অসম লাইভ২৪ঃ ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিত অৱনতি ঘটিলে প্রশাসনে চকু বন্ধ কৰি থাকিলে নহ’ব৷ বুধবাৰে মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ এই ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে৷ এই হিংসাত্মক পৰিস্থিতিক লৈ যাতে চকু বন্ধ কৰি নাথাকে সেই কথাও নিশ্চিতৰূপত জনাই দিছে উচ্চতম ন্যায়ালয়ে৷
মণিপুৰত হৈ থকা হিংসাত্মক পৰিস্থিতিত ক্ষতিগ্ৰস্থ ব্যক্তিসকলক প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে হ’লেও প্ৰশাসনে নিৰাপত্তা দিয়াটো প্ৰয়োজন বুলিও ৰায়ত উল্লেখ কৰিছে আদালতে৷ বুধবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড় নেতৃত্বাধীন বিচাৰপীঠে জনাই যে, উচ্চ ন্যায়ালয়ে ৰাজ্যৰ মেইতেই জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়া বিষয়টোত উচ্চতম ন্যায়ালয়ে কোনো মন্তব্য দিব নিবিচাৰে৷ এই বিষয়ত হস্তক্ষেপো কৰিব নিবিচাৰে উচ্চতম ন্যায়ালয়ে৷
কিন্তু উচ্চতম ন্যায়ালয়ে মণিপুৰত দেখা দিয়া হিংসাত্মক পৰিস্থিতিক লৈ দিয়া ৰায়দানত কয় যে, কুকিসহ অন্যান্য জনজাতিসকলে মণিপুৰ উচ্চ ন্যায়ালয়ৰ একক বেঞ্চৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ডিভিছন বেঞ্চত আবেদন কৰিব পাৰে৷ বুধবাৰে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়, পিএছ নৰছিমহা, আৰু জেবি পাৰদিওৱালাৰ বিচাৰপীঠে কয়, ‘আইনশৃংখলা ৰক্ষাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ৷ উচ্চতম ন্যায়ালয়ে কেৱল এই কথা নিশ্চিত কৰে যে, ৰাজনৈতিক প্ৰশাসকসকলে যেন এই পৰিস্থিতিত চকু বন্ধ কৰি নাথাকে৷’
মণিপুৰৰ পাহাৰীয়া অঞ্চলসমূহত জনজাতি অধ্যুষিত গাঁওসমূহত শান্তিৰক্ষাৰ বাবে ৰাজ্যপালৰ হাতত শান্তি শৃংখলা ৰক্ষাৰ দায়িত্ব অৰ্পণ কৰিছে৷ আদালতত দিয়া শপতনামাত মণিপুৰ চৰকাৰে জনাইছিল যে, হিংসাৰ বলি হোৱা ৪৬ হাজাৰ মানুহক নিৰাপদ স্থানলৈ ওলিয়াই অনা হৈছে৷ মণিপুৰৰ পৰা বাহিৰলৈ যাব লগা ৩ হাজাৰ মানুহক ৰাজ্যৰ বাহিৰলৈ যোৱাৰ বাবে সকলো ব্যৱস্থাই কৰি দিয়া হৈছে৷ বুধবাৰে উচ্চতম ন্যায়ালয়ে এই ৰিপোৰ্ট জমা দিছে মণিপুৰ চৰকাৰে৷
উল্লেখ্য যে মেইতেই সকলক জনজাতিৰ মৰ্যাদা দিবলৈ উচ্চ ন্যায়ালয়ে শুনানি দিয়াৰ পাছতেই উত্তপ্ত হৈ পৰিছিল মণিপুৰৰ পৰিস্থিতি৷ মণিপুৰত বৰ্তমান পৰ্যন্ত হিংসাত্মক ঘটনাত ৫০ জন লোকে প্ৰাণ হেৰুৱাইছে বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ