৰ সংগ্ৰহ কৰিব লাগে। মোৰ বাই এইদৰে বহুতো অনুষ্ঠান কৰিছে। বাৰ বৈধ পাৰপত্ৰ সংগ্ৰহ কৰি উজনি অসমৰ দূৰ্গতসকলৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।’

উল্লেখ্য যে, সমাজৰ একাংশ ব্যক্তিৰ মেঘৰঞ্জনীৰ প্ৰতি দেখুওৱা বিৰুদ্ধাচৰণৰ পিছতে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে তেওঁৰ পক্ষত থিয় দিয়ে। তেওঁ সামাজিক মাধ্যমত লিখিছে যে, “মেঘৰঞ্জনী মেধি অসমৰে নহয়, ভাৰতৰ এগৰাকী নৃত্যশিল্পী, যি আন্তৰ্জাতিক বহু সাংস্কৃতিক উৎসৱত ভাগ লৈ দেশলৈ সুখ্যাতি কঢ়িয়াই আনিছে। আজি হঠাতে সামাজিক মাধ্যমত দেখিলোঁ লণ্ডনৰ ৰাজপথত তেওঁৰ কথ্ক নৃত্য প্ৰদৰ্শনেৰে অসমৰ বানবিভীষিকাত বিপৰ্যয়ৰ সন্মুখীন হোৱা মানুহক সহায় কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে। মেঘৰঞ্জনী শিল্পী, তেওঁ দেশে-বিদেশে অনুষ্ঠান কৰি মঞ্চত ভূয়সী প্ৰশংসা পায়, কিন্তু এই প্ৰশংসা মূল্যহীন যদিহে দেশৰ দুৰ্দশা-দুৰ্যোগত শিল্পী অস্থিৰ নহয়, জন্মভূমিৰ বিপদগ্ৰস্থ মানুহৰ কান্দোনে স্পৰ্শ নকৰে। তেওঁ মঞ্চৰ পৰা ৰাস্তালৈ নামি কলা প্ৰদৰ্শন কৰিছে।এয়াই দেশপ্ৰেম, বুজোতাই এই আৱেগ বুজি পাব। পৃথিৱীৰ নানা প্ৰান্তত হোৱা প্ৰাকৃতিক দুৰ্যোগত মানুহে, দেশ,জাতি, বৰ্ণৰ সীমা অতিক্ৰম কৰি মানুহ মানুহৰ কাষত থিয় দিয়ে। লণ্ডনত ৬ লাখ ৫৬হাজাৰ ভাৰতীয় মানুহ স্থায়ী ভাবে আছে বুলি তথ্য সূত্ৰই কৈছে। এতিয়াও নাগৰিকত্ব নোপোৱা, অস্থায়ী ভাৰতীয়ৰ সংখ্যাও যথেষ্ট।এই ভাৰতীয় সকলে অসমৰ এইবাৰৰ বানাক্ৰান্ত মানুহৰ খবৰ সংবাদ মাধ্যমত নিশ্চয় পাইছে। ইউৰোপ আমেৰিকাত উপাৰ্জন কৰি থকা অসমীয়া সকলৰ পৰা বানপানীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কি সহায়-সহযোগ আগবঢ়াইছে এতিয়ালৈকে আমি জানিব পৰা নাই। কিন্তু এগৰাকী খ্যাতনামা শিল্পীয়ে ৰাস্তাত নামি নিজৰ কলা প্ৰদৰ্শন কৰা, ড: ভূপেন হাজৰিকাৰ গীত গোৱাক একাংশ অসমীয়া মানুহে কিয় সমালোচনা কৰিছে তাকহে বুজি পোৱা নাই। নেপালত২০১৫ চনত হোৱা ভূমিকম্পৰ বিভিষিকাময় পৰিস্থিতি দেখি তেওঁলোকৰ চৰকাৰে কি কৰিছে সেয়া বিচাৰ নকৰি আমি যেনেকৈ পাৰোঁ টকা-পইছা পঠিওৱা নাছিলো জানো? সমগ্ৰ বিশ্বৰ মানুহ নানা সহায় -সহযোগেৰে নেপালৰ মানুহক বুজাই দিছিল, আমি আছো তোমালোকৰ লগত। এসময়ত জয়ন্ত হাজৰিকাৰ নেতৃত্বত শিল্পীসকলে বানপানীৰ বাবে সুৰ বাহিনী উলিয়াই দান-বৰঙনিৰে সহায় কৰিছিল। এই পৰম্পৰা ৰাখিছিল জুবিন গাৰ্গেও। আজিকালি এনে দৃশ্য বিৰল।শিল্পীক জনগনে বিশ্বাস কৰে। ড: ভূপেন হাজৰিকাই গীত গাই ৰাইজৰ দুৰ্যোগত দান বৰঙণি সংগ্ৰহ কৰিছিল। দান আৰু ভিক্ষাৰ মাজত অনুভৱৰ প্ৰাৰ্থক্য আছে। দানত আছে হৃদয়ৰ মহত্ব, মানৱীয় উপলব্ধি। ভিক্ষাত আছে কৰুণা আৰু সহানুভূতি। আজি উজনিৰ বানবিধ্বস্তলৈ দান বিচৰা কাৰ্য মানুহৰ ওচৰত মানুহ থিয় হোৱাৰ এক নিদৰ্শন। পৃথিৱীৰ যিকোনো মানুহৰ হৃদয় কাৰোবাক সকাহ দিয়াৰ বাবে উন্মুখ হ’ব পাৰে। ই হৃদয়ৰ মহত্ব প্ৰকাশ।মেঘৰঞ্জনীৰ শিল্পীসত্তাই বিচৰা এই কাৰ্য গৰ্হিত বুলি সেয়ে নাভাবোঁ। মেঘৰঞ্জনীয়ে টেমা জোকাৰি লণ্ডনৰ ৰাজপথত ভিক্ষা খোজা নাই, মেঘৰঞ্জনীৰ নৃত্য টিকটৰ মূল্য দি দৰ্শকে চায়, তেনে শিল্পীয়ে দেশৰ সাংস্কৃতিক ঐতিহ্য বহনকাৰী নৃত্য প্ৰদৰ্শন কৰি তেওঁৰ জন্মভূমিৰ বিপদৰ খবৰ জনাইছে, কাকো বাধ্য কৰা নাই। সহৃদয়তাৰে কোনোবাই দিয়া দান আহিব উজনিৰ বন্যাৰ্তৰ কাষলৈ, সেয়া লাগিলে বগা চাহাবেই হওক, কলা চাহাবেই হওক।কোনোৱে মোক সমালোচনা কৰিলেও মই ক’ ম, প্ৰকৃত সংবেদনশীল মানুহে অঙ্ক কৰি কাম নকৰে, হৃদয়ৰ তাগিদাত কাম কৰে। ভাল ভাবি কৰে। কথাবোৰ আমিও বুজিবলৈ যত্ন কৰা উচিত।”

(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Anuradha Sharma Pujariasom live 24Meghranjani Medhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!
বাণিজ্য

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

August 26, 2026
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন
বাণিজ্য

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

August 26, 2026
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…
জীৱনশৈলী

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

August 26, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

August 26, 2026
Next Post
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.