টেষ্টৰ পৰা অৱসৰৰ পিছত বিৰাট – ৰোহিতৰ কেন্দ্ৰীয় চুক্তিৰ শাখা সলনি হ’ব নেকি? বিচিচিআইৰ দৰমহা হ্ৰাস পাব নেকি?
ভাৰতীয় ক্ৰিকেট দলৰ দুই কিংবদন্তি বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। দুয়োগৰাকী তাৰকা বেটছমেনে ইতিমধ্যে টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰাও অৱসৰ গ্ৰহণ কৰিছে। এতিয়া প্ৰশ্ন হয় দুয়োবিধ ক্ৰিকেট কেটেগৰীৰ পৰা অৱসৰ লোৱাৰ পাছত দুয়োগৰাকী খেলুৱৈৰ কেন্দ্ৰীয় চুক্তিৰ সলনি হ’ব নেকি?
উল্লেখ্য যে শেহতীয়াকৈ বিচিচিআইয়ে কেন্দ্ৰীয় চুক্তিৰ নতুন তালিকা প্ৰকাশ কৰিছিল। যি তালিকাত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক এ+ কেটেগৰীত স্থান দিয়া হৈছিল যদিও এতিয়া দুয়োজনে টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।
দুয়ো খেলুৱৈয়ে এতিয়া কেৱল এদিনীয়া খেল খেলিব। এনে পৰিস্থিতিত বিচিচিআইয়ে দুয়োৰে দৰমহা কৰ্তন কৰিব নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে?
বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই বিৰাট আৰু ৰোহিতৰ কেন্দ্ৰীয় চুক্তিৰ শিতানত এটা ডাঙৰ আপডেট দিছে। বিচিচিআইৰ সম্পাদকে কয় যে দুয়োগৰাকী দ্বিগ্বজ খেলুৱৈ বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ এ প্লাছ শিতানতে থাকিব।
যাৰ ফলত এতিয়া স্পষ্ট হৈ পৰিছে যে দুয়োৰে দৰমহা হ্ৰাস নহয়। দুয়োজনে বিচিচিআইৰ পৰা বছৰি ৭ কোটি টকা লাভ কৰি যাব।
প্ৰাণিধানযোগ্য যে, বিচিচিআইত কেন্দ্ৰীয় চুক্তিত কেৱল সেইসকল খেলুৱৈকহে অন্তৰ্ভুক্ত কৰা হয় যিয়ে এবছৰত কমেও ৩খন টেষ্ট, ৮খন এদিনীয়া বা ১০খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল খেলিছে।
এইবাৰ কেন্দ্ৰীয় চুক্তিত স্থান লাভ কৰা খেলুৱৈৰ তালিকা-
এ প্লাছ কেটেগৰী- ৰোহিত শৰ্মা, বিৰাট কোহলী , যশপ্ৰীত বুমৰাহ , ৰবিন্দ্ৰ জাদেজা
এ কেটেগৰী- মহম্মদ ছিৰাজ, কে এল ৰাহুল, শুভমন গিল, হাৰ্দিক পাণ্ডিয়া, মহম্মদ শ্বামী, ঋষভ পন্ত
বি কেটেগৰী- সূৰ্য্যকুমাৰ যাদৱ, কুলদীপ যাদৱ, অক্ষৰ পেটেল, যশস্বী জয়ছৱাল, শ্ৰেয়াস আয়েৰ
চি কেটেগৰী- ৰিংকু সিং, তিলক বাৰ্মা, ৰুতুৰাজ গাইকোৱাড, শিৱম ডুবে, ৰবি বিষ্ণোই, ৱাশ্বিংটন সুন্দৰ, মুকেশ কুমাৰ, সঞ্জু চেমচন, আৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, ৰজত পাতিদাৰ, ধ্ৰুৱ জুৰেল, সৰফৰাজ খান, নীতিশ কুমাৰ ৰেড্ডী, ঈশান কিষাণ, অভিষেক শৰ্মা, আকাশ দীপ, বৰুণ চক্ৰৱৰ্তী, হৰ্ষিত ৰাণা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















