শেহতীয়া IPLত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱাৰ পিছৰে পৰা বৈভৱ সূৰ্যবংশীক লৈ সমগ্ৰ ক্ৰিকেট বিশ্বই চৰ্চা অব্যাহত ৰাখিছে। IPLৰ দৰ্শনীয় প্ৰদৰ্শনৰ পিছতে আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ পিছতে টীম ইণ্ডিয়াৰ নিৰ্বাচক মণ্ডলীয়ে জাতীয় দললৈ আমন্ত্ৰণ জনাইছিল বিস্ময় বালক বৈভৱ সূৰ্যবংশীক। টীম ইণ্ডিয়াত নিৰ্বাচিত হোৱাৰ পিছতে আয়াৰলেণ্ডৰ বিৰুদ্ধে অন্তত এখন মেচত হ’লেও বৈভৱে মূল একাদশত স্থান লাভ কৰিব বুলি সকলো ক্ৰিকেট অনুৰাগীয়ে আশা প্ৰকাশ কৰিছিল। ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ আশাত চেঁচাপানী পেলাই টীম ইণ্ডিয়াৰ মেনেজমেণ্টে মূল একাদশৰ পৰা দূৰত ৰাখিলে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীক। ইয়াৰ পিছতে টীম ইণ্ডিয়াৰ সহকাৰী প্ৰশিক্ষক ryan ten doeschate-ই বৈভৱ সূৰ্যবংশী সন্দৰ্ভত আগবঢ়ায় মন্তব্য
ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?
তুলনামূলকভাৱে দুৰ্বল আয়াৰলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াই শৃংখলাৰ দুয়োখন মেচতে শোচনীয় পৰাজয় বৰণ কৰাৰ লগে লগে স্বাভাৱিকে কিয় বৈভৱক খেলোৱা নহ’ল বুলি অনুৰাগীসকলে প্ৰশ্ন উত্থাপন কৰে। অনুৰাগীসকলৰ এই প্ৰশ্নটোকে টীম ইণ্ডিয়াৰ সহকাৰী প্ৰশিক্ষক ryan ten doeschateক সাংবাদিকে সোধাত বৈভৱ সন্দৰ্ভত টীম মেনেজমেণ্টৰ পৰিকল্পনা সন্দৰ্ভত মত ব্যক্ত কৰে।

প্ৰশিক্ষকগৰাকীৰ কথাত বৈভৱৰ মূল একাদশত প্ৰৱেশৰ পথ যে আৰু কিছু মন্থৰ হ’ব তাৰেই ইংগিত বহন কৰিছে। বৈভৱ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰায়ানে কয় যে- ‘বৈভৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ বাবে সম্পূৰ্ণ সাজু। ১৫ বছৰীয়া ক্ৰিকেটাৰজনৰ প্ৰতিভা আৰু সামৰ্থক লৈ টীম মেনেজমেণ্টৰ অকনো সন্দেহ নাই। কিন্তু বৈভৱেও অভিষেক ঘটোৱাৰ পূৰ্বে আন খেলুৱৈৰ দৰেই এক প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগিব। বৈভৱক মূল একাদশত কাৰ স্থানত অন্তৰ্ভুক্ত কৰা হ’ব সেইটো এটা ডাঙৰ প্ৰশ্ন। বৈভৱক স্থান দিব লাগিলে সঞ্জু ছেমছনে এৰি দিব লাগিব নিজৰ স্থান। কিন্তু সঞ্জু ছেমছনৰ T20 বিশ্বকাপৰ দুৰ্দান্ত প্ৰদৰ্শনৰ কথা আমি পাহৰিলে নহ’ব। ছেমছনৰ এখন বা দুখন মেচৰ ফলাফলৰ ওপৰত ভিত্তি কৰি সদ্যহতে তেওঁ মূল একাদশৰ পৰা বাদ দিব নোৱাৰি।

খেলুৱৈক আত্মবিশ্বাস জগোৱাটো নিত্যান্তই প্ৰয়োজন। খেলুৱৈসকলে এই বাৰ্তা লাভ কৰা উচিত যে টীম মেনেজমেণ্টে একোজন খেলুৱৈক বেছ কিছু সময়লৈ সুযোগ দিব বিচাৰে। বৈভৱেও এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগিব। মূল একাদশত স্থান খালী হোৱাৰ বাবে বৈভৱে অপেক্ষা কৰিব লাগিব।’ টীম ইণ্ডিয়াৰ সহকাৰী প্ৰশিক্ষকগৰাকীৰ মন্তব্যই ইংলেণ্ডৰ বিৰুদ্ধেও প্ৰথম দুখনমান মেচত বৈভৱে স্থান লাভ কৰিব নে নাই তাত অনুৰাগীৰ মনত সন্দেহ ঘনীভূত হৈছে। অৱশ্যে ইংলেণ্ডৰ বিৰুদ্ধে ৫খন T20 মেচৰ শৃংখলাটোৰ অতি কমেও দুখন মেচত অনুৰাগীয়ে বৈভৱৰ বেটিং শৈলী উপভোগ কৰিব বুলি আশা প্ৰকাশ কৰিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















