জনতাৰ প্ৰতিবাদৰ পাছত শ্বেখ হাছিনাৰ পলায়ন, হিংসাজৰ্জৰ বাংলাদেশৰ এতিয়া কোন লৈছে দায়িত্ব
বাংলাদেশত সংৰক্ষিত বিৰোধী আন্দোলনৰ পিছত যি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া বন্ধ হোৱা নাই। দেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি নিৰাপদ স্থানলৈ পলায়ন কৰিছে। ইয়াৰ পিছত বাংলাদেশৰ ভৱিষ্যত কি হ’ব সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে।
অৱশ্যে বাংলাদেশ সেনাই অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰিছে। যদি বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হয় তেন্তে ইয়াৰ কমাণ্ড বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানৰ হাতত থাকিব।
শ্বেখ হাছিনা দেশ এৰি যোৱাৰ খবৰৰ মাজতে সেনা প্ৰধানগৰাকীয়ে টেলিভিছনৰ ভাষণৰ সময়ত কয়, ‘মই (দেশৰ) দায়িত্ব লৈছো। অনুগ্ৰহ কৰি সমৰ্থন কৰক।” ইয়াৰ লগতে সেনা প্ৰধানগৰাকীয়ে ৰাজনৈতিক নেতাসকলক সাক্ষাৎ কৰি আইন-শৃংখলাৰ দায়িত্ব সেনাই ল’ব বুলি কয় বুলি কয়। অৱশ্যে এই বৈঠকত শ্বেখ হাছিনাৰ দল আৱামী লীগৰ কোনো নেতা উপস্থিত নাছিল।
প্ৰতিবাদকাৰীসকলক সংযম আৰু হিংসা বন্ধ কৰিবলৈ আহ্বান জনায় জামানে। সকলো মানুহৰ বাবে “ন্যায়”ৰ বাবেও তেওঁ সংকল্প প্ৰকাশ কৰে। সেনাধ্যক্ষৰ এই ঘোষণাৰ পিছত লগে লগে শ শ লোকে ৰাজপথলৈ ওলাই আহি হাছিনাক অপসাৰণ কৰাৰ ঘটনা উদযাপন কৰিবলৈ আৰম্ভ কৰে।
ৱাকাৰ-উজ-জামান-
ৱাকাৰ-উজ-জামানৰ জন্ম হৈছিল ১৯৬৬ চনৰ ১৬ ছেপ্টেম্বৰত বাংলাদেশৰ শ্বেৰপুৰ জিলাত। ডিফেন্স চাৰ্ভিচেছ কমাণ্ড এণ্ড ষ্টাফ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু পিছলৈ ডিফেন্স ষ্টাডিজত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। লগতে লণ্ডনৰ কিংছ কলেজৰ পৰা ডিফেন্স ষ্টাডিজত এম এ কৰে।
ৱাকাৰ-উজ-জামানে ১৯৮৫ চনৰ ২০ ডিচেম্বৰত বাংলাদেশৰ সেনাবাহিনীত যোগদান কৰে। এই সময়ছোৱাত তেওঁ ৰাষ্ট্ৰসংঘৰ হৈ বাংলাদেশে বিভিন্ন দেশলৈ প্ৰেৰণ কৰা অভিযানসমূহৰ নেতৃত্বও দিছিল। ২০২০ চনত তেওঁ লেফটেনেণ্ট জেনেৰেল হিচাপে নিযুক্তি লাভ কৰে। এইবাৰ ২০২৪ চনৰ ১১ জুনত তেওঁ সেনাধ্যক্ষ নিৰ্বাচিত হয় আৰু ২৩ জুনত তেওঁ দায়িত্ব গ্ৰহণ কৰে। তিনি বছৰ ধৰি তেওঁক সেনা প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। জামান বাংলাদেশ সেনাৰ ৪ ষ্টাৰ জেনেৰেল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ