অসম লাইভ ২৪ঃ শীঘ্ৰেই বিশ্বৰ বজাৰত উপলব্ধ হ’ব মহামাৰী মেলেৰিয়াৰ ভেকচিন৷ বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন জনায় বিশ্বৰ প্ৰথমটো মেলেৰিয়া ভেকচিনক৷ টুইটযোগে বিশ্ব স্বাস্থ্য সংস্থাই জনায় এই কথা৷ প্ৰথম পৰ্যায়ত আফ্ৰিকা মহাদেশৰ শিশুসকলক প্ৰদান কৰিব এই ভেকচিন৷ মেলেৰিয়াৰ এই ভেকচিন প্ৰস্তুত কৰিছে ঔষধ প্ৰস্তুতকাৰী প্ৰতিস্থান ‘গ্ল্যাক্সোস্মিথক্লাইনে’৷ বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন জনোৱা এইটো বিশ্বৰ প্ৰথমটো মেলেৰিয়াৰ টীকা৷ WHOয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মেলেৰিয়াৰ বাবে বিশ্বত বছৰি ১০ৰ পৰা ৩০ লাখ মানুহৰ মৃত্যু হয়৷ ইয়াৰে প্ৰায় ৮০-৯০ শতাংশৰ মৃত্যু হয় আফ্ৰিকাৰ দেশসমূহৰ গ্ৰামাঞ্চলত৷ অৱশ্যে ভাৰতে মৃত্যুৰ হাৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে৷ পূৰ্বতকৈ ৪১ শতাংশ হ্ৰাস পাইছে মেলেৰিয়াত মৃত্যু হোৱা ৰোগীৰ সংখ্যা৷ বিশেষজ্ঞই জনোৱা অনুসৰি ১৯৮৭ চনত তৈয়াৰ কৰা হৈছিল এই ভেকচিন৷ বিভিন্ন জটিলতাৰ বাবে স্বীকৃতি প্ৰদান কৰা নাছিল ভেকচিনবিধক৷ সুদীৰ্ঘ ৩৪ বছৰৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাই বুধবাৰে অনুমোদন জনায় এই ভেকচিন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ