ছত্তীশগড়ৰ বালৰামপুৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড। কোদৌৰা থানা এলেকাৰ চিটমা গাঁৱৰ অৰণ্যত এজন যুৱকৰ ছিন্নমু*ণ্ড উদ্ধাৰ হোৱাৰ পিছত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ পিছত ২৪ ঘণ্টাৰ ভিতৰতে এই হ*ত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিছে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এগৰাকী মহিলা আৰু তেওঁৰ স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে সদৰী কৰা অনুসৰি মৃত যুৱকজনৰ নাম ৱাছিম আনছাৰী। আৰক্ষীয়ে প্ৰথমে যুৱকজনৰ ক*টা মূৰ উদ্ধাৰ কৰে, আৰু ইয়াৰ পিছতে আৰক্ষীয়ে ৱাছিমৰ দেহৰ অন্য অংশও উদ্ধাৰ কৰে।
আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, ৱাছিমে হত্যাৰ অভিযুক্ত মহিলাগৰাকীক অহৰহ হাৰাশাস্তি কৰি আহিছিল। এই কথা মহিলাগৰাকীয়ে স্বামীক জনোৱাৰ পিছতে দুয়োজনে ৱাছিমক হ*ত্যাৰ পৰিকল্পনা কৰে। আৰক্ষীৰ মতে, ২ অক্টোবৰত মহিলাগৰাকীয়ে ফোন কৰি ৱাছিমক নিজৰ ঘৰলৈ মাতিছিল। অভিযোগ অনুসৰি, মহিলাগৰাকীৰ ঘৰত উপস্থিত হোৱাৰ পিছতে স্বামীৰ সৈতে মিলি ৱাছিমক কুঠাৰেৰে আক্ৰমণ কৰি হ*ত্যা কৰে।
ইপিনে মৃ*ত ৱাছিমৰ পৰিয়ালে এই হ*ত্যাকাণ্ডৰ আঁৰত অবৈধ সম্পৰ্ক নহয়, ভূমি বিবাদহে মূল কাৰণ বুলি অভিযোগ উত্থাপন কৰিছে। মৃতকৰ পত্নীয়ে দাবী কৰা মতে, বিবাদিত মাটিখিনি প্ৰায় ৮০ হাজাৰ টকাত লিজত দিয়া হৈছিল। এই মাটিক লৈয়ে হ*ত্যাকাণ্ড সংঘটিত হোৱা বুলি পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে। পৰিয়ালে ঘটনাটোৰ নিৰপেক্ষ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
ইতিমধ্যে ঘটনাৰ মূল অভিযুক্ত স্বামী-স্ত্ৰীক গ্ৰেপ্তাৰ কৰি জেৰা চলাই থকা হৈছে। হ*ত্যাকাণ্ডৰ প্ৰকৃত কাৰণ, ঘটনাৰ আঁৰৰ সকলো তথ্য আৰু আন কোনো লোক জড়িত আছে নেকি—সেই সকলো দিশ আৰক্ষীয়ে তদন্ত কৰি আছে। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে হ*ত্যাকাণ্ডৰ প্ৰকৃত কাৰণ সম্পূৰ্ণৰূপে স্পষ্ট হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















