• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় অষ্টমী তিথিতেই ভগৱান শ্ৰী কৃষ্ণৰ জন্ম? কৃষ্ণৰ জন্ম হৈছিল বুধবাৰে, এইবাৰো জন্মাষ্টমীত বুধবাৰ, ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱ কেনেদৰে পৰিব?

কিয় অষ্টমী তিথিতেই ভগৱান শ্ৰী কৃষ্ণৰ জন্ম? কৃষ্ণৰ জন্ম হৈছিল বুধবাৰে, এইবাৰো জন্মাষ্টমীত বুধবাৰ, ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱ কেনেদৰে পৰিব?

3 years ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

4 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

4 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

4 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

5 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

5 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

5 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

6 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

6 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

7 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

7 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

8 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কিয় অষ্টমী তিথিতেই ভগৱান শ্ৰী কৃষ্ণৰ জন্ম? কৃষ্ণৰ জন্ম হৈছিল বুধবাৰে, এইবাৰো জন্মাষ্টমীত বুধবাৰ, ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱ কেনেদৰে পৰিব?

editor by editor
September 6, 2023
in বিবিধ, লেখা
0
কিয় অষ্টমী তিথিতেই ভগৱান শ্ৰী কৃষ্ণৰ জন্ম? কৃষ্ণৰ জন্ম হৈছিল বুধবাৰে, এইবাৰো জন্মাষ্টমীত বুধবাৰ, ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱ কেনেদৰে পৰিব?
0
SHARES
794
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ধৰ্ম, ঐশ্বৰ্য, যশ, শ্ৰী জ্ঞান আৰু বৈৰাগ্য এই ৬টা ভোগ যাৰ মাজত সম্যকভাৱে আছে তেঁৱেই ষড়ৈশ্বৰ্যময় ভগৱান। শাস্ত্ৰত কোৱা হৈছে, ‘কৃষ্ণ স্বয়ং ভগৱান।’ মথুৰাৰ যাদৱ বংশৰ বৃষ্ণি গোত্ৰৰ বাসুদেৱ আৰু দৈৱকীৰ সন্তান কৃষ্ণ। জ্যোতিষ শাস্ত্ৰৰ গণনা আৰু পুৰাণ, মহাভাৰত, ভাগৱতৰ বৰ্ণনা আৰু কিছু পাশ্চাত্য পণ্ডিতৰ মতানুসাৰে ৩২২৮ খ্ৰীষ্টপূৰ্বাব্দৰ ১৮ জুলাইত শ্ৰী কৃষ্ণৰ জন্ম হৈছিল। জ্যোতিষৰ প্ৰামান্য গ্ৰন্থ ভৃগু সংহিতাত ৰামচন্দ্ৰ আৰু শ্ৰী কৃষ্ণৰ জন্মকুণ্ডলীসহ প্ৰায় দুই হাজাৰ জন্মকুণ্ডলী সংযোজিত হৈছিল। জ্যোতিষ শাস্ত্ৰৰ বিচাৰ অনুসৰি শ্ৰী কৃষ্ণৰ জন্মকুণ্ডলী সম্পৰ্কে জনা যায়।

৫২৫২ বছৰ পূৰ্বে ভাদ মাহত কৃষ্ণপক্ষৰ মাজনিশা অষ্টমী তিথিত পৰমেশ্বৰ ভগৱান শ্ৰী কৃষ্ণৰ জন্ম হয়। তেওঁৰ জন্মৰ সময়ত নক্ষত্ৰ আছিল ৰোহিনী নক্ষত্ৰ। সেই দিনটোও আছিল বুধবাৰ। ব্ৰক্ষ্মবৈবৰ্ত পুৰাণ অনুসাৰে ভগৱান বিষ্ণুৱে পৃথিৱীত পাপৰ ভাৰ বেছি হোৱাৰ বহাবে শ্ৰী কৃষ্ণৰূপে জন্মগ্ৰহণ কৰিছিল। মাজনিশাৰ নিস্তব্ধতাত কংসৰ কাৰাগাৰত হঠাৎ উজ্জ্বল স্বৰ্গীয় আলোকেৰে আলোকিত হৈ উঠে। লগে লগেই দৈৱকীৰ কোলালৈ আহে এটা নৱজাতক। তেওঁ আন কোনো নহয়, তেৱেই আছিল ভগৱান শ্ৰী কৃষ্ণ। বাসুদেৱ দৈৱকীয়ে নৱজাতকটোক দেখিয়েই চিনি পালে, এয়া আন কোনো নহয় এয়া বিষ্ণুৰেই আন এক ৰূপ। লগে লগেই নৱজাতকক প্ৰণাম জনাই দৈৱকী আৰু বাসুদেৱে। বাসুদেৱৰ ভক্তিত প্ৰসন্ন হৈ বালক কৃষ্ণই কয়, ‘হে পিতৃদেব-মাতৃদেৱী! আপোনালোকৰ কঠোৰ সাধনাত তুষ্ট হৈ মই আপোনালোকৰ কোলালৈ আহিলো। সত্যযুগত ১৮ হাজাৰ বছৰ কেৱলমাত্ৰ গছৰ পাত আহাৰ হিচাপে খাই আপোনালোকে তপস্যা কৰিছিল। আপোনালোকৰ কঠোৰ সাধনাত তুষ্ট হৈ মই তিনিবাৰ আপোনালোকৰ পুত্ৰ হৈ জন্ম লম বুলি বৰ দিছিলো। সেই প্ৰতিজ্ঞা পুৰণৰ বাবেএই সত্যযুগত প্ৰথমে মই যেতিয়া আপোনালোকৰ সন্তান হৈ জন্ম লৈছিলো তেতিয়া আপুনি আছিল সুতপা মুনি আৰু মাতৃদেৱী আছিল পৃশ্নি। মোৰ নাম আছিল পৃশ্নিগৰ্ভা। কোনো কোনোৱে মোক উপেন্দ্ৰ বুলিও কৈছিল। ত্ৰেতাযুগত দ্বিতীয় জন্মত আপুনি আছিল কাশ্যপ মুনি, মাতৃ আছিল অদিতি। সেই সময়ত মোৰ নাম আছিল বামন। তৃতীয় জন্মত অৰ্থাৎ দ্বাপৰ যুগত পিতা বাসুদেৱ আৰু মাতা দৈৱকীৰ অষ্টম পুত্ৰৰূপে কৃষ্ণপক্ষৰ অষ্টমী তিথিত জন্ম ললো। এই জন্মত মোক কৃষ্ণ, কানাই বাসুদেৱ, গোপাল, প্ৰভৃতি, অষ্টোত্তৰকে ধৰি শতনামেৰে মোক জানিব। মোৰ প্ৰতিজ্ঞা আৰু আপোনালোকৰ প্ৰাৰ্থনা আজি পূৰ্ণ হ’ল।’

শ্ৰী কৃষ্ণই কিয় অষ্টমী তিথিতেই জন্মগ্ৰহণ কৰিছিল?
শ্ৰী কৃষ্ণই অষ্টমী তিথিত জন্ম লোৱাক কেন্দ্ৰ কৰি বহুকেইটা লোকপ্ৰৱাদ আছে। প্ৰাচীনকালত নিশা চন্দ্ৰৰ আলোকৰ ওপৰত নিৰ্ভৰ কৰিয়েই মানুহে সকলো কৰ্ম কৰিছিল। পক্ষভেদে চন্দ্ৰকলাৰ হ্ৰাসবৃদ্ধিৰ কাৰণে হিন্দু শাস্ত্ৰানুসাৰে পূৰ্ণিমা, অমাবস্যা, একাদশী প্ৰভৃতিৰ দৰে অষ্টমী তিথিত পৰলৌকিক ক্ৰিয়া আৰু কিছু বিশেষ কৰ্মক বাদ দি কোনো শুভকৰ্ম বা মাঙ্গলিক অনুষ্ঠান কৰা নহয়। সদায়ে অৱহেলিত হৈ থাকে অষ্টমী তিথি। পাছলৈ অষ্টমী তিথি এনেকৈ অৱহেলিত হৈ থকাৰ কথাটো ভগৱান শ্ৰী কৃষ্ণৰ দৃষ্টিগোচৰ হয়। অষ্টমী তিথিয়েও বিষ্ণুৰ কাষত অভিযোগ দাখিল কৰে। অভিযোগত উল্লেখ কৰে যে, মৰ্ত্যৰ অন্যান্য সকলো তিথিয়ে যেনেকৈ মৰ্যদা লাভ কৰে তেনেকৈ অষ্টমী তিথিয়ে মৰ্যদা নাপায়। অষ্টমী তিথিক উদযাপন কৰিব পৰা উৎসৱ হিচাপে কিবা এটা উপায় দিয়ক।’

অষ্টমী তিথিৰ এই অভিযোগনামা লাভ কৰি শ্ৰীবিষ্ণুৱে জ্যোতিষ পঞ্চাঙ্গ ঘুটি দেখে যে ভাৰতবৰ্ষত মোটামুটি সকলো তিথিতেই কমবেছি পৰিমানে উৎসৱ আছে। সেই হিচাপে অষ্টমী তিথিত এটাও উৎসৱ নাই। তেতিয়াই বিষ্ণুৱে সিদ্ধান্ত লয় যে অৱহেলিত তিথিক মৰ্যদা দিবলৈকে তেওঁ স্বয়ং অষ্টম অৱতাৰ হিচাপে দ্বাপৰ যুগত মৰ্ত্যলৈ আহিব। সেই মতেই তেওঁ দৈৱকীৰ অষ্টম সন্তান হিচাপে ভাদমাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত জন্ম হয় শ্ৰী কৃষ্ণৰ।

জ্যোতিষশাস্ত্ৰ অনুসৰি অষ্টমী তিথি ৮ সংখ্যাৰ পৰিচায়ক। ৮ সংখ্যাটো শ্ৰী বিষ্ণুৰ অষ্টবিভূতি, শিৱৰ অষ্টমূৰ্তি, গণেশৰ অষ্টসিদ্ধি বা অষ্টবিনায়ক। সকলোৰে সৈতে ৮ সংখ্যাটো গভীৰভাৱে জড়িত হৈ আছে। ইফালে শ্ৰী কৃষ্ণৰ ৬৪ গোপিনী আঠে। ৬৪ সংখ্যাটো ৮ ৰ বৰ্গফল। নিউমেৰোলজিত ৮ সংখ্যাটো যৌগিক সংখ্যা। ৮ সংখ্যাটোক বাধাবহুল সংখ্যা বুলিও বহু শাস্ত্ৰত উল্লেখ আছে। ইফালে ৮ সংখ্যাৰ অধিপতি হৈছে শনি। শনিৰ দ্বাৰা প্ৰভাৱিচ এই সংখ্যাটো স্বাৰ্থপৰতাৰ প্ৰতীক। অষ্টমী বা ৮ সংখ্যাটোক লৈ বহু অপপ্ৰচাৰ বিয়পি থকাক কেন্দ্ৰ কৰি শ্ৰী কৃষ্ণই ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰৰূপে দৈৱকীৰ অষ্টম গৰ্ভত কৃষ্ণপক্ষৰ অষ্টমী তিথিত মৰ্ত্যধামত জন্ম লয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalBest Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

April 6, 2026
Next Post
দেশৰ নাম সলনি! বিগত ১০০ বছৰত বিশ্বৰ কোন কোন দেশৰ নাম সলনি হ’ল?

দেশৰ নাম সলনি! বিগত ১০০ বছৰত বিশ্বৰ কোন কোন দেশৰ নাম সলনি হ’ল?

হিমা দাসক এবছৰৰ বাবে নিলম্বন… নটিছ নপঠিওৱাকৈয়ে নিলম্বন কৰা হ’ল হিমাক! কিয় হিমাই ভাগ লোৱা নাছিল খেলত?

হিমা দাসক এবছৰৰ বাবে নিলম্বন... নটিছ নপঠিওৱাকৈয়ে নিলম্বন কৰা হ’ল হিমাক! কিয় হিমাই ভাগ লোৱা নাছিল খেলত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.