• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

2 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

6 minutes ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

11 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

12 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

12 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

13 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

13 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

14 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

15 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

16 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

17 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

17 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

editor by editor
June 3, 2024
in অসম, ভাৰত, ৰাজনীতি
0
কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা
0
SHARES
251
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিমন্ত বিশ্ব শৰ্মাই কিয় ত্যাগ কৰিছিল কংগ্ৰেছ দল? সকলোবোৰ কথা মুকলিকৈ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ নকৰিলেও প্ৰাক্তন কংগ্ৰেছ নেতা গোলাম নৱী আজাদে বৰ্ণনা কৰিলে সকলো কথা। গোলাম নৱী আজাদে বৰ্ণনা কৰিলে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰাৰ কাহিনী।

সাংবাদিক বৰ্ষা দত্তৰে হোৱা এক সাক্ষাৎকাৰত এই সকলোবোৰ কথা বৰ্ণনা কৰিছে গোলাম নৱী আজাদে। গোলাম নৱী আজাদে এই সম্পৰ্কত কয়, ‘শ্ৰী নগৰত আছিলো। আহমেদ পেটেলৰ পৰা মোলৈ এটা ফোন আহে। ছোনীয়া গান্ধীয়ে সেইদিনা আহমেদ পেটেলৰ সৈতে কথা পাতিব বিচাৰে। অসমৰ বিসম্বাদক লৈ শ্ৰী নগৰৰ পৰা ছোনীয়া গান্ধীয়ে মোক মাতি পঠিয়ালে।’

গোলাম নৱী আজাদৰ ঘনিষ্ঠ আছিল হিমন্ত বিশ্ব শৰ্মা। এই কথা ছোনীয়া গান্ধীয়ে গম পাইছিল। সেই সময়তে হিমন্ত বিশ্ব শৰ্মাই ৪০-৫০ গৰাকী বিধায়কক লগত লৈ ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছিল। পদত্যাগ পত্ৰ দাখিল কৰাৰ দিনাই সন্ধিয়া ৫ বজাত গোলাম নৱী আজাদে ছোনীয়া গান্ধীক সাক্ষাৎ কৰে। হিমন্ত বিশ্ব শৰ্মা ব্ৰিগেডৰ বিধায়কসকলক দিল্লীলৈ লৈ অহাৰ কথা ক’লে গোলাম নৱী আজাদে। ৪৫ গৰাকী কংগ্ৰেছী বিধায়কক লগত লৈ হিমন্ত বিশ্ব শৰ্মাই গোলাম নৱী আজাদক সাক্ষাৎ কৰে। দুটা দিনৰ বাবে সকলো বিধায়কক দিল্লীতেই থকাৰ কথা ক’লে আজাদে।

ইয়াৰ পাছত তৰুণ গগৈক ফোন কৰে গোলাম নৱী আজাদে। তৰুণ গগৈৰ সমৰ্থনত থকা বিধায়কক দিল্লীলৈ পঠিয়াবলৈ ক’লে। মাত্ৰ ৭ জন বিধায়কহে তৰুণ গগৈৰ সমৰ্থনত আছিল। ১০ জন বিধায়কে ক’লে তেওঁলোক হাইকামাণ্ডৰ লগত আছে। ছোনীয়া গান্ধীক এই সকলো নম্বৰৰ কথা উল্লেখ কৰিলে আজাদে। তৰুণ গগৈক আঁতৰাই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় সুনিশ্চিত হৈ পৰিল। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী কৰিবলৈ গোলাম নৱী আজাদে অসমলৈ যাত্ৰা কৰিবলৈ সাজু হয়।
কিন্তু যাত্ৰাৰ এদিন পূৰ্বে হঠাৎ আজাদলৈ ৰাহুল গান্ধীৰ ফোন আহে। ৰাহুল গান্ধীয়ে তেতিয়া ক’লে, ‘আপোনালোক অসমলৈ যোৱাৰ প্ৰয়োজন নাই।’

১০ বজাত ৰাহুল গান্ধীৰ ঘৰলৈ মাতি পঠিওৱা হ’ল গোলাম নৱী আজাদ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদকক। ৰাহুল গান্ধীৰ ঘৰত তৰুণ গগৈ আৰু গৌৰৱ গগৈয়ে চাহ খাই আছিল। এই দৃশ্য দেখি আচৰিত হৈ পৰিছিল কংগ্ৰেছৰ শীৰ্ষ নেতাসকল। ৰাহুল গান্ধীক গোলাম নৱী আজাদে ক’লে, ‘হিমন্ত বিশ্ব শৰ্মাৰ লগত সংখ্যা আছে
মুখ্যমন্ত্ৰীৰ পদ নিদিলে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰিব।’ তেতিয়া প্ৰত্তুত্তৰত ৰাহুল গান্ধীয়ে ক’লে, ‘হিমন্ত বিশ্বক গ’লে যাবলৈ দিয়ক। হিমন্তক আৰ এছ এছলৈ যাবলৈ দিয়ক।

এই উত্তৰ শুনি হতবাক হোৱা গোলাম নৱীৰ মনলৈ আহিছিল ইন্দিৰা গান্ধীৰ কথা। ইন্দিৰা গান্ধীয়ে বেয়া দিনটো কংগ্ৰেছৰ নেতাক ধৰি ৰখাৰ চেষ্টা কৰিছিল কিন্তু ৰাহুল সম্পূৰ্ণ বিপৰীত। ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সপক্ষে নে বিপক্ষে কাম কৰে! এই প্ৰশ্ন আহিছিল গোলাম নৱী আজাদৰ মনত। বহু প্ৰশ্ন আহিলেও ৰাহুলে কিন্তু কোনো কথাৰেই উত্তৰ দিয়া নাছিল।

বৰ্ষা দত্তৰ এই সমগ্ৰ সাক্ষাৎকাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত লিখিছে, ‘গোলাম নৱী আজাদ বিফল হোৱাৰ পাছতো মই ১২ মাহ কংগ্ৰেছত আছিলো। এই ১২ মাহৰ কাহিনী যথেষ্ট আকৰ্ষণীয় আছিল। ২০১৫ৰ আগষ্ট মাহত মই কংগ্ৰেছ ত্যাগ কৰিলো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

October 21, 2026
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ
অসম

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

October 20, 2026
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’
অসম

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

October 19, 2026
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
Next Post
একেসময়তে দুগৰাকী ব্যক্তিৰ প্ৰেমত পৰিছে, কোনজন আপোনাৰ প্ৰকৃত মনৰ মানুহ? চিনি উলিয়াওক এই উপায়েৰে

একেসময়তে দুগৰাকী ব্যক্তিৰ প্ৰেমত পৰিছে, কোনজন আপোনাৰ প্ৰকৃত মনৰ মানুহ? চিনি উলিয়াওক এই উপায়েৰে

বিবাহিত সম্পৰ্কত সুখী নহ’লেই পৰকীয়া প্ৰেম গঢ়ি উঠে নেকি? কি কি কাৰণত পৰকীয়া প্ৰেমৰ পয়োভৰ বাঢ়িছে দেশত?

বিবাহিত সম্পৰ্কত সুখী নহ’লেই পৰকীয়া প্ৰেম গঢ়ি উঠে নেকি? কি কি কাৰণত পৰকীয়া প্ৰেমৰ পয়োভৰ বাঢ়িছে দেশত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.