অসম লাইভ২৪: বিগত প্ৰায় এসপ্তাহে সামাজিক মাধ্যমত এটাই চৰ্চা। নাগাৰা নাম আৰু এগৰাকী যুৱতী। অসমৰ প্ৰায়সংখ্যক সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়েই এই বিষয়টোত নিজা মত ব্যক্ত নকৰিলেও কৰিশ্মাৰ ভিডিঅʼ যে এবাৰ চাইছে সেয়া কʼব পাৰি। তাৰমাজতেই এতিয়া একাংশৰ আপত্তি। নাগাৰা নামক কৰিশ্মাই বিপথে নিছে। নাগাৰা নামক লৈ বিতৰ্ক কৰাসকলক আকৌ একাংশই সুধিছে, ‘প্ৰকৃততে অসুবিধা ক’ত মানুহবোৰৰ? ইমান সৰু এজনী ছোৱালীয়ে মাৰ্জিত পোছাকেৰে পৰিবেশন সকলো ভিডিঅ’… সংস্কৃতিৰ ওপৰত অধ্যয়ন কৰি উপস্থাপন। ভুল হব পাৰে কিন্তু তাইক ইমান এনেকৈ তোষামোদ কৰাৰ কাৰণ কি?’
ইয়াৰ মাজতেই একাংশ সচেতন মহলেও এই সম্পৰ্কত সুধিছে, ‘নাগাৰা নামক এইটো বয়সত কিমানে আকোঁৱালি লৈছে? নে কম কাপোৰ পিন্ধি আমোদ দিয়া ভিডিঅ’ বিলাকত মাত মাতিবলৈ আপোনালোকৰ আহৰি নাই?বেজিৰ জলঙা দেখে কিন্তু কুঠাৰ জলঙা নেদেখে?’
এজন ইউজাৰকাৰীয়ে আকৌ কৰিশ্মা আৰু নাগাৰা নাম সম্পৰ্কত লিখিছে, ‘ভুল হৈছে যদি শিকাই দিয়ক। মানসিক অত্যাচাৰ নহয়। কিমানজনে তাইৰ দৰে এনে চিন্তা চৰ্চা কৰিছে? বন্দনা কলিতা, অংক মাষ্টাৰৰ প্ৰেম কাহিনী, হেৰি শুনকচোন… ‘প্ৰেম হৈ গ’ল অ’… কাহিনী, ভাই বোৱাৰীৰ লগত পৰকীয়া প্ৰেম নাই বুলি কয়লাৰ জুইকুৰাৰ ওপৰত জাপ দিয়া কাহিনী, চাৰিটা লৰাৰ মাক কণপোনালৈ পলাই যোৱা কাহিনীয়ে মানসিক অৱস্থা সন্তুলিত কৰি বা অশান্তি দি থকা সময়ত ছোৱালীজনীৰ নিউজে অলপ প্ৰশান্তি দিয়াত ধন্যবাদ জ্ঞাপন কৰিছোঁ কৰিশ্মা নাথক।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ