দেশজুৰি তোলপাৰ লগোৱা ঘটনা, টুকুৰা টুকুৰ কৰি ছুটকেছত…
বেংগালুৰুত সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ দেশজুৰি তোলপাৰ লগাইছে। এটা ভয়ংকৰ হত্যাকাণ্ডৰ গোচৰ পোহৰলৈ আহিছে, য’ত এজন লোকে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। কেৱল সিমানেই নহয়স পত্নীক হত্যা কৰি স্বামীয়ে মৃতদেহটো টুকুৰা টুকুৰ কৰি ছুটকেছত ভৰাই থয়।
অভিযুক্ত মহাৰাষ্ট্ৰৰ ৰাকেশ। হত্যাকাণ্ডৰ পিছত ৰাকেশে নিজেই পত্নীৰ পিতৃ-মাতৃক ফোন কৰি এই ভয়ানক অপৰাধৰ বিষয়ে অৱগত কৰে।
মৃত মহিলাগৰাকীৰ নাম ৩২ বছৰীয়া গৌৰী অনিল সম্বেকাৰ। গৌৰীৰ সৈতে বাংগালুৰুত বাস কৰিছিল স্বামী ৰাকেশ। ব্যক্তিগত কোম্পানীত কাম কৰা ৰাকেশে ঘৰৰ পৰাই কাম কৰি আছিল।
মহাৰাষ্ট্ৰ আৰক্ষীৰ পৰা তথ্য লাভ কৰাৰ পিছতে ততাতৈয়াকৈ হুলিমাভু আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়।
ডিচিপি চাউথ-ইষ্টৰ মতে, স্বামী-স্ত্ৰীয়ে হুলিমাভু থানাৰ সীমাৰ অধীনত থাকিবলৈ আৰম্ভ কৰিছিল। দুয়োজনেই আছিল মহাৰাষ্ট্ৰৰ।
গৌৰীয়ে গণসংযোগ বিভাগত স্নাতক ডিগ্ৰী লাভ কৰি বৰ্তমান নিবনুৱা হৈ আছিল। আনহাতে, ৰাকেশ ব্যক্তিগত কোম্পানীত কাম কৰি ঘৰৰ পৰাই কাম কৰি আছিল। ঘৰৰ মালিক আৰু ওচৰ-চুবুৰীয়াৰ মতে, দুয়োৰে সঘনাই কাজিয়া হৈছিল।
সূত্ৰ অনুসৰি গৌৰীয়ে আনকি কেইবাবাৰো ৰাকেশৰ ওপৰত হাত উঠাইছিল। যাৰ বাবে এই কাজিয়াবোৰৰ ওপৰত ভিতৰি অধিক খং উঠি আছিল ৰাকেশৰ।
ঘটনাৰ পূৰ্বেও দুয়োৰে মাজত কাজিয়া হৈছিল। সেই কাজিয়া পিছলৈ তৰ্ক হৈ ইমানেই বাঢ়ি যায় যে খঙত ৰাকেশে গৌৰীৰ পেটত ছুৰীৰে আঘাত কৰে। তাৰ পিছত ডিঙি ৰেপি হত্যা কৰে।
হত্যাকাণ্ডৰ পিছত ৰাকেশে গৌৰীৰ মৃতদেহটো এটা ডাঙৰ ট্ৰেভেল ছুটকেছত ভৰাই বাথৰুমত থৈ পলায়ন কৰে। বহু তদন্তৰ অৱশেষত পুনেৰ পৰা আটক কৰিবলৈ সক্ষম হয় পত্নী হত্যাকাৰী ৰাকেশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ