অসম লাইভ২৪ঃ ভাৰতীয় বাসিন্দাসকল খুবেই দুখী মানুহ৷ বাংলাদেশৰ নাগৰিকতকৈয়ো ভাৰতীয়সকল দুখী৷ এইকথা আমি কোৱা নাই৷ ৰাষ্ট্ৰসংঘই দিয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য৷ ফিনলেণ্ডক এইবাৰো বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে স্বীকৃতি দিছে ৰাষ্ট্ৰসংঘই৷ ফিনলেণ্ডে একেৰাহে ছয়বাৰ সুখী দেশৰ তালিকাৰ শীৰ্ষত স্থান পাইছে৷ আনহাতে, যুদ্ধবিধ্বস্ত আফগানিস্তানৰ নাম এই বছৰ সুখী দেশসমূহৰ তালিকাৰ একেবাৰে তলত৷ ১৩৭ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১২৬। এই তালিকাত বাংলাদেশ, নেপাল, পাকিস্তান,আৰু শ্ৰীলংকাতকৈও পিছত আছে ভাৰতৰ স্থান।
ৰাষ্ট্ৰসংঘই ২০ মাৰ্চত আন্তৰ্জাতিক সুখ দিৱসৰ প্ৰাকমুহূৰ্তত প্ৰতি বছৰে সুখী দেশসমূহৰ তালিকা প্ৰকাশ কৰে। বিশ্ব সুখ প্ৰতিবেদন ২০২৩ মুকলি কৰা হৈছে। ফিনলেণ্ডে ১৩৭ খন দেশৰ ভিতৰত একেৰাহে ষষ্ঠবাৰৰ বাবে তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে। সুখী দেশৰ তালিকাত ফিনলেণ্ডৰ পিছত ডেনমাৰ্ক আৰু আইচলেণ্ড ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। চতুৰ্থ স্থানত আছে ইজৰাইল আৰু পঞ্চম স্থানত নেদাৰলেণ্ড। ছুইডেন(ষষ্ঠ), নৰৱে(সপ্তম), চুইজাৰলেণ্ড(অষ্টম), লাক্সেমবাৰ্গ (৯ম) আৰু নিউজিলেণ্ড(১০ম) শীৰ্ষ ১০ খন সুখী দেশৰ ভিতৰত আছে।
এই বছৰৰ সুখী দেশসমূহৰ তালিকাত কানাডা ১৩, আমেৰিকা যুক্তৰাজ্য ১৫ আৰু ব্ৰিটেইন ১৯ নম্বৰ স্থানত আছে। যুদ্ধবিধ্বস্ত ইউক্ৰেইন আছে ৯২ সংখ্যক স্থানত৷ ৰাছিয়া আছে ৭০ তম স্থানত। দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত নেপাল ৭৮ তম স্থানত আছে। সেইদৰে, পাকিস্তানে ১০৮, শ্ৰীলংকা ১১২ আৰু ভাৰত ১২৬ নম্বৰ স্থানত আছে। বাংলাদেশৰ স্থান ১১৮। সুখী দেশবোৰৰ তালিকাত মানুহৰ সুখৰ নিজা মূল্যাঙ্কনৰ লগতে শূন্যৰ পৰা ১০ লৈ সূচকৰ সংখ্যা, অৰ্থনৈতিক আৰু সামাজিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি উলিওৱা হয়। ইয়াৰ উপৰিও ব্যক্তিস্বাধীনতা, জিডিপি আৰু প্ৰতিখন দেশৰ জনসাধাৰণৰ দুৰ্নীতিৰ স্তৰো বিবেচনা কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ