ক’ৰোনা ভাইৰাছৰ শেহতীয়া মাৰাত্মক ষ্ট্ৰেইন ‘নিয়’কভ’ চিনাক্ত৷ ‘নিয়’কভ’ক লৈ বিশ্ববাসীলৈ বিশেষ সতৰ্কবাণী প্ৰেৰণ কৰিছে চীনৰ বিজ্ঞানীয়ে৷ কোভিডৰ সকলো ষ্ট্ৰেইনতকৈ ভয়াৱহ এই শেহতীয়া ষ্ট্ৰেইন৷
গৱেষণা অনুসৰি, নিয়’কভে মাৰ্চকভৰ সৈতে সংযুক্ত হৈ উচ্চ মৃত্যুৰ সংক্ৰমণৰ হাৰবিশিষ্ট লক্ষণ কঢ়িয়াই আনিছে৷ আক্ৰান্ত ৩ জনৰ ভিতৰত গড়ে এজন লোকৰ মৃত্যু হৈছে ‘নিয়’কভ’ আক্ৰান্ত ব্যক্তিৰ৷ এই মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে পৰ্যাপ্ত নহয় কোভিড ভেকচিন অথবা বুষ্টাৰ ড’জ৷
শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে এই তথ্য৷ গৱেষণা পত্ৰ প্ৰকাশ পাইছে bioRxiv নামৰ ৱেবচাইটত৷ নিয়’কভ ভাইৰাছ পূৰ্বে মধ্যপ্ৰাচ্যৰ দেশসমূহত ২০১২ আৰু ২০১৫ চনত সংক্ৰমিত হৈছিল৷ বিভিন্ন দিশৰ পৰা এই ভাইৰাছ কোভিড-১৯ ৰ সৈতে সাদৃশ্যযুক্ত৷ দক্ষিণ আফ্ৰিকাত প্ৰাদুৰ্ভাৱ হোৱা এই ভাইৰাছ বিশেষকৈ সংক্ৰমিত হৈছিল জীৱ-জন্তুৰ দেহত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ