• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

3 months ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

4 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

6 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

7 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

7 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

8 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

8 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

9 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

9 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

10 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

10 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

10 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

এই ঘটনাই যোগী আদিত্যনাথৰ ৰাজনৈতিক কেৰিয়াৰত পেলাব পাৰে প্ৰভাৱ

editor by editor
June 23, 2026
in অপৰাধ, ভাৰত, ৰাজনীতি, লেখা
0
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?
0
SHARES
82
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাম হৈছে বিশ্বৰ সনাতনীৰ একমাত্ৰ শ্ৰদ্ধা, বিশ্বাস আৰু আস্থাৰ প্ৰতীক ৷ সুদীৰ্ঘ সময় প্ৰায় ৫০০ বছৰৰ অপেক্ষাৰ অন্তত সনাতনীসকলে ওভোটাই পাইছিল নিজৰ ৰামক ৷ গীতে-মাতে পোহৰেৰে পুষ্পসজ্জাৰে ভগৱান প্ৰভু শ্ৰীৰামচন্দ্ৰক স্থাপন কৰা হৈছিল অযোধ্যাত। কিন্তু হিন্দুত্বৰ কাৰ্ড খেলি অযোধ্যাকো কুলষিত কৰিলে কোনে? ৰাম মন্দিৰত ভক্তই দান হিচাপে আগবঢ়োৱা প্ৰায় ২০০ কোটি টকাৰ নগদ ধনসহ সোণ-হীৰাৰ অলংকাৰ ৰহস্যজনকভাৱে অন্তৰ্ধান হোৱা ঘটনাই বিশ্বৰ আগতে লজ্জানত কৰিছে সনাতনীসকলক। সত্যই আধাৰ হিচাপে যুগ যুগান্তৰৰ পৰা আস্থাভাজন আৰু বিশ্বাসী সনাতনীসকলৰ বাবে এই ঘটনা অতিকে দুৰ্ভাগ্যজনক।

এই ঘটনা পোহৰলৈ অহাৰ পাছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ অতি কঠোৰ হৈ পৰা দেখা গৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গঠিত বিশেষ তদন্তকাৰী দল সাজু হৈছে নিজৰ প্ৰতিবেদন দাখিলৰ বাবে। ৰাম মন্দিৰৰ দান বৰঙনি সংগ্ৰহত জড়িত ৫০ৰো অধিক কৰ্মচাৰীক অব্যাহতি দিয়া হৈছে। শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ বেংক একাউণ্ট আছে অযোধ্যা SBI শাখাত। ইতিমধ্যে অযোধ্যা SBI শাখাৰো কেইবাগৰাকীও কৰ্মচাৰীক বদলি কৰা হৈছে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ অধীনত নিৰ্মাণ কৰা শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ দ্বাৰা পৰিচালিত হয় অযোধ্যাৰ ৰাম মন্দিৰ। কিন্তু তাৰ পাছতো সনাতনীসকল আশ্বস্ত হ’ব পৰা নাই। কাৰণ হৈছে ৰাম মন্দিৰৰ দান-বৰঙনিৰ চুৰিকাণ্ড৷ এই ঘটনাক লৈ প্ৰতিগৰাকী ৰামভক্তৰ মনতে ক্ষোভ আৰু দুখ দেখা গৈছে। সমগ্ৰ ঘটনাত সাঙোৰ খাই পৰিছে এটা বিশেষ নাম। শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ এগৰাকী বিশেষ ব্যক্তি হৈছে চম্পত ৰায়। ৰাম মন্দিৰ তীৰ্থক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে হৈছে মন্দিৰৰ সৰ্বেসৰ্বা। মন্দিৰৰ সমগ্ৰ পৰিচালনা আৰু ব্যৱস্থাপনা চোৱাচিতা কৰে চম্পত ৰায়ে। এই চম্পত ৰায়ৰ ওপৰতে উঠিছে অভিযোগৰ সকলো আঙুলি। চম্পত ৰায় না কোনো সাধু না সন্যাসী, কোনো মহাত্মাও নহয় এইগৰাকী চম্পত ৰায়। বহু বিশেষ বিশেষ ব্যক্তিৰ নাম সাঙোৰ খাইছে চম্পত ৰায়ৰ সৈতে। ইমান বৃহৎ চুৰিৰ ঘটনা সংঘটিত হোৱাৰ পাছতো তীৰ্থক্ষেত্ৰ ন্যাসৰ পৰা আঁতৰোৱা হোৱা নাই চম্পত ৰায়ক। প্ৰশ্ন হয়, চম্পত ৰায়ৰ ছত্ৰছায়াতে চুৰিকাণ্ড সংঘটিত হৈছে নেকি? নিজৰ ভক্তি আৰু বিশ্বাসৰ বাবে ৰাম মন্দিৰলৈ ভক্তই আগবঢ়োৱা দান বৰঙনি চুৰিৰ ঘটনাত জড়িত নেকি এইগৰাকী চম্পত ৰায়? ঘটনাৰ সকলো সাক্ষ্যপ্ৰমাণ নষ্ট কৰিবলৈ বা লুকুৱাবলৈ সময় দিয়া হৈছে নেকি চম্পত ৰায়ক? কোনো কি কাৰণত বচাবলৈ চেষ্টা কৰিছে এইগৰাকী চম্পত ৰায়ক?

ৰামৰ প্ৰতি থকা বিশ্বৰ প্ৰতিগৰাকী ভক্ত সনাতনীৰ মনত আজি এই প্ৰশ্ন উদ্ৰেক হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকালত এক মহান অনুভৱ হৈছে ৰাম মন্দিৰৰ প্ৰতিষ্ঠা। তেনে এক আস্থা আৰু বিশ্বাসৰ প্ৰতীকক লৈ ৰামভক্তসকলৰ শ্ৰদ্ধাৰ সৈতে কোনে খেলা কৰিছে? এই প্ৰশ্নৰ উত্তৰ কেতিয়া? ধাৰণা হৈছে ৰামৰ নাম লৈ একাংশই লুটি পুতি খালে নেকি ভক্তই অৰ্পণ কৰা দান-বৰঙনি? এইসমূহ প্ৰশ্নৰ উত্তৰ পাবলৈ এতিয়াও বাকী৷

যোগী আদিত্যনাথৰ ৰাজনৈতিক কেৰিয়াৰত পেলাব পাৰে প্ৰভাৱ

দেশৰ ৰাজনীতিত এক বৃহৎ পট পৰিৱৰ্তনৰ সম্ভাৱনাই দেখা দিছে৷ ৰাজনৈতিক মহলত এই বিষয়ত আলোচনা হৈছে৷ লোকসভাত বিজেপি আৰু NDAৰ শক্তি বৃদ্ধিৰ বাবে বিশেষ সমীকৰণ প্ৰস্তুত কৰা হৈছে৷ শেহতীয়াকৈ দেশৰ ৰাজনীতিত দেখা গৈছে এই সমীকৰণ৷ তৃণমুল কংগ্ৰেছৰ পৰা আৰম্ভ কৰি শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ মাজত প্ৰকাৰান্তৰে ভাঙোন আৰম্ভ হৈ গৈছে৷ একাংশ সাংসদে নিজৰ দল ত্যাগ কৰি বিজেপিৰ পক্ষত ঠিয় হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ এনে অৱস্থাত লোকসভাত বিজেপিৰ প্ৰায় ৩৬০ সাংসদ নিশ্চিত হৈ পৰিছে৷ অৰ্থাৎ এই পৰিসংখ্যা হৈছে দুই-তৃতীয়াংশ আৰু লোকসভাত এই পৰিসংখ্যা মানে হৈছে বিজেপিয়ে অনা যিকোনো বিধেয়ক সদনত গৃহীত কৰাৰ যাদু সংখ্যা৷ দুই-তৃতীয়াংশ সাংসদৰ অনুমোদন মানেই তাত দেশৰ শীৰ্ষ আদালতেও কৰিব নোৱাৰিব কোনো হস্তক্ষেপ৷ বৰ্তমান লোকসভাত বিজেপি নেতৃত্বাধীন NDAৰ শক্তি হৈছে ২৯৩গৰাকী সাংসদ৷

আগন্তুক বৰ্ষাকালীন অধিবেশনত এই দুই তৃতীয়াংশ সদস্যৰ সমৰ্থনত দুখন বিধেয়ক আইন হৈ যোৱাৰ সম্ভাৱনা একেবাৰে প্ৰকট হৈ পৰিছে৷ চৰ্চালৈ আহিছে এক দেশ এক নিৰ্বাচন আৰু লোকসভা সমষ্টিৰ পুনৰনিৰ্ধাৰণ বিধেয়ক৷ ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে, বৰ্ষাকালীন অধিৱেশনত উত্থাপন হ’ব পাৰে আন এখন চৰ্চিত সংবিধান সংশোধনী বিধেয়ক৷ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ১৯৭৬চনৰ ৪২সংখ্যক সংবিধান সংশোধনী আইনৰ দ্বাৰা সংযোজন কৰা এটা শব্দ হৈছে ‘ছেকুলাৰ’ অৰ্থাৎ ধৰ্মনিৰপেক্ষতা। আগন্তুক বৰ্ষাকালীন অধিৱেশনত বিজেপি নেতৃত্বাধীন NDAয়ে উত্থাপন কৰিব ধৰ্মনিৰপেক্ষতা শব্দটো উঠাই লোৱা সংবিধান সংশোধনী বিধেয়ক৷

২০২৯ৰ ভিতৰত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত বিজেপিয়ে সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো প্ৰায়ে নিশ্চিত৷ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হ’ব পাৰে সনাতনৰ অন্যতম শক্তিশালী সমৰ্থক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী৷ এনে অৱস্থাত ৰাম মন্দিৰৰ পৰা ভক্তই অৰ্পণ কৰা ২০০ কোটিৰো অধিক দান-বৰঙনি চুৰি হোৱা কাৰ্যই আন এক ইংগিতহে প্ৰদান কৰিছে৷ ইয়াৰ দ্বাৰা বিজেপিৰ ভাবমূৰ্তি হেয় প্ৰতিপন্ন কৰিবলৈ একাংশই ষড়যন্ত্ৰত লিপ্ত হৈ পৰিছে নেকি? যদিহে যোগী আদিত্যনাথ ২০২৯ৰ সাধাৰণ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন NDAৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হয় তেন্তে তেঁওৰ মুখ্যমন্ত্ৰিত্বৰ সময়ত সংঘটিত এই ঘটনাই ৰাজনৈতিক কেৰিয়াৰতো পেলাব ব্যাপক প্ৰভাৱ৷ আনহাতে সমুখত আছে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন৷ দেশবিৰোধী শক্তিক উচিত প্ৰত্যুত্তৰ দিয়াত সিদ্ধহস্ত যোগী আদিত্যনাথৰ বাবে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰত্যাহ্বান হ’ব নেকি ৰাম মন্দিৰৰ চুৰিৰ ঘটনা? আজিৰ সময়ত মূল্যবোধৰ ৰাজনীতিৰ প্ৰয়োজনীতা হেৰুৱাই পেলোৱা একাংশৰ বাবে এয়া কোনো ডাঙৰ কথা নহয়৷

আগন্তুক বৰ্ষাকালীন অধিৱেশনত যদিহে বিজেপিয়ে নিজৰ সমীকৰণ মতে আগবাঢ়ে তেতিয়াহ’লে হয়টো ভাৰত হিন্দু ৰাষ্ট্ৰ হোৱাৰ পথো মুকলি হৈ পৰিব৷ বিশ্বৰ ভিতৰতে সৰ্বাধিক হিন্দু থকা দেশ হৈছে ভাৰত৷ যদি ইছলামধৰ্মীসকলৰ বাবে নিজ ধৰ্মত বিশ্বাসী দেশ থাকিব পাৰে, খ্ৰীষ্টানসকলৰ বাবে নিজ ধৰ্মত বিশ্বাসী দেশ থাকিব পাৰে, তেন্তে ভাৰতবৰ্ষ হিন্দুৰাষ্ট্ৰ হোৱাত কোনো আপত্তি নাই৷ পুৰুষোত্তম ৰামৰ আদৰ্শত বিশ্বাসী প্ৰতিগৰাকী সনাতনীৰ বাবে এয়া এক মহৎ উপলব্ধি৷ এনে অৱস্থাত ৰাম মন্দিৰৰ পৰা বৰঙনিৰ ধন আৰু অলংকাৰ চুৰিৰ ঘটনাই সকলো দিশ ওলট-পলট কৰি দিব পাৰে৷ অৱশ্যে যোগী আদিত্যনাথৰ দৰে এগৰাকী শক্তিশালী নেতা থকাৰ পাছতো সংঘটিত এই ঘটনাৰ তদন্ত নিৰপেক্ষভাৱে সম্পন্ন কৰি উত্তৰ প্ৰদেশ চৰকাৰে ইয়াৰ সৈতে জড়িতসকলক ন্যায়ৰ আওতালৈ আনিব বুলি ধৰি ল’ব পাৰি৷

এই লেখাটো যুগুতাইছে সীমান্ত কলিতাই

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ajodhya ram mandirasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়
বিনোদন

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

September 15, 2026
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

September 15, 2026
UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
Next Post
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.