আজিৰে পৰা আৰম্ভ আই চি চিৰ সৰ্ববৃহৎ প্ৰতিযোগিতা, মুঠ ১৩১খন খেলৰ আজি প্ৰথম খেল
আজিৰে পৰা আৰম্ভ হ’ব আই চি চিৰ সৰ্ববৃহৎ প্ৰতিযোগিতা। আজি ১৭ জুনৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ আৰম্ভ। এই প্ৰতিযোগিতাত মুঠ ১৩১ খন খেল খেলা হব, তাৰে আজি প্ৰথমখন ছিৰিজ আৰম্ভ হ’ব শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত।
আন এক কাৰণত এই খেল অতিকে বিশেষ, কাৰণ এই টেষ্ট মেচখন শ্ৰীলংকাৰ কিংবদন্তি অল ৰাউণ্ডাৰ এঞ্জেলো মেথিউছৰ শেষ টেষ্ট মেচ হ’ব। এই মেচৰ পিছত ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটটোক বিদায় দিব মেথিউছে।
এইবাৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ চক্ৰত মুঠ ১৩১খন খেল অনুষ্ঠিত হ’ব। য’ত অষ্ট্ৰেলিয়াই সৰ্বাধিক মেচ খেলিবলৈ ওলাইছে।
এইবাৰ অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড দলে ২০২৫-২৭ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক মেচ খেলিবলৈ ওলাইছে। এইবাৰ অষ্ট্ৰেলিয়াৰ দলে ২২খন আৰু ইংলেণ্ডৰ দলে ২১খন টেষ্ট মেচ খেলিব। অষ্ট্ৰেলিয়াৰ দলে ৱেষ্ট ইণ্ডিজৰ সৈতে টেষ্ট শৃংখলাৰ জৰিয়তে ডব্লিউ টি চিৰ নতুন চক্ৰ আৰম্ভ কৰাৰ বিপৰীতে ইংলেণ্ডৰ দলে ২০ জুনৰ পৰা ভাৰতীয় দলৰ সৈতে ৫খন মেচৰ টেষ্ট শৃংখলাৰ জৰিয়তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ অভিযান আৰম্ভ কৰিবলৈ ওলাইছে।
এইবাৰ ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ চক্ৰত মুঠ ১৮খন খেল খেলিবলৈ গৈ আছে। য’ত টিম ইণ্ডিয়াই বিদেশত ৯খন আৰু ঘৰুৱা ক্ষেত্ৰত ৯খন খেল খেলিব লাগিব। বৰ্তমান টিম ইণ্ডিয়া ইংলেণ্ড ভ্ৰমণত আছে, য’ত দুয়োটা দলৰ মাজত ৫খন মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ