১০৩ কোটি টকাৰ সোণৰ বাহনত ঘূৰি ফুৰা এজন ৰজা, গেৰেজত আছে ৭০০০খন বিলাসী গাড়ী
এই পৃথিৱীত ধনী মানুহৰ অভাৱ নাই, যাৰ হাতত টকা আছে, সেই লোকে নিজৰ অদ্ভুত চখৰ বাবেও বিশ্বতে জনপ্ৰিয় হৈ পৰে। তেনেই এগৰাকী বিলাসী চখ থকা লোক আছে, যিয়ে নিজৰ বাহনখনো সোণেৰে নিৰ্মাণ কৰি লৈছে।
সেই লোকগৰাকীয়েই হৈছে ব্ৰুনাইৰ চুলতান হাছান বলকিয়া। বিশ্বৰ আটাইতকৈ ধনী চুলতানৰ তালিকাত অন্তৰ্ভুক্ত হৈছে চুলতান হাছানৰ নাম। তেখেতৰ গাড়ীৰ প্ৰতি ইমানেই আকৰ্ষণ হয়তো আজিলৈ কাৰোৰে হোৱা নাই।
এই চুলতানৰ গেৰেজত আছে ৭০০০ খন গাড়ী , য’ত ৫০০খন ৰ’লছ ৰয়েচ, ৩০০ ফেৰাৰী, বেণ্টলি আৰু মাৰ্চিডিজ বেঞ্জৰ দৰে গাড়ী । আনকি তেখেতৰ সোণালী জেট আৰু ছাদবিহীন বাহনো আছে। কেৱল এয়াই নহয়, তেওঁৰ ৰাজপ্ৰসাদো সোণেৰে আবৃত।
ব্ৰুনাইৰ চুলতান হাছানাল বলকিয়াৰ বহুকেইখন ছুপাৰ বিলাসী গাড়ীও আছে। ৰ’লছ ৰয়েচ, ফেৰাৰী, মাৰ্চিডিজ, অ’ডি, বিএমডব্লিউ আৰু বেণ্টলিকে ধৰি বহু বিলাসী গাড়ী অন্তৰ্ভুক্ত আছে। পাছে তেওঁ সততে যিখন বিশেষ বাহনত ঘূৰে সেি বাহনখনত সোণৰ আৱৰণ দিয়া আছে।
যেতিয়া ৰজাই এই বাহনখন লৈ ৰাজপথলৈ লৈ ওলাই তেতিয়া এই বাহনখন চাবলৈও বহু মানুহ আহে। এই গাড়ীখনৰ আন এটা বিশেষত্ব হ’ল ইয়াৰ ওপৰত প্ৰকাণ্ড চত্ৰ তথা ছাতি আছে, যাৰ তলতেই ৰজাই বহি যাত্ৰা কৰে।
চুলতান হাছানৰ হাততে পৃথিৱীৰ ভিতৰতে আটাইতকৈ দামী আৰু অনন্য গাড়ীৰ সংকলন আছে, আন কোনো ধনী মানুহৰ হাতত আজিলৈকে এনেকুৱা গাড়ীৰ সংকলন নাই। বিশেষ কথাটো হ’ল তেওঁলোকৰ বিলাসী গাড়ী ৰখাই থোৱা ঠাইখনো সম্পূৰ্ণ এয়াৰ কণ্ডিচনাৰ।
১০৩ কোটি টকাৰ সোণৰ আৱৰণযুক্ত ৰ’লছ ৰয়েছৰ উপৰি ৰজাৰ ফ্লাইং পেলেচ নামৰ এখন বিমানো আছে, যাৰ মূল্য ২৯৬৯ কোটি টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ