বিৰাট কোহলীৰ বায়’পিক – বিৰাটে নিজেই কৰিব নে চাঞ্চ পাব কোনো অন্যই
বিগত কেইবছৰমানৰ পৰা বলীউডত বায়’পিকৰ ধাৰা বিশেষকৈ ক্ৰীড়া বায়’পিকৰ প্ৰতি ধাউতি বৃদ্ধি পাইছে। ইতিমধ্যে এম এছ ধোনী, কপিল দেৱ, মেৰী কম, মিলখা সিং, পান সিং টোমাৰৰ দৰে মহান ক্ৰীড়া ব্যক্তিত্বৰ জীৱনৰ আধাৰত ছবি নিৰ্মাণ কৰা হৈছে।
পাছে বহু দিনৰে পৰা পুনৰ এগৰাকী খেলুৱৈৰ জীৱনৰ ওপৰত ছবি নিৰ্মাণৰ কথা উৰি আছে বলীউডৰ আকাশে বতাহে। সেই খেলুৱৈগৰাকী হৈছে- ভাৰতীয় ক্ৰিকেট দলৰ ছুপাৰষ্টাৰ বিৰাট কোহলী। কোহলীৰৰ বায়’পিকৰ কথাও বহু বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।
পাছে তাৰে মাজতে আন কথাও ওলাবলৈ ধৰিছে- বিৰাটৰ ওপৰত যদি বায়’পিক নিৰ্মাণ কৰা হয়, তেন্তে তেওঁৰ চৰিত্ৰৰ বাবে কোনজন অভিনেতা সৰ্বোত্তম হ’ব। নি সুদৰ্শন চেহেৰাৰ বিৰাটেই কৰিব নিজৰ বায়’পিক!
আনহাতে অভিনেতাসকলৰ ভিতৰত নাম উত্থাপন হৈছে বলীউডৰ অভিনেতা শ্বাহিদ কাপুৰৰ নাম। অস সাক্ষাততো শ্বাহিদে কয় যে যদি তেওঁ বিৰাট কোহলীৰ বায়’পিকৰ বাবে অফাৰ পায় তেন্তে তেওঁ সেই ছবি কৰিবলৈ পাই সুখী হব।
সাক্ষাতৰ সময়ত যেতিয়া শ্বাহিদ কাপুৰক সোধা হৈছিল যে তেওঁ বিৰাট কোহলীৰ বায়’পিকখন কৰিবনে, যদি এই সুযোগ পায়। এই বিষয়ে শ্বাহিদে কয় যে তেওঁ নিজেই এই বিষয়ত কোনো সিদ্ধান্ত ল’ব নোৱাৰে।
প্ৰথমেই আহিব বিৰাটৰ অনুমতি, নিজৰ জীৱনৰ ওপৰত বায়’পিক বিচাৰে নে নাই বিৰাট কোহলীৰ ওপৰত এৰি দিয়া উচিত। আৰু যদি বিচাৰে , তেন্তে কাক তেখেতে নিজৰ চৰিত্ৰত বিচাৰিব। বিৰাটৰ পছন্দ আপছন্দৰ ওপৰত হে নিৰ্ভৰ কৰিব সকলো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ