• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদায় ক্ষণ সমাগত… পদবীক বিদায় দিলেও কিয় দেশবাসীয়ে মনত ৰাখিব মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ক?

বিদায় ক্ষণ সমাগত… পদবীক বিদায় দিলেও কিয় দেশবাসীয়ে মনত ৰাখিব মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ক?

1 year ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

51 minutes ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

1 hour ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

2 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

3 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

12 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

12 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

13 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

13 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

14 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

14 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

14 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিদায় ক্ষণ সমাগত… পদবীক বিদায় দিলেও কিয় দেশবাসীয়ে মনত ৰাখিব মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ক?

বিদায় ক্ষণ সমাগত... পদবীক বিদায় দিলেও কিয় দেশবাসীয়ে মনত ৰাখিব মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ক?

editor by editor
October 26, 2024
in বিবিধ, ভাৰত, লেখা, শিক্ষা
0
বিদায় ক্ষণ সমাগত… পদবীক বিদায় দিলেও কিয় দেশবাসীয়ে মনত ৰাখিব মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ক?
0
SHARES
319
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিদায় ক্ষণ সমাগত৷ আৰু কেইটামান দিনহে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈ আছে ডি ৱাই চন্দ্ৰচূড়৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এইগৰাকী মুখ্য ন্যায়াধীশে দেশৰ জনতাৰ মনত বিশেষ সাঁচ বহুৱাইছে৷ বহুতেই তেওঁৰ বিষয়ে জানিবলৈকো আগ্ৰহী হৈ উঠিছে৷ থোৰতে জানি থওক ডি ৱাই চন্দ্ৰচূড়ৰ পৰিচয়৷

ডিৱাই চন্দ্ৰচূড়ক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিব লাগে বুলি আৱেদন কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ উমেশ ললিতে৷ আনুষ্ঠানিকভাৱে উত্তৰসূৰিৰ নাম প্ৰস্তাৱ কৰা চিঠিখন কেন্দ্ৰৰ হাতত তুলি দিছিল উমেশ ললিতে৷ তাৰপিছতেই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত লয় ডিৱাই চন্দ্ৰচূড়ে৷

ক’ত আৰম্ভ হৈছিল চন্দ্ৰচুড়ৰ শৈক্ষিক জীৱন?

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ জন্ম হৈছিল ১৯৫৯ চনৰ ১১ নৱেম্বৰত মুম্বাইত৷ তেওঁৰ পিতৃ যশৱন্ত বিষ্ণু চন্দ্ৰচূড়ো আছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ৷ ১৯৭৮ চনৰ পৰা ১৯৮৫ চনলৈ তেওঁ দেশৰ মুখ্য ন্যায়াধীশৰ দায়িত্বত আছিল৷ বৰ্তমান সময়লৈকে দীৰ্ঘকালীন মুখ্য ন্যায়াধীশৰ আসনত বহা মুখ্য ন্যায়াধীশেই হৈছে যশৱন্ত বিষ্ণু চন্দ্ৰচূড়৷ ইফালে ডিৱাই চন্দ্ৰচুড়ৰ মাতৃ প্ৰভাদেৱী আছিল শাস্ত্ৰীয় সংগীতত বিশেষ ডিগ্ৰীধাৰী মহিলা৷ আইনৰ বিষয় তেওঁ বিশেষ ইচ্ছুক নাছিল৷ সন্তান ডিৱাই চন্দ্ৰচূড়ে আইনৰ বিষয় বাছি লোৱাৰ পাছতেই মাতৃয়ে কৈছিল, ‘পিতৃৰ কৰ্মই ধনঞ্জয়ক আকৃষ্ঠ কৰে৷ মই কিন্তু এইবোৰত লাগি নাথাকো৷ বেছিভাগ সময় মই শাস্ত্ৰীয় সংগীত চৰ্চাতেই ব্যস্ত থাকো৷’

কৰ্মক্ষেত্ৰ

মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে সৰুৰে পৰাই পিতৃৰ আইন বিষয়ক কথাবোৰক লৈ আকৃষ্ট হৈছিল৷ মুম্বাইৰ কেথিড্ৰেল এণ্ড জন কোনন স্কুলত পঢ়াশুনা শেষ কৰাৰ পিছতেই চন্দ্ৰচূড়ে দিল্লীৰ ছেণ্ট কলম্বাছ বিদ্যালয়ত নামভৰ্তী কৰে৷ ১৯৭৯ চনত দিল্লীৰ ছেণ্ট ষ্টিফেন কলেজৰ পৰা গণিত আৰু অৰ্থনীতিত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে৷ কিন্তু গণিত আৰু অৰ্থনীতি দুয়োটা বিষয়ক লৈয়েই তেওঁ আগ্ৰহী নাছিল৷ পিতৃৰ দৰে তেওঁ আইনৰ কথাবোৰৰ প্ৰতিহে বেছিকৈ আগ্ৰহী আছিল৷ ১৯৮২ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইনত স্নাতক হয় মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়৷ তাৰপাছতেই হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰে চন্দ্ৰচূড়ে৷ হাৰ্ভাৰ্ডৰ পৰাই আইন বিষয়ত গৱেষণাও কৰে৷ দিল্লী বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ৰ পৰাই চন্দ্ৰচূড়ে আইনী বিষয়ক কামকাজত মনোনিবেশ কৰিছিল৷ ১৯৯৮ চনত চন্দ্ৰচূড়ে বম্বে হাইকৰ্টৰ চিনিয়ৰ অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷

ইয়াৰপাছতেই ২০১৩ চনত এলাহবাদ হাই কৰ্টৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে চন্দ্ৰচূড়ে৷ ২০১৬ চনৰ ১৩ মে’ত তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে৷ দেশৰ অতিৰিক্ত চলিচিটৰ জেনেৰেলৰ দায়িত্ব লয় চন্দ্ৰচূড়ে৷ উচ্চতম ন্যায়ালয়ৰ আধাৰ মোকৰ্দমা বেঞ্চৰ তেওঁ সদস্য আছিল৷ এই ৰায়দানত ন্যায়াধীশ চন্দ্ৰচূড়ে সতৰ্কবাণী দিছিল, ‘এজন ব্যক্তিৰ প্ৰতিটো ব্যক্তিগত তথ্যৰ সৈতে আধাৰ সংযোগ কৰিলে ব্যক্তিৰ অধিকাৰত আঘাত লাগিব পাৰে৷ আধাৰ ব্যৱস্থাক লৈ বৰ্তমানলৈ কৰা ১০ টা ভুলৰ কথাও তেওঁ শুনানিৰ সময়ত বাখ্যা কৰিছিল৷ ৰাম জন্মভূমি, বাবৰি মছজিদ প্ৰসংগক লৈ থকা উচ্চতম ন্যায়ালয়ৰ বিশেষ ৫জনীয়া বিচাৰপীঠৰো সদস্য ন্যায়াধীশ আছিল চন্দ্ৰচূড়৷ এই বেঞ্চৰ নেতৃত্বত আছিল অসমৰ ৰঞ্জন গগৈ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ২০১৯ চনৰ ৯ নৱেম্বৰত দেশৰ সকলোতকৈ বিতৰ্কিত মোকৰ্দমাৰ ৰায় দি ইতিহাস ৰচনা কৰিছিল৷

সন্ত্ৰাস বিৰোধী আইনৰ অপব্যৱহাৰক লৈয়ো কাঢ়া হৈছিল ন্যায়াধীশ চন্দ্ৰচূড়৷ ২০২১ চনত আমেৰিকা আৰু ভাৰতৰ আইনী সম্পৰ্কক লৈ আয়োজন কৰা এক অনুষ্ঠানত বক্তৃতা প্ৰদান কৰাৰ সময়ত চন্দ্ৰচূড়ে কৈছিল, ‘অসন্তুষ্টিৰ বাবেই সন্ত্ৰাস বিৰোধী আইনৰ অপব্যৱহাৰ নকৰিব৷’ আদালতৰ কক্ষৰ শুনানি চলি থকাৰ মাজৰ এটা ভিডিঅ’ ভাইৰেল হোৱাক কেন্দ্ৰ কৰি চন্দ্ৰচূড়ে কৈছিল, ‘ৰায় আৰু প্ৰশ্নোত্তৰ শিতানৰ মাজত পাৰ্থক কি সেয়া বুজাৰ ক্ষমতা বহু সামাজিক মাধ্যম ইউজাৰকাৰীৰেই নাই৷’

তেওঁ বিভিন্ন সময়ত বিভিন্ন বিষয়ক লৈ মুক্তকণ্ঠে কিছু কথা কৈ আহিছে৷ তেওঁ আনকি ন্যায়াধীশসকলকো বহুসময়ত সমালোচনা কৰিছে৷ তেওঁ মহাৰাষ্ট্ৰ আৰু উত্তৰপ্ৰদেশৰ ন্যায়াধীশসকলক উদ্দেশ্যি তেওঁ কৈছিল, ‘এই দুই ৰাজ্যৰ ন্যায়াধীশৰ আক্ৰমণ কৰাৰ প্ৰৱণতা খুবেই বেছি৷’ ইয়াৰোপৰি তেওঁৰ এটা ঐতিহাসিক মন্তব্য হৈছে, ‘খাদ্যৰ বাবে কাৰোবাক পিটি হত্যা কৰিলে তাৰ ব্যঙ্গচিত্ৰ বনোৱা কাৰ্টুনিষ্টক জে’ল দিয়াতেই দেশৰ সংবিধান ব্যৰ্থ হৈছে৷ ধৰ্মীয় বিষয়ক লৈ মন্তব্য কৰাৰ বাবে কোনো ব্লগাৰৰ যদি জে’ল হয় তেন্তে এই দেশত সংবিধান ব্যৰ্থ হৈছে৷’

স্মৰণীয় ৰায়

ডিৱাই চন্দ্ৰচূড় কেৱল তেওঁৰ মন্তব্যৰ বাবেই প্ৰশংসনীয় তেনে নহয়৷ আইনৰ দিশটোত তেওঁৰ দক্ষতা পিতৃতকৈয়ো বেছি৷ তাৰ প্ৰমাণ তেওঁ দাঙিও ধৰিছে৷ পিতৃৰ দিনত সমাধান কৰিব নোৱাৰা গোচৰৰ তেওঁ ৰায়দান কৰিছে৷ তেওঁৰ পিতৃয়ে দিয়া ৰায় সঠিক নাছিল বুলিও তেওঁ মুক্তভাৱে প্ৰকাশ কৰিছিল৷ তেওঁৰ পিতৃৰ সেই ৰায় আজিৰ প্ৰেক্ষাপটৰ সৈতে সম্পৰ্কিত৷ কিয়নো বিগত বৰ্ষত উচ্চতম ন্যায়ালয়ে দিয়া ৰায় ৰাহুলৰ সপক্ষে আছিল৷ আৰু ১৯৭৫ চনত চন্দ্ৰচূড়ৰ পিতৃয়ে দিয়া ৰায় আছিল ৰাহুলৰ আইতাক ইন্দিৰা গান্ধীৰ বিৰুদ্ধে৷ ১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ সময়ত ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন চৰকাৰে সমস্ত মৌলিক অধিকাৰ খৰ্ব কৰিছিল৷ সেই সিদ্ধান্ত ৰায় দিছিল উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠে৷ তেতিয়াৰ ন্যায়াধীশৰ ৫জনীয়া বিচাৰপীঠৰ মাজত আছিল যশৱন্ত বিষ্ণু চন্দ্ৰচূড়ো৷ ১৯৭৬ চনত সেই মোকৰ্দমা চৰ্চা বহুদিন ধৰি চলিছিল৷ পিতৃৰ সেই যুক্তি খাৰিজ কৰি ২০১৭ চনত ন্যায়াধীশ চন্দ্ৰচূড়ে কয়, ‘৫জনীয়া সেই বিচাৰপীঠে সঠিক সিদ্ধান্ত লোৱা নাছিল৷ জীৱন আৰু ব্যক্তিস্বাধীনতা মৌলিক অধিকাৰৰ অবিচ্ছেদ্য অংগ৷ জীৱন আৰু ব্যক্তিস্বাধীনতাৰ পূৰ্ণ দখল কোনো সভ্য দেশত কাঢ়ি ল’ব নোৱাৰে৷’

এই বিষয়টোক লৈ চন্দ্ৰচূড়ে লগতে কৈছিল, ‘ব্যক্তিস্বাধীনতা মানুহৰ আদিম অধিকাৰ৷ জীৱন বা স্বাধীনতা ৰাষ্ট্ৰই দিয়া উপহাৰ নহয়৷ সংবিধানে এই অধিকাৰ তৈয়াৰ কৰা নাই৷’ ইয়াৰ পাছতেই ২০১৮ চনত তেওঁৰ পিতৃয়ে দিয়া আন এটি ৰায়তো দ্বিমত পোষণ কৰিছিল ন্যায়াধীশ চন্দ্ৰচূড়ে৷ ১৯৮৫ চনত চন্দ্ৰচূড়ৰ পিতৃ তথা ন্যায়াধীশ যশৱন্ত বিষ্ণু চন্দ্ৰচূড়ে ‘বিবাহ বহিৰ্ভূত’ সম্পৰ্কক অসাংবিধানিক বুলি ৰায় দিছিল৷ কিন্তু এই ৰায়ৰ ৩৩ বছৰ পাছত ২০১৮ চনত তেওঁৰ পুত্ৰ ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে কয়, ‘ভাৰতীয় দণ্ডবিধিৰ ৪৯৭ ধাৰাৰ ভিতৰতেই লিংগবৈষম্যৰ চাপ আছে৷ অৰ্থাৎ সমাজত প্ৰচলিত ধাৰণাকেই ন্যায়াধীশেও মানি লৈছিল৷ তেওঁলোকে মানি লৈছিল যে বিবাহৰ পাছত স্বামী এগৰাকী নাৰীৰ বাবে ভগৱান৷’

তাৰপিছতেই তেওঁলৈ প্ৰশ্ন আহিছিল, ‘বিবাহৰ পাছত পত্নীয়ে অইন কাৰোবাক যৌনসংগী কৰি ল’লে সেই বিষয়ত স্বামীয়ে সন্মতি দিব লাগেনে?’ এই প্ৰশ্নৰ উত্তৰত চন্দ্ৰচূড়ে কৈছিল, ‘এয়া পুৰুষতান্ত্ৰিক মনৰ এক প্ৰৱণতা৷ এই আইন অব্যাহত থাকিবই নালাগে৷’

ব্যক্তিগত জীৱন

ব্যক্তিগত জীৱনক লৈ আলোচনা কৰিবলৈ একেবাৰে পছন্দ নকৰে মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে৷ তেওঁৰ ব্যক্তিগত জীৱন কিন্তু তেঁওৰ আইনী যাত্ৰাৰ দৰে মসৃণ নহয়৷ ২০০৮ চনত তেওঁৰ পিতৃৰ মৃত্যু হয়৷ তাৰপিছতেই তেওঁ পত্নীৰো মৃত্যু হয়৷ পত্নীৰ মৃত্যুৰ কেইবাবছৰ পাছত তেওঁ পুনৰ বিবাহপাশত আৱদ্ধ হয়৷ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ দুগৰাকী সন্তানো আছে৷ দুয়োগৰাকী সন্তানেই কিন্তু দিব্যাংগ৷

সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ পৰা কেতিয়া বিদায় ল’ব?

নিয়ম অনুসৰি অৱসৰৰ পূৰ্বে মুখ্য ন্যায়াধীশে তেওঁৰ উত্তৰসূৰীক মনোনিত কৰে৷ সেই মনোনয়নত অনুমোদন দিছে কেন্দ্ৰীয় চৰকাৰে৷ সেইদৰে দেশৰ পৰবৰ্তী মুখ্য ন্যায়াধীশ হিচাপে সঞ্জীৱ খান্নাৰ নাম প্ৰস্তাৱ কৰা হৈছে৷ উল্লেখ্য যে মুখ্য ন্যায়াধীশ হিচাপে ডিৱাই চন্দ্ৰচূড়ৰ ম্যাদ শেষ হ’ব আগন্তুক ১০ নৱেম্বৰত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ
জীৱনশৈলী

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

April 7, 2026
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!
জীৱনশৈলী

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

April 7, 2026
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

April 7, 2026
Next Post
ডানাৰ মাজতেই ২২০১টা শিশুৰ জন্ম ওড়িশাত, বহুতেই সন্তানৰ নাম থৈছে ‘ডানা’ আৰু ‘ডানাবতী’

ডানাৰ মাজতেই ২২০১টা শিশুৰ জন্ম ওড়িশাত, বহুতেই সন্তানৰ নাম থৈছে ‘ডানা’ আৰু ‘ডানাবতী’

আপুনি কেতিয়াবা যদি চন্দ্ৰলৈ যায় তেন্তে জানি থওক দূৰত্ব আৰু সময়ৰ হিচাপ

আপুনি কেতিয়াবা যদি চন্দ্ৰলৈ যায় তেন্তে জানি থওক দূৰত্ব আৰু সময়ৰ হিচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.