অসম লাইভ২৪ঃ ২৩ লাখ ভাৰতীয়ৰ WhatsApp-একাউণ্ট নিষিদ্ধ কৰিলে WhatsApp-কৰ্তৃপক্ষই। অক্টোবৰৰ পৰা দেশত বহু ব্যৱহাৰকাৰীৰ WhatsApp একাউণ্ট বন্ধ কৰিছে মাৰ্কিন সংস্থাটোৱে। WhatsApp-য়ে প্ৰকাশ কৰা মতে ২৩ লাখৰ ভিতৰত ৮,১১,০০০ একাউণ্ট গ্ৰাহকৰ পৰা অভিযোগ নোপোৱাকৈয়ে নিষিদ্ধ কৰা হৈছে।
প্ৰকাশ কৰা মতে অক্টোবৰ মাহৰ পৰাই একাউণ্ট নিষিদ্ধ কৰাৰ আৰম্ভণি কৰিছে মাৰ্কিন সংস্থাটোৱে। WhatsApp-ৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে ‘তথ্যপ্ৰযুক্তি আইন ২০২১ অনুযায়ী ২০২২ চনৰ ৰিপৰ্ট প্ৰকাশ কৰা হৈছে। কিয় বন্ধ কৰা হৈছে এইসমূহ একাউণ্ট সেই সন্দৰ্ভতো মন্তব্য কৰি কয় যে, গ্ৰাহকৰ অভিযোগৰ বাবেই নহয় বিভিন্ন টুল আৰু ৰিচৰ্ছ ব্যৱহাৰ কৰি এই একাউণ্টসমূহ নিষিদ্ধ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ