কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ! কেজৰিৱালে ক’লে- জেলত থাকিলেও দেশৰ বাবে জীৱন উৎসর্গিত
গ্ৰেপ্তাৰৰ পাছতে প্ৰথমবাৰৰ বাবে কোনো মন্তব্য আগবঢ়াই দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ প্ৰতিষ্ঠাপক অৰবিন্দ কেজৰিৱালে। যতেই নাথাকক কিয়, সেয়া লাগিলে কাৰাগাৰেই হওক, দেশৰ বাবে জীৱন উৎসর্গিত। সদায়ে দেশৰ হৈ কাম কৰি যাব কেজৰিৱালে।
সুৰা নীতি ২০২১ৰ কেকেংকাৰীৰ বাবে ইডিয়ে ২১ মাৰ্চ তাৰিখে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক। কালিৰে পৰা কাৰাগাৰত আছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। তাৰে মাজতে আজি বহু সময় ধৰি জেৰাও কৰা হয় কেজৰিৱালক। এফালে ন্যায়ালয়ৰ জামিন নাকচ, আনফালে জেৰাৰ পাছতে ইডিয়ে ১০ দিনৰ ন্যায়িক জিম্মালৈ নিয়ে মুখ্যমন্ত্ৰীগৰাকীক।
কেজৰিৱালৰ এই গ্ৰেপ্তাৰক দিল্লীৰ কেবিনেট মন্ত্ৰী আতিশী মাৰলীনাই বিজেপিৰ ষড়যন্ত্ৰ আখ্যা। সাংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, আপক শক্তিশালী বিৰোধী বুলি ভয় কৰিছে বিজেপিয়ে। সেয়ে নীতি বিৰোধী কাম কৰি আছে। এই কামে আপ দলটোৰ নিৰ্বাচনত কোনো ক্ষতি নকৰে। বৰঞ্চ ই দলটোক আৰু অধিক শক্তিশালী কৰিব।
কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী-
পাছে এতিয়া কি হ’ব মুখ্যমন্ত্ৰীৰ আসন। কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী। কি হ’ব কেজৰিৱালৰ। এই ক্ষেত্ৰত বহু লোকেই মত প্ৰকাশ কৰিছে আতিশীয়ে পাব শাসনৰ বাঘজৰী। আন কোনোৱে লৈছে আকৌ কেজৰিৱালৰ পত্নী সুনিতা কেজৰিৱালৰ নাম। তাৰে লগতে আকৌ নাম উচ্চাৰিত হৈছে দলৰেই আন এক নেতা সৌৰভ ভৰদ্বাজৰ।
এই ক্ষেত্ৰত দিল্লী কেবিনেটৰ শিক্ষা, বিত্ত, পি ডব্লিউ ডি, ৰিভিনিউ এণ্ড চাৰ্ভিচ আদি সৰ্বাধিক পদ লৈ থকা মন্ত্ৰী আতিশীক কেজৰিৱালৰ পৰৱৰ্তী বুলি অধিক আশা কৰা হৈছে। অধিক শক্তিশালী হোৱাৰ লগতে কেজৰিৱালৰ পাছতে মুখ্যমন্ত্ৰীৰ পদ লব পৰা যোগ্যজনো হৈছে আতিশী।
এতিয়া সময়লৈহে অপেক্ষা কি হয় পৰিস্থিতি। কেজৰিৱালেই মুখ্যমন্ত্ৰী হৈ থাকে নে সেই পদত অধিষ্ঠিত হয় অন্য কোনো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ