৭মে অৰ্থাৎ আজি বুধবাৰে দেশৰ একাধিক ৰাজ্যত চলিছে মকড্ৰিল৷ তাৰপূৰ্বে মাজনিশা পাকিস্তানৰ পঞ্জাৱ প্ৰদেশ আৰু পাক অধিকৃত কাশ্মীৰৰ ৯ স্থানত এয়াৰ টু ছাৰফেছ মিছাইলেৰে আক্ৰমণ চলাইছে ভাৰতে৷ আক্ৰমণৰ নাম দিয়া হৈছে অপাৰেছন সেন্দুৰ৷ আজি দিনৰ ১০ বজাৰ অপাৰেছন সেন্দুৰক লৈ নতুন দিল্লীত সংবাদমেল আয়োজন কৰি আক্ৰমণৰ প্ৰেক্ষাপট আৰু কাৰ্যকৰণ আৰু ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে ব্ৰিফিং দিয়ে কেন্দ্ৰীয় বিদেশ সচিব বিক্ৰম মিশ্ৰিয়ে৷ তেওঁৰ সৈতে বৈঠকত উপস্থিত আছিল লেফ্টেনেণ্ট কৰ্নেল ছোফিয়া কুৰেছি আৰু বায়ুসেনাৰ উইং কমাণ্ডাৰ বোমিকা সিং৷ কোন এই দুই মহিলা অফিচাৰ? ছোফিয়াৰ সৈতে অসমৰ কি সম্পৰ্ক জানি থওক সবিশেষ৷
ছোফিয়া কুৰেছি গুজৰাটৰ বাসিন্দা৷ ১৯৮১ চনত গুজৰাটৰ ভদোদৰাত তেওঁৰ জন্ম৷ বায়কেমিষ্ট্ৰিত স্নাতকোত্তৰ৷ আৰ্মি ফেমিলিৰ ছোফিয়াৰ ককায়েকো সেনাবাহিনীতেই আছিল৷ তেওঁৰ পিতৃয়েও কেইবাবছর ধৰি সেনাবাহিনীৰ এজন ধৰ্মীয় শিক্ষক হিচাপে দায়িত্ব পালন কৰিছিল৷ আৰু এক প্ৰতিবেদনত কোৱা হৈছে যে, ছোফিয়া মেকানাইজড ইনফ্ৰেণ্ট্ৰিৰ এক সেনাকৰ্তা মেজৰ তাজুদ্দিন কুৰেছিৰ পত্নী আৰু তেওঁৰ এটি পুত্ৰসন্তানো আছে৷
নাম সমীৰ কুৰেছি৷ ১৯৯৯ চনত ছোফিয়াই ভাৰতীয় সেনাবাহিনীত যোগদান কৰে৷ ১৯৯৯ চনত চেন্নাইৰ অফিচাৰ্ছ ট্ৰেনিং একাডেমীত প্ৰশিক্ষণ৷ তাৰপাছতেই ছোফিয়াই সেনাবাহিনীত লেফটেনেন্ট হিচাপে যোগদান কৰে৷ ২০০৬ চনত ছোফিয়াই কঙ্গোৰ ৰাষ্ট্ৰপুঞ্জৰ শান্তিৰক্ষা মিছনৰ সামৰিক পৰ্যবেক্ষক হিচাপে দায়িত্ব পালন কৰে৷ ছোফিয়া ২০১০ চনৰ পৰা শান্তিৰক্ষা অভিযানৰ সৈতে যুক্ত৷
পঞ্জাৱ সীমান্ত অপাৰেছন পৰাক্ৰমেৰে সময় আৰু অবদানৰ বাবে তেওঁক জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফৰ পৰা এক প্ৰশংসাপত্ৰও পায়৷ উত্তৰ পূব ভাৰতত বিশেষকৈ অসমত বান পৰিস্থিতিৰ সময়ত তেওঁ কৰা অসাধাৰণ কামৰ বাবে তেওঁক ছিগনেল অফিচাৰ ইন চিফে এখন প্ৰশংসাপত্ৰও দিছিল৷ ফৰ্ছ কমাণ্ডাৰৰ পৰা তেওঁ প্ৰশংসাও পাইছিল৷ লেফটেনেণ্ট কৰ্নেল ছোফিয়া কুৰেছিয়ে ২০১৬ চনত সামৰিক অভিযানত তেওঁ ভাৰতীয় দলক নেতৃত্ব দিছিল৷
উল্লেখ কৰা প্ৰয়োজন যে ছোফিয়াই গুৱাহাটীৰ নাৰেংগীৰ সেনা চাউনীত দুবছৰ কৰ্মৰত আছিল৷ অসমৰ মিলিটেৰী আৰক্ষীৰ দায়িত্বত আছিল ছোফিয়া৷ ২০২১-২০২২ চনত লেফটেনেণ্ট কৰ্ণেল পদত আছিল ছোফিয়া কুৰেছি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ