অসম লাইভ ২৪ঃ টুইটাৰৰ নতুন CEO পৰাগ আগৰৱালক লৈ ভাৰতীয়ৰ কৌতুহলৰ অন্ত পৰা নাই৷ শেহতীয়াভাৱে টুইটাৰৰ CEO পদত নিযুক্তি লাভ কৰিছে ভাৰতীয় মূলৰ পৰাগ আগৰৱালে৷ ইতিমধ্যে বিশ্বৰ প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত বহু ভাৰতীয়ই নিজৰ সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ তাৰে ভিতৰত অন্যতম পৰাগ আগৰৱাল৷ সম্প্ৰতি পৰাগ আগৰৱালৰ সম্পত্তিৰ পৰিমাণ তথা তেওঁৰ উপাৰ্জনক লৈ কৌতুহলী হৈছে তেওঁৰ অনুৰাগী৷ বিগত কিছুদিন ধৰি পৰাগ আগৰৱালৰ সম্পত্তিৰ পৰিমান আৰু তেওঁৰ উপাৰ্জন সৰ্বাধিক চৰ্চিত এটা বিষয়৷ তথ্য অনুসৰি, টুইটাৰৰ CEO হিচাপে তেখেতৰ মাহিলী উপাৰ্জন হ’ব ১ মিলিয়ন মাৰ্কিন ডলাৰ, অৰ্থাৎ ভাৰতীয় হিচাপত ৭ কোটি ৫২ লাখ ৪১ হাজাৰ ৫০০ টকা৷ ব্লুমবাৰ্গৰ তথ্য অনুসৰি, বিশ্বৰ বিভিন্ন কোম্পানীৰ সৰ্বকনিষ্ঠ CEO হৈছে পৰাগ আগৰৱাল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ