বিশ্বৰ সৰ্ববৃহৎ উদ্ভিদ। পানীৰ তলত গজা সৰ্ববৃহৎ উদ্ভিদ বিধ পশ্চিম অষ্ট্ৰেলিয়াৰ এজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছে। প্ৰচিডিংছ অৱ দ্য ৰয়েল ছ’চাইটি বি (Proceeding of the Royal Society B)ত প্ৰকাশিত শ্বাৰ্ক বে’ত আৱিষ্কাৰ কৰা এই উদ্ভিদবিধ ২০০ বৰ্গ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত বুলি ধাৰণা কৰা হৈছে।
গ্লাছগো চহৰতকৈ অলপ ডাঙৰ এই উদ্ভিদ বিধ। মানহাটান দ্বীপৰ ৩ গুণতকৈয়ো অধিক ২০ হাজাৰ ৰাগবী খেলপথাৰত এই উদ্ভিদবিধৰ আৱিষ্কাৰ কৰা হৈছে।
গৱেষকসকলে জানিব দিয়া অনুসৰি এই আৱিষ্কাৰটো এটা দুৰ্ঘটনাবশত ঘটনাৰ প্ৰতিফলন।
লগতে পঢ়ক দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীক গ্ৰেপ্তাৰ, ৰাহুল-ছোনিয়া গান্ধীলৈ EDৰ চমন
জিনিঅ’ (Genetic Testing) পৰীক্ষা চলাই থকাৰ সময়ত উদ্ভিদবিধৰ ওপৰত উজুটি খাই পৰাৰ পাছত প্ৰথমে বিশাল সাগৰীয় ঘাঁহনিত দেখা গৈছিল যদিও এটা বীজৰ পৰা বিয়পি পৰে এই উদ্ভিদ বিধ।
প্ৰায় ৪,৫০০ বছৰ পুৰণি ১৮০ কিলোমিটাৰ দৈৰ্ঘৰ এই উদ্ভিদবিধ অষ্ট্ৰেলিয়াত বিশ্বৰ সৰ্ববৃহৎ উদ্ভিদ হিচাপে আৱিষ্কাৰ কৰিছে গৱেষকসকলে।
গৱেষকৰ অধ্যয়ন অনুসৰি এই উদ্ভিদটো ‘Posidonia Australis’ সাগৰীয় ঘাঁহৰ একক ক্ল’ন আৰু পৃথিৱীৰ যিকোনো পৰিৱেশৰ ক্ল’নৰ ই আটাইতকৈ ডাঙৰ উদাহৰণ।
৮,৫০০ বছৰতকৈয়ো কম সময়ৰ পূৰ্বে শ্বাৰ্ক বে অঞ্চলত প্লাৱিত হোৱাৰ পাছত ই গভীৰ পানীত উৎপন্ন হয় বুলি ধাৰণা কৰিছে গৱেষকসকলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ