১৯ ছেপ্টেম্বৰ শুকুৰবাৰে অসমে হেৰুৱাইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক৷ জুবিন গাৰ্গৰ মৃত্যুত শোকাহত হৈ আছে অসমবাসী৷ প্ৰিয় শিল্পীৰ মৃত্যুত ৰহস্যৰো সন্ধান পাইছে বহুজনে৷ ৰাজ্যজুৰি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ’ব পাৰে বুলি প্ৰতিবাদো অব্যাহত আছে৷ জুবিন গাৰ্গৰ মৃত্যুৰ লগে লগেই শেষ হৈছে এক সংগীতৰ অধ্যায়ো৷ জুবিনৰ মৃত্যুক লৈ দেশ বিদেশৰ বিভিন্নজনে বিভিন্ন ধৰণে শোকপ্ৰস্তাৱো গ্ৰহণ কৰিছে৷ শেহতীয়াকৈ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ চহৰত জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ মূৰ্তি স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে৷ কোচবিহাৰ চহৰ, কোচবিহাৰ জিলাৰ সদৰ চহৰত এই মূৰ্তি স্থাপন কৰা হ’ব৷
কোচবিহাৰ পৌৰসভাত চেয়াৰমেন ৰবীন্দ্ৰনাথ ঘোষে ইণ্ডিয়ান এক্সপ্ৰেছক দিয়া এক সাক্ষাৎকাৰত এই কথা স্পষ্ট কৰিছে৷ ইণ্ডিয়ান এক্সপ্ৰেছক জনায়, ‘জুবিন গাৰ্গ উত্তৰ পূৱ ভাৰতৰ সংস্কৃতিৰ প্ৰতীক আৰু কোচবিহাৰৰ সৈতেও জুবিনৰ সামাজিক আৰু সাংস্কৃতিক যোগসূত্ৰ আছে৷ তেওঁ বহুবাৰ কোচবিহাৰত গীত পৰিবেশনৰ বাবে আহিছে৷ সৰ্বশেষ পাৰ্ফৰমেন্স আছিল ২০১৮ চনত৷ কোচবিহাৰৰ মানুহেও তেওঁক শ্ৰদ্ধা কৰে ভালপায়৷ আমি ৰাসত এইবাৰ তেওঁৰ স্মৃতিক উৎসৰ্গা কৰাৰ বাবে এখন মঞ্চ তেওঁৰ নামত ৰখাৰ সিদ্ধান্ত লৈছো৷ মেলাত সৰ্বত্ৰ তেওঁৰ ছবি আৰু কাট আউট থাকিব৷ আমি তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিম আৰু কোচবিহাৰত তেওঁৰ মূৰ্তি স্থাপনৰো অনুমতি বিচাৰিম৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















