অসম লাইভ ২৪ঃ হোলুঙাৰে কাণ খজুৱা আৰু গছত গৰু উঠা কথা, এনেধৰণৰ নাভূত-নাশ্ৰুত মন্তব্য কেৱল বিজেপি মন্ত্ৰী বিধায়কৰ পৰাহে আশা কৰিব পাৰি। কিন্তু এইবাৰ এনেধৰণৰ মন্তব্য দিয়াত মন্ত্ৰী-বিধায়কৰ সমান্তৰালত অধিবক্তাও পিছ পৰি নাথাকিল। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে প্ৰদূষণে ভয়াৱহ ৰূপ লৈছে দেশৰ ৰাজধানী চহৰ দিল্লীত। পৰিৱেশ বিজ্ঞানীসকলে চিন্তা কৰি পাৰ পোৱা নাই , কেনেকৈ ৰোধ কৰা যায় দিল্লীৰ এই প্ৰদূষণ। তাৰ মাজতে উচ্চতম ন্যায়ালয়ৰ দিল্লীৰ প্ৰদূষণ সম্বন্ধীয় এক গোচৰত চকু কপালত তুলিব পৰা আচৰিত মন্তব্য দিলে উত্তৰ-প্ৰদেশ চৰকাৰৰ জেষ্ঠ চৰকাৰী অধিবক্তা ৰঞ্জিৎ কুমাৰে । কুমাৰৰ মতে মতে, দিল্লীত প্ৰদূষণ বৃদ্ধিৰ মূল কাৰণ বোলে পাকিস্তান! পকিস্তানৰ পৰা প্ৰদূষিত বায়ু বোলে দিল্লীৰ দিশে গতি কৰাৰ বাবে হে দিল্লীত প্ৰদূষণৰ পৰিমাণ বৃদ্ধি হৈছে। অৰ্থাৎ, বিজেপিৰ এইগৰাকী অধিবক্তাৰ মতে দিল্লীৰ প্ৰদূষণৰ কাৰণ পাকিস্তান। মানে বিজেপিৰ মন্ত্ৰী বিধায়কৰ লগতে এইবাৰ অধিবক্তায়ো প্ৰমান কৰিলে যে সকলো বিষয়তে পাকিস্তানৰ নাম নাটানিলে সঁচাকৈয়ে বিজেপিৰ পেটলৈ ভাতেই নাযায়। হাঁয় ৰে বিজেপিৰ অধিবক্তা! কিযে কম তোমাৰ কথা। এনে কথা কৈ কৈয়ে দেশ ৰসাতলে নিলা!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ