১৯৯০ চনত এগৰাকী ব্যৱসায়ী মুকেশ আগৰৱালাক বিয়া কৰাইছিল ৰেখাই৷ এৰেঞ্জ মেৰিজ কৰাইছিল ৰেখাই৷ বিবাহৰ পূৰ্বে মাত্ৰ এবাৰেই সেই ব্যক্তিক লগ পাইছিল ৰেখাই৷ কিন্তু বিয়াৰ ৭মাহৰ ভিতৰতেই আত্মহত্যা কৰে ৰেখাৰ স্বামীয়ে৷ স্বামীৰ মৃত্যু মানেই বিধৱা, বিধৱাই হিন্দু নিয়মমতে সেন্দুৰ পৰিধান নকৰে৷ কিন্তু স্বামীৰ মৃত্যুৰ পাছতো ৰেখাৰ মূৰত আজিও জিলিকি আছে সেন্দুৰ৷ কিন্তু কিয় সেন্দুৰ পৰিধান কৰে ৰেখাই? এই সন্দৰ্ভত এক সাক্ষাৎকাৰত নিজেই জনাইছিল ৰেখাই৷
বলীউডৰ একসময়ৰ ৰাণী ৰেখা৷ ফিল্মি কেৰিয়াৰৰ ওপৰিও ব্যক্তিগত জীৱনো বেছ ৰঙীন ৰেখাৰ৷ সেয়ে ব্যক্তিগত জীৱনক লৈ বহু সময়ত চৰ্চাত থাকে ৰেখা৷ অমিতাভৰ সৈতে ৰেখাৰ সম্পৰ্কক লৈ আজিও বহুতে চৰ্চা চলাই৷ কিন্তু কেৱল অমিতাভেই নহয় আৰু বহু নায়কৰ সৈতে একাধিকবাৰ নাম সাঙোৰ খাইছে ৰেখাৰ৷
বহু সমালোচকে কয় যে ৰেখাৰ জীৱন কোনো চিনেমাৰ চিত্ৰনাট্যতকৈ কম আকৰ্ষণীয় নহয়৷ তেওঁৰ সৌন্দৰ্য, অভিনয়, জীৱন ৰেখাক লৈ আজিও বহু অনুৰাগী আছে ৰেখৰা৷ অমিতাভৰ সৈতে ৰেখাৰ সম্পৰ্কক লৈ আজিও চলি থাকে মুখৰোচক চৰ্চা৷ অমিতাভৰ ওপৰিও বলীউডত আৰু কেইবাজনো নায়কৰ নাম সাঙোৰ খাইছিল ৰেখাৰ সৈতে৷ বলীউডৰ এজন জনপ্ৰিয় নায়ক সঞ্জয় দত্তৰ সৈতেও প্ৰেম কৰিছিল ৰেখাই৷ ১৯৮৪ চনত সঞ্জয় দত্তৰ সৈতে জমিন আকাশ নামৰ এখন ছবিত কাম কৰিছিল ৰেখাই৷ সেই ছবিত কাম কৰাৰ সময়তে ঘনিষ্ঠতা বাঢ়িছিল ৰেখা আৰু সঞ্জয় দত্তৰ৷ অৱশ্যে সঞ্জয় দত্তৰ মাতৃয়ে পুত্ৰৰ এই সম্পৰ্কক একেবাৰেই ভাল দৃষ্টিৰে নোচোৱাৰ বাবে এই সম্পৰ্ক বেছিদিন নিটিকিল৷
বহুতেই অমিতাভৰ নামত ৰেখাই সেন্দুৰ পৰিধান কৰা বুলি দাবী কৰিলেও বহুলোকৰ মত যে অমিতাভ নহয় সঞ্জয় দত্তৰ নামতহে সেন্দুৰ পৰিধান কৰে ৰেখাই৷ ১৯৮৪ত এই ছবিত সঞ্জয় দত্তৰ সৈতে চিনেমা কৰাৰ পাছৰে পৰাই সেন্দুৰ পৰিধান কৰিবলৈকো আৰম্ভ কৰে ৰেখাই৷ কিন্তু ৰেখাই এই সন্দৰ্ভত কোনোধৰণৰ মন্তব্য কৰা নাই৷ ৰেখা সন্দৰ্ভত কোনো মন্তব্য আজিলৈকে কৰা নাই সঞ্জয় দত্তইয়ো৷
এবাৰ সেন্দুৰ প্ৰসংগত ৰেখাই নিজেই মন্তব্য কৰিছিল৷ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পৰা ৰেখাই জাতীয় পুৰস্কাৰ গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত তেওঁ কৈছিল, ‘যি চহৰৰ পৰা মই আহিছো তাত সেন্দুৰ পৰিধান কৰাটো ফেশ্ব্যন৷’ ইয়াৰোপৰি এবাৰ ভোগ মেগাজিনক দিয়া এক সাক্ষাৎকাৰত ৰেখাই কৈছিল, ‘মই যেতিয়া কাৰোবাক খুব ভালপাইছিলো সেই ভালপোৱা কেতিয়াও হেৰাই নাযায়৷ এবাৰ যি সম্পৰ্ক তৈয়াৰ হয় সেই সম্পৰ্ক আজন্ম থাকি যায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















