জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘ৰাইজ এণ্ড ফ’ল ২’ৰ পৰা ওলাই অহাৰ পিছতে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গায়িকা তথা অভিনেত্ৰী ছাৰা গুৰপালে। শ্ব’টোৰ পৰা বাহিৰ হোৱাৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত তেওঁ বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিছে। আনকি তেওঁ আৰু তেওঁৰ পৰিয়ালক মৃ*ত্যুৰ ভাবুকি দিয়াৰ লগতে অভিনেত্ৰীগৰাকীৰ শৰীৰক লৈ অ*শ্লীল মন্তব্য কৰা বুলিও অভিযোগ কৰিছে ছাৰাই। ‘বিগ বছ ১৪’ৰ প্ৰাক্তন প্ৰতিযোগীগৰাকীয়ে ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। লগতে অনলাইনত এনে ধৰণৰ ভাবুকি আৰু অপমানজনক মন্তব্য কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সকীয়নি দিছে তেওঁ।
ছাৰা গুৰপালে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে যে ‘ৰাইজ এণ্ড ফ’ল ২’ তেওঁৰ বাবে এক সম্পূৰ্ণ নতুন অভিজ্ঞতা আছিল। কিন্তু শ্ব’টোৰ পৰা ওলাই অহাৰ পিছত ছ’চিয়েল মিডিয়াত তেওঁ যিবোৰ মন্তব্য আৰু প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে, সেয়া অত্যন্ত আচৰিত আৰু নিন্দনীয়। অভিনেত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ মতামতৰ সৈতে কোনো লোকৰ মতানৈক্য থাকিব পাৰে। কিন্তু সেইবুলি তেওঁক বা তেওঁৰ পৰিয়ালক মৃ*ত্যুৰ ভাবুকি দিয়া আৰু তেওঁৰ শৰীৰক লৈ অ*শ্লীল মন্তব্য কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। ছাৰাই কয় যে প্ৰতিগৰাকী ব্যক্তিৰ নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ আছে। কিন্তু মতানৈক্যৰ বাবে আনক ভাবুকি দিয়া, অপমান কৰা বা হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাই।
ছাৰা গুৰপালে অনলাইনত ভাবুকি দিয়া লোকসকলক কঠোৰ ভাষাৰে সকীয়নি দিছে। তেওঁৰ মতে, এনে কাৰ্যত জড়িত লোকসকলক তেওঁলোকৰ কৰ্মৰ বাবে জবাবদিহি কৰাটো অতি প্ৰয়োজনীয়। অভিনেত্ৰীগৰাকীয়ে নিজৰ পোষ্টত চাইবাৰ ক্ৰাইম চেল ইণ্ডিয়াৰ ইনষ্টাগ্ৰাম একাউণ্টটো টেগ কৰি এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। তেওঁ স্পষ্টকৈ কয় যে তেওঁৰ আৰু পৰিয়ালৰ বিৰুদ্ধে ভাবুকি দিয়াসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ছাৰা গুৰপাল পাঞ্জাবী মনোৰঞ্জন জগতৰ এগৰাকী পৰিচিত মুখ। গায়িকা আৰু অভিনেত্ৰী হিচাপে তেওঁ দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। ‘মঞ্জে বিষ্ট্ৰে’ আৰু ‘শ্বাৱ নি গিৰ্ধৰী লাল’ৰ দৰে পাঞ্জাবী ছবিতো তেওঁ অভিনয় কৰিছে। ইয়াৰ উপৰি ছাৰাই জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৪’ত অংশগ্ৰহণ কৰিছিল। অৱশ্যে, সেই শ্ব’ত তেওঁৰ যাত্ৰা বেছি দিনীয়া নাছিল। তেওঁ ‘ৰিয়েলিটি কুইনছ অব দ্য জংগল ২’তো অংশগ্ৰহণ কৰিছিল আৰু ৰানাৰ্ছ আপ হৈছিল। বিভিন্ন ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰাৰ বাবে ছ’চিয়েল মিডিয়াতো ছাৰাৰ যথেষ্ট অনুৰাগী আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















