কমেডী কুইন ভাৰতী সিঙৰ অৱসৰৰ কথা ঘোষণা, সময় পৰ্যন্ত দিলে ধৰি
ভাৰতৰ কমেডী কুইন খ্যাত ভাৰতী সিঙক চিনি নোপোৱা মানুহ হয়তো খুবেই কম ওলাব। ভাৰতীৰ কমেডী টাইমিং, বিশেষকৈ নিজৰ ওপৰত কৰা কমেডীয়ে দৰ্শকক আপ্লুত কৰি আহিছে। এগৰাকী হাস্যৰসিকৰ লগতে ঘোষিকা হিচাপেও ভাৰতী জনপ্ৰিয়।
পাছে শেহতীয়াকৈ ভাৰতী সিঙে এক চাঞ্চল্যকৰ কথা সদৰি কৰিছে। অৱসৰৰ পৰিকল্পনাক লৈ ভাৰতীয়ে ডাঙৰ কথা প্ৰকাশ কৰিছে।
ভাৰতী সিঙে এতিয়া বিশ্ববাসীৰ আগত প্ৰকাশ কৰিছে যে তেওঁ আৰু কেইবছৰমানৰ পিছতে এই উদ্যোগটো এৰিব।
ভাৰতীয়ে প্ৰকাশ কৰে যে, স্বামী হৰ্ষক কৈছে যে তাই আৰু কাম কৰিব নিবিচাৰে। কাম এৰি ৮-১০ বছৰৰ পিছত পুত্ৰৰ সৈতে বিদেশ ভ্ৰমণলৈ যাব বিচাৰে। পুত্ৰ গোলাৰ সৈতে বিভিন্ন দেশ ভ্ৰমণ কৰিব বিচাৰে ভাৰতীয়ে।
বৰ্তমান ভাৰতী আৰু হৰ্ষৰ পুত্ৰ গোলাৰ বয়স ৩ বছৰ, তেতিয়ালৈকে গোলাৰ বয়স ১৩ বছৰ হ’ব। এনে পৰিস্থিতিত ভাৰতীৰ স্বামী হৰ্ষে প’ডকাষ্ট কৰিব আৰু আনহাতে ভাৰতী পুত্ৰৰ সৈতে ছুইজাৰলেণ্ডলৈ যাত্ৰা কৰিব।
এতিয়া ভাৰতীৰ এই বক্তব্যৰ পিছতে অনুৰাগীসকল দুখিত হৈ পৰিছে। আচলতে অতি দৰিদ্ৰ পৰিয়ালৰ পৰা অহা ভাৰতীয়ে বহু সৰুৰে পৰাই কাম কৰি আহিছে, পৰিয়াল পোহপাল দি আহিছে। যাৰ বাবে ভাৰতীয়ে নিজৰ যৌৱন কাল কোনোদিনে উপভোগ কৰিব নাপালে।
কোনোদিনে নিজকে এগৰাকী যুৱতী বুলি মানিয়ে নাপালে ভাৰতীয়। সদায়ে নিজকে এগৰাকী মহিলা মানি আহিছে, যাৰ ওপৰত কেৱল দায়িত্ব । সেয়ে এতিয়া কষ্টৰ ফলত সেই সকলো সমস্যাৰ সমাধান কৰি সফল হবলৈ সক্ষম হৈছে ভাৰতী।
যাৰ বাবেই আৰু কেইবছৰমান পিছতে কাম এৰি কেৱল পৰিয়ালক সময় দিব বিচাৰে ভাৰতীয়ে। পুত্ৰৰ সৈতে জীৱনটো জীয়াব খোজে ভাৰতৰ জনপ্ৰিয় কমেডীয়ান গৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ