বিশ্বৰ সবাতোকৈ সৰু পেছমেকাৰ, আকাৰ এটা চাউলতকৈয়ো সৰু
আমেৰিকাস্থিত নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে কৰি দেখুৱাইছ এক আশ্বৰ্য। প্ৰস্তুত কৰিলে বিশ্বৰ আটাইতকৈ সৰু পেচমেকাৰ। যাৰ আকাৰ এটা চাউলতকৈয়ো সৰু। একোটা তিলৰ সমান এই পেচমেকাৰ।
এই পেছমেকাৰ মানৱ শৰীৰত বহুৱাবৰ বাবে প্ৰয়োজন নাই কোনো অপাৰেচনৰ। চিৰিঞ্জৰ জৰিয়তে মানৱ শৰীৰত ফিট কৰিব পৰা যাব এই পেছমেকাৰ।
ইয়াৰ আকাৰ মাত্ৰ ১.৮ মিলিমিটাৰ বহল আৰু ৩.৫ মিলিমিটাৰ দীঘল , লগতে এক মিলিমিটাৰ ডাঠ এই ক্ষুদ্ৰ যন্ত্ৰটো ইমানেই সৰু যে, ই এটা চাউলৰ দানাতকৈও অধিক সৰু। সৰু হ’লেও ই সম্পূৰ্ণ আকাৰৰ পেচমেকাৰৰ দৰেই কাম কৰিব।
https://x.com/ProfJohnARogers/status/1907474875113156627
ইয়াক নিৰ্মাণ কৰা বিজ্ঞানিকসকলে কয় যে ই জন্মগতভাৱে হৃদযন্ত্ৰৰ বিসংগতি থকা নৱজাতকৰ সৰু, সুক্ষ্ম হৃদযন্ত্ৰৰ বাবে অধিক উপযোগী।
এই নতুন যন্ত্ৰটোৰ আঁৰৰ আমেৰিকাৰ নেতৃত্বত গৱেষকৰ দলটোৱে কয় যে ইয়াৰ লক্ষ্য হৈছে জন্মগতভাৱে হৃদযন্ত্ৰৰ বিসংগতি থকা শিশুক সহায় কৰা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ