অসম লাইভ২৪ঃ জুবিন গাৰ্গলৈ এই বসন্ত যেন প্ৰত্যাহ্বান হৈ আহি আছে। শিৱসাগৰত জুবিন গাৰ্গে কৰা অপৈণত আচৰণৰ লগতে সামাজিক-ৰাজনৈতিক বিষয়ত কৰা অপৰিপক্ক মন্তব্যৰ বাবে জুবিন গাৰ্গক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে বঙাইগাঁও জিলাবাসীয়ে। কোচ ৰাজবংশী ছাত্ৰ সংগঠনে এই সিদ্ধান্ত গ্ৰহণৰ কথা সদৰি কৰিছে।
কমতাপুৰ ৰাজ্য গঠনৰ বিৰোধিতা কৰাৰ বাবেই কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে এই কঠোৰ সিদ্ধান্ত কৰিছে বুলি জনাইছে ছাত্ৰ সংগঠনটোৱে। ‘কমতাপুৰ ৰাজ্যৰ বিৰোধীতা কৰা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত ক্ষমা নোখোজালৈকে বঙাইগাঁও জিলাত জুবিন গাৰ্গক কোনো অনুষ্ঠান পৰিৱেশন কৰিবলৈ দিয়া নহ’ব’, বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সংগঠনৰ সাধাৰণ সম্পাদক শিৱেন নাৰায়ণে ফেছবুকযোগে প্ৰকাশ কৰিছে এই কথা।
সংগঠনটোৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ত কয় যে জুবিন গাৰ্গে ক্ষমা খুজিব লাগিব অন্যথা তেওঁক বঙাইগাঁৱৰ কোনো মঞ্চতে গীত পৰিৱেশন কৰিবলৈ দিয়া নহ’ব। জানিব পৰা মতে, আগন্তুক ব’হাগ বিহুৰ সময়ত বঙাইগাঁও জিলাত দুটা অনুষ্ঠানৰ বাবে চুক্তিবদ্ধ হৈছিল জুবিন গাৰ্গ।
উল্লেখ্য যে, অসমৰ বৃহত্তৰ অঞ্চল সামৰি কমতাপুৰ ৰাজ্য গঠন হ’ব বুলি চৰ্চা লাভ কৰাৰ পিছতে ভোগালী বিহুৰ সময়ত গোৱালপাৰাত এক সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ জুবিন গাৰ্গে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল।
জুবিনে গোৱালপাৰাত কমতাপুৰ ৰাজ্য গঠনৰ বিৰোধীতাৰে কৈছিল, ‘মই বৰ অসমত বিশ্বাসী মানুহ। বিষ্ণু ৰাভাৰ শিষ্য। মই অসম টুকুৰা টুকুৰ হোৱাটো নিবিচাৰো’।
কমতাপুৰৰ বিৰোধিতা কৰি জুবিন গাৰ্গে এনেদৰে মন্তব্য কৰিছিল, ‘শুনিছো আকৌ অসমৰ বিভাজন হ’ব৷ জন্ম ল’লে অসমত আকৌ বেলেগ ৰাজ্যৰ ভোটাৰ কাৰ্ড উলিয়াব লাগিব৷ বিজেপিয়েই বা কংগ্ৰেছেই হওক অসমৰ ডিভাইড এণ্ড ৰুল চাপোৰ্ট নকৰো৷ কমতাপুৰ ষ্টেট মোকো নালাগে, আপোনাকো নালাগে৷ এই মঞ্চৰ পৰাই কেন্দ্ৰৰ মোদী চৰকাৰক আহ্বান জনাইছো এনে নকৰিব’৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ