অসম লাইভ ২৪ঃ চিকিৎসা বিজ্ঞান সম্প্ৰতি ইমানেই অত্যাধুনিক আৰু বিস্তৃত ৰূপত প্ৰসাৰিত হৈছে যে ইয়াৰ জৰিয়তে সংঘটিত কিছু আশ্বয্যজনক খবৰ বিভিন্ন সময়ত পোহৰলৈ আহিছে৷ শেহতীয়াকৈ ব্ৰিটেইনত এনে এটা ঘটনা সংঘটিত হৈছে৷ ষ্টেফনী টেইলৰ নামৰ এগৰাকী ৩৩ বছৰীয়া মহিলাই জন্ম দিলে এটি অনলাইন বেবী৷ ইন্টাৰনেটৰ সহায় গৰ্ভধাৰণ কৰাৰ বাবে সন্তানটিৰ নাম ৰাখিলে ‘ই-বেবী’৷ গৰ্ভধাৰণৰ বাবে অনলাইনত স্পাৰ্ম ক্ৰয় কৰে মহিলাগৰাকীয়ে৷ ইউটিউবৰ তথ্যৰ সহায়ত ইনচেমিনেচন কিটৰ জৰিয়তে স্পাৰ্ম ব্যৱহাৰ কৰি প্ৰথম প্ৰয়াসতে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হয় ষ্টেফনী টেইলৰ৷ সম্প্ৰতি মহিলাগৰাকীয়ে এটি কন্যা সন্তানৰ জন্ম দিয়ে আৰু ছ’চিয়েল মিডিয়াযোগে যথেষ্ট সুখী বুলি উল্লেখ কৰে৷ নিজৰ সন্তানটিক real online baby আৰু miracle আখ্যা দিছে মাতৃগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ