টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ
২০২৬ চনৰ টি-২০ বিশ্বকাপ সমাগত, মাজত আৰু মাথো এটা মাহ। অহা ফেব্ৰুৱাৰী মাহৰ পৰা ভাৰত আৰু শ্ৰীলংকাৰ আয়োজনত আৰম্ভ হবলৈ গৈ আছে টি-২০ পুৰুষ ক্ৰিকেটৰ মহাৰণ।
তাকে উদ্দেশ্য কৰি কালি ২০ ডিচেম্বৰ তাৰিখে টিম ইণ্ডিয়াৰ ১৫ গৰাকী খেলুৱৈৰ নাম ঘোষণা হয়। ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়াই ভাৰতৰ হৈ ১৫ গৰাকী খেলুৱৈৰ নাম ঘোষণা কৰে। কিন্তু এইবাৰ টিম ইণ্ডিয়াৰ ৰিজাৰ্ভ খেলুৱৈৰ নাম ঘোষণা কৰা নাই বিচিচিআইয়ে।
বিচিচিআইয়ে ঘোষণা কৰিছে কেৱল ১৫ গৰাকী খেলুৱৈৰ নাম। কোনো ৰিজাৰ্ভ খেলুৱৈ ঘোষণা কৰা নাই ব’ৰ্ডে। পাছে কিয় এইবাৰ কোনো ৰিজাৰ্ভ খেলুৱৈ ঘোষণা কৰা নাই। ইয়াৰ কাৰণ স্বয়ং বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই সদৰি কৰিছে।
সংবাদমেলৰ সময়ত শইকীয়াই কয় যে যিহেতু ২০২৬ চনৰ বিশ্বকাপ ভাৰতত অনুষ্ঠিত হ’ব, সেয়েহে কোনো নিৰ্দিষ্ট ষ্টেণ্ডবাই খেলুৱৈৰ নাম উল্লেখ কৰা নাই। এই প্ৰতিযোগিতা ভাৰতত অনুষ্ঠিত হোৱাৰ বাবে প্ৰয়োজন হ’লে যিকোনো খেলুৱৈক সহজেই দলত অন্তৰ্ভুক্ত কৰিব পাৰিব।
যদিহে এই প্ৰতিযোগিতাখন আন এখন দেশত অনুষ্ঠিত হল হেতেন, তেতিয়া ভাৰতৰ পৰা আন এখন দেশলৈ খেলুৱৈ পঠিয়াবলৈ বহু সময় লাগে। সেয়েহে পূৰ্বে ৰিজাৰ্ভ খেলুৱৈ ঘোষণা কৰা হয়।
২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা টিম ইণ্ডিয়াৰ নিৰ্বাচিত খেলুৱৈ সকল- সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল (উপ অধিনায়ক), ৰিংকু সিং, জস্প্ৰিত বুমৰাহ, অৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ, হৰ্ষিত ৰানা, ৱাশ্বিংটন সুন্দৰ আৰু ঈশান কিষান (উইকেটকীপাৰ)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















