আজিকালি শীঘ্ৰেই চুলি পকাটো বহুসংখ্যক লোকৰেই প্ৰধান সমস্যা৷ পূৰ্বে ৫০-৬০ বছৰ বয়সৰ পাছত মানুহৰ চুলি বগা হ’বলৈ ধৰিছিল৷ কিন্তু এতিয়া ২০-৩০ বছৰ বয়সতেই মানুহৰ চুলি হ’বলৈ ধৰিছে৷ অতিৰিক্ত মানসিক চাপ, দূষণ, জেনেটিক্স, বেয়া খাদ্যভাষ আৰু টোপনিৰ অভাৱৰ দৰে বহু কাৰণ চুলি বগা হোৱাৰ বাবে দায়ী৷ শৰীৰত কিছু ভিটামিনৰ অভাৱত তৰুণসকলৰ চুলি বগা হ’ব পাৰে৷ এই বিষয়ত সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় কেইটামান জানি থোৱা উচিত৷
কম বয়সতেই চুলি পকাৰ কাৰণ বহু থাকিব পাৰে৷ যাৰ মাজত এটা হৈছে ভিটামিন বি-১২ৰ অভাৱ৷ যদি আপোনাৰ চুলি দ্ৰুত পকিবলৈ ধৰিছে তেন্তে এয়া ভিটামিন বি-১২ৰ অভাৱৰ লক্ষণ হব পাৰে৷ ভিটামিন বি-১২য়ে আপোনাৰ শৰীৰক শক্তি দিয়ে আৰু চুলিৰ প্ৰাকৃতিক ৰং বজায় ৰখাত সহায় কৰে৷ ভিটামিন বি-১২ৰ অভাৱত ক্ষতিকাৰক ৰক্তাল্পতা নাম এক অৱস্থাৰ সৈতেও যুক্ত৷
আপোনাৰ শৰীৰত পৰ্যাপ্ত ভিটামিন বি-১২ শোষণ কৰিবলৈ অক্ষম হয় তেতিয়া ক্ষতিকাৰক ৰক্তাল্পতাই দেখা দিয়ে৷ আমাৰ শৰীৰৰ লোহিত ৰক্তকণিকাৰ বাবে এই ভিটামিনৰ প্ৰয়োজন, যিয়ে সমগ্ৰ শৰীৰত অক্সিজেন সৰবৰাহ কৰাত সহায় কৰে৷ ইয়াৰ মাজতো চুলিৰ কোষ অন্তৰ্ভূক্ত৷
ভিটামিন বি-১২ৰ অভাৱত চুলিৰ কোষক দুৰ্বল কৰি দিব পাৰে আৰু মেলানিনৰ উৎপাদন কমাব পাৰে৷ মেলানিনে চুলিক তাৰ প্ৰাকৃতিৰ ৰং দিয়ে৷ লোহিত ৰক্তকণিকাৰ উৎপাদন আৰু স্নায়ুতন্ত্ৰৰ কাৰ্যকাৰিতা বৰ্তাই ৰখাৰ ওপৰিও ভিটামিন বি-১২ চুলিক শক্তিশালী কৰে আৰু মেলানিন উৎপাদনত সহায় কৰে৷ শৰীৰত এই ভিটামিনৰ অভাৱ হ’লে প্ৰয়োজনীয় পুষ্টি চুলিৰ গুৰিত উপস্থিত নহয় যি পিগমেণ্টেছনক প্ৰভাৱিত কৰে আৰু চুলি ধূসৰ হৈ যায়৷ এই ঘাটি প্ৰায় নিৰামিষভোজীসকলৰ মাজত দেখা যায়৷ কাৰণ ভিটামিন বি-১২ আমিষ খাদ্যত বেছিকৈ পোৱা যায়৷
কেৱল ভিটামিন বি-১২য়েই নহয়, ভিটামিন ডিয়ে চুলিৰ বৃদ্ধি আৰু মূৰৰ ছালৰ স্বাস্থ্যৰ বাবেও অপৰিহাৰ্য৷ এই ভিটামিনে চুলিৰ গুৰিত নতুন চুলি গজোৱা আৰু চুলিৰ আয়ুস বঢ়োৱাত সহায় কৰে৷ ভিটামিন ডিৰ অভাৱত চুলিৰ বৃদ্ধি ধীৰ আৰু অকালতে চুলি পকা সমস্যাই দেখা দিয়ে৷ ইয়াৰোপৰি বায়োটিন আৰু ফলিক এছিডৰ অভাৱে চুলিক দুৰ্বল কৰে আৰু অকালতে চুলি পকিবলৈ ধৰে৷
স্বাস্থ্য বিশেষজ্ঞৰ মতে কম বয়সতে চুলি পকি যোৱাৰ সমস্যা দূৰ কৰা সম্ভৱ৷ আপোনাৰ খাদ্য তালিকাত ভিটামিন বি-১২, ভিটামিন ডি, বায়োটিন, ফলিক এছিডৰ দৰে পুষ্টিগুণ সমৃদ্ধি খাদ্য অন্তৰ্ভূক্ত কৰক৷ প্ৰচুৰ পৰিমাণে কণী, গাখীৰ, দৈ, সেউজীয়া পাচলি, মটৰ, বাদাম আৰু ফল খাদ্য তালিকাত ৰাখক৷ যদি ভিটামিনৰ ঘাটি তীব্ৰ হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ পৰিপূৰক গ্ৰহণো উপকাৰী হব পাৰে৷ ইয়াৰোপৰি মানসিক চাপ এৰাই চলক, ধূমপান নকৰিব৷ পৰ্যাপ্ত টোপনিও প্ৰয়োজন৷ এই সৰু সৰু পদক্ষেপসমূহে আপোনাৰ চুলিক সুস্থ আৰু ক’লা কৰি ৰাখিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ