অসম লাইভ২৪ঃ প্ৰেমত ঘূৰে ভূমণ্ডল৷ কিন্তু কেতিয়াবা কেতিয়াবা প্ৰেমেই হৈ পৰে বহুতৰে বাবে জটিল মেটামৰফ’চিছ৷ মানুহৰ মন তেনেকুৱাই, হঠাতেই সলনি হয়৷ কাৰ সৈতে কেতিয়া কেনেকৈ প্ৰেম হৈ যায় সেই কথা কোনেও ক’ব নোৱাৰে৷ প্ৰেমৰ নেপথ্যৰ কাহিনীও বহুসময়ত বহুতৰে ক্ষেত্ৰত স্পষ্ট নহয়৷ কেতিয়াবা প্ৰেমিক তথা প্ৰেমিকা থকা স্বত্ত্বেও এজন ব্যক্তি প্ৰেমত পৰে৷ কেতিয়াবা বিবাহিত লোকো অইন যুৱতী মহিলাৰ প্ৰেমত পৰে৷ বহুতেই এক কথাত এই সম্পৰ্কৰ নাম দিছে পৰকীয়া৷ এই দেশত পৰকীয়া একেবাৰেই নিষিদ্ধ, কিন্তু তাৰপিছতো বাৰে বাৰে দেশত একেই ঘটনা সংঘটিত হৈ আহিছে৷ নিষিদ্ধ কথাৰ প্ৰতিয়েই মানুহৰ কৌতুহলো বেছি৷
পৰকীয়াৰ সঠিক নহয় যদিও দেশত এতিয়াও সংঘটিত হৈ আহিছে পৰকীয়াৰ বাবেই বহু ঘটনা৷ সম্প্ৰতি এটা অনলাইন ডেটিং এপে প্ৰকাশ কৰা সমীক্ষাই প্ৰকাশ কৰিছে বিশেষ তথ্য৷ কোনবোৰ নাৰীৰ প্ৰতি পুৰুষ আকৰ্ষিত হয়৷ সমীক্ষাটোত প্ৰকাশ পোৱামতে ৫২ শতাংশ স্বাস্থ্য সচেতন মহিলাৰ প্ৰতি পুৰুষ আকৰ্ষিত হয়৷ কিন্তু পুৰুষতকৈ মহিলাৰ মাজতেই পৰকীয়া সম্পৰ্ক বেছি কিয় সেই সন্দৰ্ভতো তথ্য প্ৰকাশ কৰিছে সমীক্ষাটোৱে৷
সমীক্ষাটোত প্ৰকাশ পোৱামতে যিসকল মহিলাই নিয়মিতভাৱে শৰীৰচৰ্চা কৰে, ডায়েটত থাকে, নিজৰ কামকাজক লৈ সদা সচেতন তেওঁলোকৰ মাজতেই পৰকীয়াৰ সম্পৰ্কও বেছি৷ যিসকল মহিলা উন্মুক্ত মনৰ তেওঁলোকেই বেছিকৈ পৰকীয়া প্ৰেমত পৰে৷ পৰকীয়া প্ৰেমত পৰা নাৰী সদায়ে ধুনীয়া হয়, কিয়নো মন ভালে থকাৰ বাবে তেওঁলোকৰ শৰীৰত ৰক্ত সঞ্চালন ভালে থাকে৷ মন ভালে থকাৰ বাবে শৰীৰো ভালে থাকে৷
পৰকীয়া সম্পৰ্ক কিয় গঢ়ি উঠে?
একঘেয়ামী জীৱন
একঘেয়ামী জীৱনক লৈ অতিষ্ঠ হ’লেও বহুতেই পৰকীয়া সম্পৰ্ক গঢ়ি তোলে৷ বহুতেই এজন সংগীৰ সৈতে থাকি আমূৱাই জীৱনটো একঘেয়ামী হৈ পৰে৷ সদায়ে একেই কথা একেই কাহিনীত অতিষ্ঠ হৈ পৰে৷ সংসাৰ আৰু কামে আমূৱাই মানসিকভাৱে বিধ্বস্ত হৈ পৰিলেও মানুহে নতুনত্বৰ স্বাদ বিচাৰে৷ তেতিয়াই পৰকীয়া প্ৰেম গঢ়ি উঠে৷ বিবাহৰ পাছতেই বহু নাৰীয়েই একাকীত্বৰ সমস্যাত ভোগে৷ নিজৰ কথাবোৰ ভগাই ল’বলৈ কাষত সংগীও নাথাক, তেনে নাৰীয়েও পৰকীয়া প্ৰেমত পৰে৷
অত্যাধিক উচ্চাকাংক্ষা
মানুহৰ জীৱনত আকাংক্ষাৰ শেষ নাই৷ বহুতেই নিজৰ চাহিদাক সীমাবদ্ধ কৰিব নোৱাৰে৷ অতিৰিক্ত চাহিদাৰ বাবেই বহুতে পৰকীয়া প্ৰেমত পৰে৷ স্বামীৰ পৰা পোৱা সামগ্ৰীৰে তেওঁলোক সুখী নাথাকে৷ চাহিদাৰ বাবেই বহুতে সেয়ে পৰকীয়া সম্পৰ্ক গঢ়ি তোলে৷
বিবাহক লৈ সুখী নহ’লে
বিবাহ এক সামাজিক প্ৰথা৷ ভাৰতত বিবাহ মানেই দুজন লোকৰ মনৰ মিলেই নহয়৷ দুখন ঘৰৰ সিদ্ধান্ততেই বেছিভাগ বিবাহ হয়৷ সেয়ে পাত্ৰ-পাত্ৰী দুয়োজনেই কেতিয়াবা সম্পৰ্কটোক লৈ সুখী নাথাকে৷ তেতিয়াই বহুতে পৰকীয়া সম্পৰ্ক গঢ়ি তোলে৷ যন্ত্ৰণাদায়ক এটা সম্পৰ্কৰ পৰা মুক্তি বিচাৰিয়েই প্ৰাণৰ প্ৰেয়সী বা প্ৰেমিক এজনৰ সন্ধান কৰে বিবাহিত ব্যক্তিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ