অসম লাইভ ২৪ঃ ভাৰতত তৃতীয় গৰাকী অমিক্ৰণত আক্ৰান্ত ক’ৰোনা ৰোগী চিনাক্ত৷ ব্যক্তি গৰাকী গুজৰাটৰ জামনগৰৰ৷ জিম্বাবৱেৰ পৰা গুজৰাটলৈ আহিছিল ব্যক্তি গৰাকী৷ বিমানবন্দৰত ক’ভিড পৰীক্ষা কৰোতে ধৰা পৰে অমিক্ৰণৰ উপস্থিতি৷ উল্লেখযোগ্য যে ৭২ বৰ্ষীয় ব্যক্তি গৰাকীয়ে বহু দশক ধৰি জিম্বাবৱেত বাস কৰিছিল। আৰু যোৱা মাহত নিজৰ মাতৃ ভূমিলৈ ঘূৰি আহিছিল ব্যক্তি গৰাকী। গুজৰাটৰ স্বাস্থ্য বিভাগৰ আয়ুক্তই সদৰি কৰে এই তথ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ