মানুহেই কিছুমান মানুহক নিজৰ আদৰ্শ হিচাপে গণ্য কৰে আৰু কেতিয়াবা সেই লোকগৰাকীৰ জীৱনশৈলী অনুসৰণ কৰে। কিন্তু একাংশ লোকে এই সীমা অতিক্ৰম কৰি নিজৰে বিপদ মাতি আনে৷ কিছুদিন পূৰ্বে দক্ষিণৰ এগৰাকী অভিনেত্ৰীয়ে নিজৰ ৰূপ সলনি কৰিবলৈ অস্ত্ৰোপচাৰ কৰি মৃত্যুক সাৱটি লৈছিল৷ ইয়াৰ পিছতে ভাৰতীয় আন এগৰাকী অভিনেত্ৰীয়ে সৌন্দৰ্য বৰ্ধন কৰিবলৈ অস্ত্ৰোপচাৰ কৰি কিম্ভূতকিমাকাৰ ৰূপ লোৱাৰ বাতৰিয়ে সংবাদ শিৰোণাম দখল কৰিছিল৷
এইবাৰ পুনৰ তদ্ৰূপ বাতৰিয়ে সংবাদ শিৰোণাম দখল কৰিছে৷ পিছে এইবাৰৰ বাতৰিৰ উৎস ভাৰতৰ নহয়, বিশ্বৰ উন্নত দেশ আমেৰিকা আৰু ব্ৰাজিলৰহে ৷
এগৰাকী সুন্দৰী মডেলে বিশ্বৰে অন্যতম বিখ্যাত মডেল কিম কাৰ্দাছিয়ানৰ ৰূপ ল’বলৈ গৈ নিজৰ প্ৰকৃত ৰূপ লাৱণ্য আৰু পৰিচয় হেৰুৱাই কান্দোনত ভাগি পৰিছে৷ এই ব্ৰাজিলমূলীয় মডেলগৰাকী হৈছে জেনিফাৰ পেম্পলোনা৷
লগতে পঢ়ক নিউম’নিয়া কি? ইয়াৰ প্ৰকাৰ আৰু লক্ষণসমূহ কি কি?
জেনিফাই কিমৰ ৰূপ ল’বলৈ কিমান টকা খৰচ কৰিছিল সেয়া জানিলেতো আপোনাৰ চকু কপালতেই উঠিব৷ এই অস্ত্ৰোপচাৰৰ বাবে জেনিফাই ব্যয় কৰিছিল প্ৰায় ৫ কোটি টকা৷
এই সকলোবোৰ কৰাৰ পিছতো জেনিফাৰ পেম্পলোনাৰ মুখখন কিম কাৰ্দাছিয়ানৰ দৰে প্ৰায় অবিকল হৈ পৰিছিল৷ কিন্তু নিজৰ পৰিচয় হেৰুওৱাই এতিয়া তেওঁ ইয়াৰ বাবে অতিশয় বিচলিত হৈ নিজৰ পুৰণি মুখখন ঘূৰাই পাবলৈ হাহাকাৰ কৰিছে। ইয়াৰ বাবে জেনিফাৰ পেম্পলোনা পুনৰ বিশাল পৰিমাণৰ ধন খৰচ কৰিবলৈ সাজু হৈছে।
মডেল জেনিফাৰ পেম্পলোনাই কিম কাৰ্দাছিয়ানৰ ৰূপ ল’বলৈ প্ৰায় ৪০টা কচমেটিক চাৰ্জাৰী কৰিছিল। ইয়াৰ বাবে প্ৰায় ৫ কোটি টকা খৰচ কৰিছিল কিম জেনিফাৰ পেম্পলোনাই। কিন্তু এতিয়া জেনিফাৰ পেম্পলোনাই নিজৰ পুৰণি মুখখন ঘূৰাই পাব বিচাৰিছে। শেহতীয়াকৈ জেনিফাৰ পেম্পলোনাৰ আন এক অস্ত্ৰোপচাৰ কৰা হৈছে, যাৰ বাবে পুনৰ প্ৰায় ৮০ লাখ টকা খৰচ হৈছে। জেনিফাৰ পেম্পলোনাই আশা কৰিছে যে এতিয়া তেওঁ পূৰ্বৰ চেহেৰা পুনৰ লাভ কৰিবলৈ সক্ষম হ’ব।
লগতে পঢ়ক শ্ৰীলংকালৈ ভাৰতৰ সহায়ৰ হাত। শ্ৰীলংকালৈ ইন্ধন পঠিয়াব ভাৰতে
উল্লেখ্য যে মডেল জেনিফাৰ পেম্পলোনাৰ বয়স মাত্ৰ ২৯ বছৰ। সৰুতেই তেওঁ মুখৰ সৈতে বহুত পৰীক্ষা-নিৰীক্ষা কৰিছে। ইয়াৰ পূৰ্বে জেনিফাৰ পেম্পলোনাই কৈছিল যে মানুহে মোক মূৰ্খ বুলি ক’ব পাৰে, মোক প্ৰশ্ন কৰিব পাৰে। কিন্তু মই মোৰ গোটেই ৰূপটো সলনি কৰি আছো। ইয়াৰ পৰা বহুত অভিজ্ঞতা পাইছো আৰু শিকিছো। মই মোৰ জীৱনৰ উদ্দেশ্য পূৰণ কৰিব বিচাৰো।
জেনিফাৰ পেম্পলোনাই লগতে কৈছিল যে মই দেখিলো যে মই অস্ত্ৰোপচাৰৰ প্ৰতি আসক্ত হৈ পৰিছো। মই সুখী নাছিলোঁ। মুখত ফিলাৰ লগাই আছিলো। কৈশোৰ কালত যিকোনো ব্যক্তিৰ দৰে হ’বলৈ বিচাৰে। এইটো একপ্ৰকাৰৰ উন্মাদনা আৰু ইয়াক সলনি কৰাৰ প্ৰয়োজন আছে।
মন কৰিবলগীয়া যে জেনিফাৰ পেম্পলোনাই অস্ত্ৰোপচাৰৰ প্ৰতি আসক্ত হৈ পৰিছিল কাৰণ তেওঁ সদায় মডেল কিম কাৰ্দাছিয়ানৰ ৰূপ ল’ব খুজিছিল। সেয়ে তেওঁৰ এটাৰ পিছত এটাকৈ কেইবাটাও অস্ত্ৰোপচাৰ কৰা হৈছিল।
লগতে পঢ়ক প্ৰধানমন্ত্ৰীৰ এটা ফোন। মোদীৰ এটা টুইট
মডেল জেনিফাৰ পেম্পলোনাই জনোৱা মতে অস্ত্ৰোপচাৰ হোৱাৰ পিছতে তেওঁ মডেল কিম কাৰ্দাছিয়ানৰ হ’ব বুলি তেওঁ অতি সুখী আছিল। ইয়াৰ সহায়ত তেওঁ বহুত টকা উপাৰ্জন কৰিছিল, কিন্তু এতিয়া তেওঁক নিজৰ পৰিচয়ৰ অধিক প্ৰয়োজন। পেম্পেলোনাই এতিয়া বিচাৰে যে মানুহে তেওঁক তেওঁৰ নামেৰে চিনি পাওক।
জেনিফাৰ পেম্পলোনাই লগতে আৰু কয় যে মোৰ লুকটো দেখাৰ পিছত মানুহে মোক কিম কাৰ্দাছিয়ান বুলি মাতিবলৈ আৰম্ভ কৰিছিল, কিন্তু কেইদিনমানৰ পিছত মই ইয়াৰ দ্বাৰা বিৰক্ত হ’বলৈ আৰম্ভ কৰিছিলো। পঢ়া-শুনা আৰু কাম কৰি জীৱনত বহুতো খ্যাতি ধন সম্পদ অৰ্জন কৰিলো, কিন্তু তথাপিও মই মডেল কিম কাৰ্দাছিয়ানৰ পৰিচয় দিওঁ, মোৰ বৰ বেয়া লাগে। মই বিচাৰো মানুহে মোক মোৰ নামেৰে চিনি পাওক। মোৰ নিজৰ পৰিচয় আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ