অসম লাইভ২৪ঃ সোমবাৰে পুৱতি নিশা ৪ বাজি ১৭ মিনিটত কঁপি উঠিছিল তুৰস্ক৷ ৰিখটাৰ স্কেলত কম্পনৰ মাত্ৰা আছিল ৭.৮৷ গাজিয়ানটেপৰ পূব দিশৰ নুৰদাগী চহৰৰ পৰা ২৬ কিঃমিঃ পূবে ভূগৰ্ভৰ প্ৰায় ১৮ কিঃমিঃ গভীৰতাত এই ভূমিকম্পৰ উংসস্থল৷ কেৱল তুৰস্কই নহয় এই ভূমিকম্পত কঁপি উঠিছিল প্ৰতিবেশী দেশ ছিৰিয়াও৷ প্ৰথমটো কম্পনৰ ১১ ৰ পৰা ১৫ মিনিট পাছত আকৌ এটা ভূমিকম্পই জোকাৰি যায় তুৰস্কক৷ তাৰপাছত এটাৰ পাছত আনটো ভূইকঁপে কঁপায় আছে তুৰস্কৰ লগতে ছিৰিয়াকো৷ এই প্ৰতিবেদন লিখি থকা লৈকে মৃতকৰ সংখ্যা ৮ হাজাৰলৈ বৃদ্ধি পোৱা বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷ ভূইঁকপত আহত হৈছে ২ কোটি ৩০ লাখ লোক৷ কিন্তু এয়াই তুৰস্কৰ প্ৰথমটো ভূইকঁপ নহয়৷ ইয়াৰপূৰ্বেও বহুবাৰ তুৰস্কত বৃহৎ ভূমিকম্প আহিছিল৷ কিন্তু কিয় বাৰে বাৰে তুৰস্কত এনেদৰে একোটা বৃহৎ ভূমিকম্প আহে?
তুৰস্কত ভূমিকম্প হোৱাৰ আঁৰত আছে এইকেইটা কাৰণ
সাধাৰণতে টেকটনিক প্লেটৰ অৱস্থানৰ পৰিবৰ্তনৰ ফলতেই ভূমিকম্প হয়৷ চাৰিখন টেকটেনিক প্লেটৰ সংযোগস্থলত তুৰস্ক অৱস্থিত৷ সেয়ে সকলোতকৈ বেছি ভূমিকম্পপ্ৰৱণ দেশসমূহৰ ভিতৰত তালিকাৰ শীৰ্ষত আছে তুৰস্কৰ নাম৷ তুৰস্কৰ বেছিভাগ অংশই এনাটোলিয়ান টেকটনিক প্লেটৰ ওপৰত আছে৷ এনাটোলিয়ান প্লেটৰ অৱস্থান আকৌ ইউৰেছীয়, আফ্ৰিকান, আৰু আৰৱীয় টেকটনিক প্লেটৰ মধ্যস্থল৷
এনাটোলিয়ান প্লেট সদায়ে ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰে৷ ওপৰৰ ফালে আৰৱীয় প্লেটে অনবৰতে খুন্দা মাৰি থাকে এনাটোলিয়ান প্লেটক৷ বাৰে বাৰে প্লেটসমূহৰ সংঘৰ্ষত লিপ্ত হোৱাৰ ফলতেই ভূমিকম্প হয়৷ বিশ্বৰ সকলোতকৈ ডাঙৰ ভূমিকম্পটো হৈছিল ১৯৬০ চনত৷ চিলিৰ ভালদিভিয়া চহৰৰ উপকুলত আছিল এই ভূমিকম্পৰ কেন্দ্ৰস্থল৷ ৰিখটাৰ স্কেলত এই কম্পনৰ মাত্ৰা আছিল ৯.৫৷ ইপিনে তুৰস্কত ২০২০ চনৰ পৰা বৰ্তমানলৈ ৩৩ হাজাৰ বাৰ ভূমিকম্প হৈছে৷ তাৰমাজতেই ৩৩২ বাৰ এনে ভূমিকম্পও আহিছে যাৰ মাত্ৰা ৰিখটাৰ স্কেলত ৪তকৈ অধিক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ