জুবিন ক্ষেত্ৰত বান্ধি দিয়া নিয়মাৱলীক লৈ সাহিত্যিক ৰীতা চৌধুৰীয়ে দিছে বিশেষ ফেছবুক পোষ্ট৷ ফেছবুক পোষ্টযোগে ৰীতা চৌধুৰীয়ে এই সিদ্ধান্তক আকৌ এবাৰ চালিজাৰি চাবলৈ আহ্বান জনাই লিখিছে-
মাননীয় মুখ্যমন্ত্ৰী মহোদয়,
কেতিয়াবা আপোনাক পৰিবেষ্টিত কৰি ৰখা আপোনাৰ শুভাকাংক্ষীসকলে, সাধাৰণতে যিসকলৰ বেছিভাগেই তোষামোদকাৰী, তেওঁলোকে পৰিস্থিতিৰ যথাযথ ছবিখন অনুধাৱন কৰিব নোৱাৰি, প্ৰকৃত ছবিখন তুলি ধৰিব নোৱাৰিবও পাৰে৷ সিদ্ধান্তবোৰ লওঁতে সেয়েহে ভুল হোৱাৰ সম্ভাৱনা থাকে৷
জুবিনক ভাল পোৱা সকলোৱে ’জুবিন ক্ষেত্ৰ’লৈ দিনত আহিবলৈ সময় নাপাবও পাৰে৷ দিন হাজিৰা কৰাৰ পৰা জীৱিকাৰ বিভিন্ন ক্ষেত্ৰত ব্যস্ত থাকে মানুহবোৰ৷ সেয়েহে টোপনি আৰু জিৰণি বিসৰ্জন দি দূৰ দূৰণিৰ পৰা আহে৷ কিছুমানে বাৰে বাৰে আহে৷ জুবিনৰ প্ৰতি তেওঁলোকৰ ভালপোৱাৰ জোখ লোৱা অসম্ভৱ৷ অগণন মানুহে জুবিনক হঠাতে হেৰুৱাই যি মানসিক কষ্ট পাইছে, তাৰ পৰা আজিলৈকে ওলাব পৰা নাই (তাৰ ভিতৰত ময়ো আছোঁ)।
সমাজৰ অভিভাৱকসকলে মানুহৰ সেই কষ্টৰ উপশমৰ বাট বিচৰাৰহে সময় এয়া৷ তাৰ সলনি ‘জুবিন ক্ষেত্ৰ’ত প্ৰৱেশৰ বাবে দিয়া বাধা-নিষেধে জুবিনক ভাল পোৱা ল’ৰা-ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব পাৰে৷ আত্মহননৰ পৰা বিদ্ৰোহলৈ— যিকোনো ঘটনা ঘটিব পাৰে৷ জনজাতিপ্ৰধান ৰাজ্য খনৰ বিভিন্ন পৰম্পৰাৰ কথাও আমি শ্ৰদ্ধাসহকাৰে লাগিব। একেদৰে আইন-শৃংখলা ৰক্ষাৰ দায়িত্বও প্ৰশাসনৰ আছে।
মই এজন দায়িত্বশীল লেখক আৰু মাতৃ৷ মাত মতাটো অতি জৰুৰী বুলি যেতিয়া ভাব হয় তেতিয়া মাত এষাৰ দিওঁ৷ যি কওঁ সঠিক বুলি আৰু ময়ো কোৱাৰ প্ৰয়োজন আছে বুলি নিজে পতিয়ন যোৱা কথাহে কওঁ৷ ঢৌত উটি, আনৰ নিৰ্দেশনা শুনি নকওঁ৷ এই জটিল সময়ত সকলো ধৰণৰ ভয় ভাগি যোৱাকৈ বিষয়বোৰ আৰু বেছি জটিল কৰি নেপেলোৱাটোৱেই এই মুহূৰ্তত সঠিক সিদ্ধান্ত হ’ব বুলি ভাবোঁ৷ আপুনি এজন পৰিপক্ক ৰাজনীতিক৷ এবাৰ ভাবি চাব বুলি আশা কৰিলোঁ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ