অসম লাইভ ২৪ঃ বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালত ক’ৰোনাৰ সংক্ৰমণ। পৰিয়ালটোৰ ১২জন সদস্য ক’ৰোনাত সংক্ৰমিত। মিজোৰামৰ প্ৰয়াত জিঅ’না ছানাৰ পৰিয়ালটোৰ ১২জন সদস্য সম্প্ৰতি ক’ৰোনাত আক্ৰান্ত। উল্লেখ্য, জিঅ’না ছানাৰ পৰিয়ালটো বিশ্বৰ সৰ্ববৃহৎ পৰিয়াল বুলি খ্যাত। পৰিয়ালটোত বৰ্তমান ১৬৬ গৰাকী সদস্য আছে। ইয়াৰে ৩৯গৰাকী জিঅ’না ছানাৰ পত্নী, ৯৪ জন সন্তান আৰু ৩৩ টা নাতি আৰু আজো-নাতি। যোৱা মাহত মৃত্যু হয় বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটোৰ মুৰব্বী জিঅ’না ছানাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















