অসম লাইভ২৪ঃ চন্দ্ৰৰ মাটিত এতিয়াও সাৰ পোৱা নাই লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানে। প্ৰজ্ঞান আৰু বিক্ৰমক জগাই তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে ভাৰতীয় মহাকাশ সংস্থা ইছৰোয়ে। ২১ ছেপ্টেম্বৰতেই চন্দ্ৰত সুৰ্যোদয় হৈছে। তিনিদিন পাৰ হোৱাৰ পিছতো কিন্তু ইছৰোৰ দলে প্ৰজ্ঞান আৰু বিক্ৰমক জগাই তুলিব পৰা নাই।
আশা এৰা বিজ্ঞানীৰ দলেও। আজি নহয়তো কালি সাৰ পাবও পাৰে প্ৰজ্ঞান আৰু বিক্ৰমে। আগন্তুক ১৪ দিন বিজ্ঞানীৰ দলে প্ৰজ্ঞান আৰু বিক্ৰমক জগাই তুলিবলৈ চেষ্টা কৰিব। এই প্ৰসংগত ইছৰোৰ চেয়াৰমেন এছ সোমনাথে কয়, ‘লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ আমি চেষ্টা চলাই আছো। যদি লেণ্ডাৰ আৰু ৰোভাৰক জগাই তুলিব পৰা যায় তেন্তে সেয়া আমাৰ বৃহৎ সাফল্য হ’ব। আগন্তুক ১৪ দিনেই আমি চেষ্টা চলাম। আশা কৰিছো আমি জগাই তুলিব পাৰিম।’
চন্দ্ৰপৃষ্ঠত সূৰ্যৰ পোহৰ পৰাৰ লগে লগেই তাপমাত্ৰা বাঢ়িব ধৰিছে। তাপ পালে প্ৰজ্ঞান আৰু বিক্ৰম চাৰ্ছ হ’ব। চাৰ্ছ লোৱাৰ ফলত জাগি উঠাৰ সম্ভাৱনা বৃদ্ধি পাব। চন্দ্ৰৰ দক্ষিণ মেৰুত নিশা হৈ থাকোতে তাপমাত্ৰা মাইনাছ ২০০ ৰ পৰা ২৫০ ডিগ্ৰীলৈকে নামি গৈছিল। সেয়ে ইছৰোৰ চেয়াৰমেনে আগতেও এই বিষয়ে জনাইছে যে নিশা নামিলেই তাপমাত্ৰা বহু কমি যায়। সেই তাপমাত্ৰা বা ঠাণ্ডা সহ্য কৰাৰ ক্ষমতা প্ৰজ্ঞানৰ আছে। ৰোভাৰক সম্পূৰ্ণ পৰীক্ষা কৰিয়েই চন্দ্ৰলৈ পঠিওৱা হৈছে। কিমান তাপমাত্ৰা সহ্য কৰিব পাৰে, কিমান ঠাণ্ডা সহ্য কৰিব পাৰে সকলো পৰীক্ষা কৰিয়েই পঠিওৱা হৈছে প্ৰজ্ঞানক।
উল্লেখ্য যে প্ৰজ্ঞান আৰু বিক্ৰমত যি সমূহ যন্ত্ৰ ব্যৱহাৰ কৰা হৈছে সেই প্ৰযুক্তিত মিল আছে। ফলত প্ৰজ্ঞান যদি বাছি থাকে তেন্তে বিক্ৰমো জীয়াই থকাৰ সম্ভাৱনা আছে। আগন্তুক ১৪ দিন বিজ্ঞানীয়ে পূণ্যদমে চেষ্টা চলাব বিক্ৰম আৰু প্ৰজ্ঞানক জগাই তোলাৰ বাবে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















