অসম লাইভ২৪: নিৰ্বাচনী খবৰে আগন্তুক সময়ত কেনেদৰে প্ৰভাৱ পেলাব সেই কথাৰ পৰ্যালোচনা কৰি থকাৰ সময়তে অহা এইকেইটা খবৰে আপোনাৰ পকেটত প্ৰত্যক্ষ প্ৰভাৱ পেলাব।
২০২৩ চনৰ ১ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৩৫০.৫০ টকা বৃদ্ধি কৰা হৈছে। ১৯ কিঃগ্ৰাঃ ওজনৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ মূল্য এতিয়া ২১১৯.৫০ টকা। ইফালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ ১৪.২ কিঃগ্ৰাঃৰ ৫০ টকা বৃদ্ধি কৰা হৈছে। ১৪.২ কিঃগ্ৰাঃৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ এটা ইউনিটৰ দাম এতিয়া ১১০৩ টকা।
অন্যহাতে কাশী বিশ্বনাথ মন্দিৰৰ আৰতিও ব্যয়বহুল কৰাৰ সিদ্ধান্তৰ কথা সদৰি কৰিছে। আৰতিৰ টিকটৰ দাম ৩৫০ টকাৰ পৰা ৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। সপ্ত ঋষি আৰতি, শ্ৰিংগাৰ ভোগ আৰতি আৰু মধ্যাহ্ন ভোগ আৰতিৰ টিকটৰ দাম ১৮০ টকাৰ পৰা ৩০০ টকালৈ বৃদ্ধি কৰা হৈছে। ১ মাৰ্চৰ পৰা এই দুয়োটা নিয়মেই দেশত কাৰ্যকৰী কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ